ডিব্ৰু - শদিয়া ৰেলৱেৰ ইতিহাস
অসমৰ প্ৰথম ৰেল ষ্টেচন, ডিব্ৰু-শদিয়া ৰেলৱেৰ অন্তৰ্গত, যি ডিব্ৰুগড়ৰ মোহনামুখৰ পৰা জয়পুৰলৈ যোৱা পথত অৱস্থিত আছিল। ডিব্ৰু-শদিয়া ৰেলৱে আছিল ব্ৰিটিছ অসমৰ প্ৰথম ৰে'লৱে প্ৰতিষ্ঠান, যিটো ১৮৮২ চনত স্থাপন কৰা হৈছিল। এই মিটাৰগজ ৰে'লপথটো মূলত চাহ আৰু কয়লা, লগতে যাত্ৰী পৰিবহণৰ বাবে নিৰ্মাণ কৰা হৈছিল। ১৮৮২ চনৰ ১ মে’ তাৰিখে এই পথত প্ৰথমবাৰ ৰেল চলাচল আৰম্ভ হয়। বেৰী হোৱাইটৰ "আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী"য়ে এই প্ৰকল্পটোৰ উদ্যোগ লৈছিল।
চাহ, কয়লা আৰু যাত্ৰী পৰিবহণৰ উদ্দেশ্যে জন বেৰী হোৱাইটৰ উদ্যোগত গঠিত “আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী”ই এই ৰেলপথ নিৰ্মাণ কৰিছিল। ১৮৮৩ চনৰ ১৬ জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ ৪০ মাইল দীঘল পথ সম্পূৰ্ণ হোৱাত ৰেল চলাচল আনুষ্ঠানিকভাৱে আৰম্ভ হয়। পাছলৈ, ১৯৪৫ চনত ডিব্ৰু-শদিয়া ৰেলৱেক “বেংগল আসাম ৰেলৱে”-ৰ সৈতে একত্ৰিত কৰা হয়।
১৮৭০ দশকত, তত্কালীন অবিভক্ত ডিব্ৰুগড় জিলাত প্ৰায় ৬০খন চাহবাগিচা আছিল। সেই সময়ত এই চাহ, যন্ত্ৰপাতি, ৰচদ সামগ্ৰী আৰু কয়লা পৰিবহণ সহজ কৰাৰ উদ্দেশ্যে এজন চাহ খেতিয়ক আৰু অৱসৰপ্ৰাপ্ত সেনা বিষয়া বেৰী হোৱাইটে নেৰ’গজ ৰেলপথ স্থাপন কৰিবলৈ চৰকাৰক আবেদন জনায়। ভাৰত চৰকাৰে সেই প্ৰস্তাৱ অনুমোদন কৰাত, হোৱাইটে লণ্ডনলৈ গৈ এজন কোম্পানী পঞ্জীয়ন কৰে। কিন্তু, শেয়াৰ বিক্ৰিৰ সময়ত লোকসাধাৰণৰ সঁহাৰি নোপোৱাত কোম্পানীটো বৃহৎ ক্ষতিত পৰে আৰু শেষত সেই উদ্যোগ বন্ধ হৈ যায়।
পিছত খ্যাতনামা ৰেলপথ নিৰ্মাণ অভিযন্তা বেঞ্জামিন পিয়াৰ্চিয়ে তেওঁৰ ভাই ৰবাৰ্ট পিয়াৰ্চি আৰু এডুৱাৰ্ড উইলচনক উজনী অসমৰ ভূমি পৰ্যবেক্ষণৰ বাবে পঠায়। তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে ১ মিটাৰ বহল ৰেলপথ নিৰ্মাণৰ লগতে কয়লা উৎপাদনৰ অনুমোদন দিয়ে। এই পৰিকল্পনাত বেঞ্জামিন পিয়াৰ্চিয়ে আগবাঢ়িবলৈ সম্মতি জনায়। ফলস্বৰূপে, ১৮৮১ চনৰ ৩০ জুলাই তাৰিখে “আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী” গঠন কৰি ৰেল নিৰ্মাণ কাৰ্য আৰম্ভ হয়। ১৮৮২ চনৰ ১ মে’ তাৰিখে ডিব্ৰুগড়ৰ পৰা জয়পুৰ ৰোডলৈ প্ৰথম ৰেল ইঞ্জিন চলা আৰম্ভ হয়। তাৰপিছত মাকুম অভিমুখে ৰেলপথ নিৰ্মাণ সম্পূৰ্ণ হোৱাত, ১৮৮৩ চনৰ ১৬ জুলাইৰ পৰা ডিব্ৰুগড়-মাকুম ৰেল সংযোগ স্থাপন কৰা হয়।
ৰবাৰ্ট পিয়াৰ্চিৰ মত অনুসৰি, লিডু কয়লাখনিৰ গুৰুত্ব বৃদ্ধি পোৱাত মাকুমৰ পৰা বুঢ়ীদিহিংলৈ ৰেলপথ বিস্তাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰীত দিহিং নৈৰ ওপৰত নিৰ্মিত কাঠৰ দলঙৰ মাজেৰে এখন বিশেষ ৰেল ডিব্ৰুগড়ৰ পৰা লিডুলৈ যাত্ৰা কৰে। আনহাতে, মাকুমৰ পৰা চৈখোৱাঘাটলৈ শাখাপথ নিৰ্মাণৰ কামো একেলগে চলি আছিল। সেই বছৰৰ ২ মে’ তাৰিখে ডুমডুমালৈ ৰেল চলাচল আৰম্ভ হয়। তাৰপিছত ১৮৮৫ চনত তালাপলৈ আৰু ১৯০৯ চনত চৈখোৱাঘাটলৈ এই ৰেলপথ বিস্তাৰিত কৰা হয়।
১৯৪২ চনৰ ৰেল মানচিত্ৰ অনুসৰি, মুখ্য ৰেলপথটো ডিবৰুমুখৰ পৰা আৰম্ভ হৈ লিডুত শেষ হৈছিল। এই পথৰ মুখ্য ষ্টেচন আছিল — ডিব্ৰুগড়, চাবুৱা, তিনিচুকীয়া, মাকুম, ডিগব, মাৰ্ঘেৰিটা আৰু লিডু। মাকুম জংচনৰ পৰা আন এটা শাখা পথ চৈখোৱাঘাটলৈ গৈছিল, যাৰ মুখ্য ষ্টেচন আছিল — বৰা-হাপজান, ডুমডুমা, তালাপ, ডাঙৰী আৰু চৈখোৱাঘাট। ১৯০৩ চনত আসাম বেংগল ৰেলৱে তিনিচুকীয়ালৈ ৰেলপথ সম্প্ৰসাৰণ কৰাত, তিনিচুকীয়া ষ্টেচন ডিব্ৰু-শদিয়া ৰেলৱে আৰু আসাম বেংগল ৰেলৱেৰ জংচন ষ্টেচনলৈ ৰূপান্তৰিত হয়। লগতে, মাৰ্ঘেৰিটাৰ পৰা নামদাংলৈ আৰু লিডুৰ পৰা টিপংপানী কয়লাক্ষেত্ৰলৈ পৃথক ৰেলপথ নিৰ্মাণ কৰা হৈছিল।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments