ভাৰতৰ উদযাপন কৰা ঋতুস্ৰাৱ সম্পৰ্কীয় উৎসৱসমূহৰ বিষয়ে জানোঁ আহক!
ঋতুস্ৰাৱৰ সময়ত নাৰীক অপৱিত্ৰতা বুলি গণ্য কৰে। কিন্তু ইয়াক অপবিত্রতা হিচাপে গণ্য নকৰি, নাৰীত্ব, উৰ্বৰা শক্তি আৰু প্ৰকৃতিৰ সৃষ্টিশীলতাৰ প্ৰতীক হিচাপে স্বীকাৰ কৰা কেইবাটাও ঐতিহাসিক আৰু সাংস্কৃতিক উৎসৱ ভাৰতত পালন কৰা হয়।
ৰাজা পৰ্ব (ওড়িশা):
ঋতুস্ৰাৱ উদযাপন কৰা ভাৰতৰ আটাইতকৈ বিখ্যাত উৎসৱ। প্ৰতি বছৰে বাৰিষাৰ আগমনৰ সময়ত তিনিদিন ধৰি পালন কৰা এই উৎসৱত বিশ্বাস কৰা হয় যে পৃথিৱী বা ভূদেৱীয়ে ঋতুস্ৰাৱৰ মাজেৰে পাৰ হয়।এই সময়ত ভূমিত কোনো ধৰণৰ কৃষি কাৰ্য কৰা নহয়। নাৰীসকলক ঘৰুৱা কামৰ পৰা সম্পূৰ্ণ জিৰণি দিয়া হয়।
অম্বুবাচী মেলা(গুৱাহাটী,অসম)
গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত এই তিনিদিনীয়া উৎসৱ অনুষ্ঠিত হয়। হিন্দু পৌৰাণিক বিশ্বাস অনুসৰি, এই সময়ছোৱাত কামাখ্যা দেৱী ঋতুস্ৰাৱ হয়। মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয় আৰু চতুৰ্থ দিনা এক বিশেষ স্নান আৰু পূজাৰ পিছত ধৰ্মীয় পৰম্পৰা আৰম্ভ হয়।এই চাৰিদিনীয়া অনুষ্ঠানত দেশ-বিদেশৰ পৰা অগণন সাধু-সন্ত আৰু তান্ত্ৰিকসকলে মন্দিৰৰ চৌহদত উপস্থিত হয়।
'আমা পেচী' (ত্ৰিপুৰা)
এই উৎসৱটো হৈছে খাচী, ত্ৰিপুৰী বা ককবৰক জনগোষ্ঠীৰ এক পৱিত্ৰ পৰম্পৰা। ই পৃথিৱী বা ধৰিত্ৰী মাতৃৰ ঋতুস্ৰাৱ বা ৰক্তক্ষৰণৰ সময়ক সূচায়। এই সময়ত ১৫ দিনলৈকে খেতিৰ মাটি চহোৱা বা মাটি খন্দা সম্পূৰ্ণৰূপে নিষিদ্ধ থাকে।
এই উৎসৱ সাধাৰণতে আহাৰ মাহৰ শুক্লা অষ্ঠমী তিথিত আৰম্ভ হয়। আমা পেচী শেষ হোৱাৰ ঠিক ১৫ দিনৰ পিছত পৱিত্ৰ খাৰচী পূজা অনুষ্ঠিত হয়। এই পূজাত ১৪ জন দেৱ-দেৱী আৰু ধৰিত্ৰী মাতৃৰ আৰাধনা কৰা হয় যাতে ধৰিত্ৰীৰ ঋতুস্ৰাৱজনিত সকলো ধুই-পখালি পৱিত্ৰ কৰি তুলিব পাৰি।
থ্ৰিপ্পুথু(কেৰেলা)
কেৰালাৰ ছেংগান্নুৰ মহাদেৱ মন্দিৰত পালন কৰা ত্ৰিপ্পুথু এক অনন্য আৰু পবিত্ৰ উৎসৱ। বিশ্বাস অনুসৰি, দেৱী পাৰ্বতী/ভগৱতীৰ ঋতুস্ৰাৱ আৰম্ভ হ'লে মন্দিৰৰ গৰ্ভগৃহ তিনিদিনৰ বাবে বন্ধ ৰখা হয়। চতুৰ্থ দিনা বিশেষ শোভাযাত্ৰাৰ সৈতে দেৱীক নদীত পবিত্ৰ স্নান কৰোৱা হয়। এই উৎসৱে নাৰী শক্তি, উৰ্বৰতা আৰু প্ৰকৃতিৰ চিৰন্তন চক্রক সন্মান জনায়।
কেদ্দাসা উৎসৱ (তুলু নাডু)
দক্ষিণ ভাৰতৰ তুলু নাডু অঞ্চলত পালন কৰা এক বিশেষ পৰম্পৰাগত উৎসৱ। এই উৎসৱত পৃথিৱী মাতৃক সন্মান জনোৱা হয় আৰু তেওঁৰ ঋতুস্ৰাৱ তথা উৰ্বৰতাৰ প্ৰতীক হিচাপে উদযাপন কৰা হয়। কৃষিকাৰ্যৰ নতুন চক্ৰ আৰম্ভ হোৱাৰ আগতে পালন কৰা এই উৎসৱে প্ৰকৃতি, উৰ্বৰতা আৰু পৃথিৱীৰ জীৱনদায়িনী শক্তিক সন্মান জনায়।
এই উৎসৱসমূহ পালন প্ৰথম বাৰিষাৰ সময়ত কৰা হয়, যেতিয়া ভূমি নবীকৰণ কৰা হয় আৰু বৃদ্ধিৰ নতুন চক্ৰ আৰম্ভ হয়। এই নবীকৰণক প্ৰায়ে ঋতুস্ৰাৱৰ জৰিয়তে প্ৰতীকিত কৰা হৈছিল, যিয়ে উৰ্বৰতা, সৃষ্টি আৰু নতুন জীৱনক প্ৰতিনিধিত্ব কৰিছিল।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments