19 April, Sat 2025
support@thecriticalscript.com
Blog image

মায়ং – ক’লা যাদুৰ ৰহস্যময়ী ঠাই

11 Apr,2025 11:06 AM, by: Ankita Gogoi
1 minute read Total views: 66
0 Like 0.0

অসমৰ মৰিগাঁও জিলাৰ মায়ং নামৰ এখন গাঁও ভাৰতৰ "ক'লা যাদুৰ দেশ" বুলি জনা যায়। ৰহস্যবাদত গভীৰভাৱে শিপাই থকা ইতিহাসৰ সৈতে মায়ং যুগ যুগ ধৰি প্ৰাচীন তান্ত্ৰিক পদ্ধতি, আৰু লোককথাৰ সৈতে জড়িত হৈ আছে।

ঐতিহাসিক তাৎপৰ্য্য

মহাভাৰতৰ দৰে গ্ৰন্থত মায়ংৰ কথা উল্লেখ আছে, য’ত ইয়াৰ ঐতিহাসিক তাৎপৰ্যৰ কথা অনুমান কৰিব পাৰি। স্থানীয় কিংবদন্তিসমূহে শক্তিশালী যাদুকৰৰ কথা কয় যিয়ে মানুহক নিৰুদ্দেশ কৰিব পাৰিছিল বা জীৱ-জন্তুলৈ ৰূপান্তৰিত কৰিব পাৰিছিল।

১৩৩৭ খ্ৰীষ্টাব্দত সম্ৰাট মহম্মদ শ্বাহে পঠোৱা সমগ্ৰ সেনাবাহিনী মায়ঙৰ সমীপত অন্তৰ্ধান হৈ অলৌকিকতাৰ সৈতে ইয়াৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিছিল বুলি বিশ্বাস কৰা হয়।

উদাহৰণস্বৰূপে, মন্ত্ৰৰ বলেৰে ইয়াত আলহীৰ গাত পিৰা লাগি ধৰা, বহুতো দুৰত্ব কম সময়ৰ ভিতৰতে অতিক্ৰম কৰা, পিঠিত কাঁহৰ কাঁহী আঠা লাগি ধৰা আদি ঘটনাৰ কথা জনা যায়৷ এই অঞ্চললৈ যাদুশিক্ষাৰ উদেশ্যেৰে বহু দুৰ-দূৰণিৰ পৰাও লোক অহা বুলি জানিব পৰা যায়৷ 

সাংস্কৃতিক আৰু পৰম্পৰাগত পদ্ধতি

যদিও এসময়ত দেৱতাক সন্তুষ্ট কৰিবলৈ নৰবলিৰ দৰে অনুষ্ঠানৰ বাবে জনাজাত আছিল, তথাপিও এই প্ৰথাসমূহ এতিয়া বহুদিনৰ পৰা পৰিত্যাগ কৰা হৈছে।আজিও একাংশ গাঁৱৰ মানুহে তান্ত্ৰিক জ্ঞানৰ আধাৰত পৰম্পৰাগত চিকিৎসা কৌশল আৰু আচাৰ-ব্যৱহাৰ অব্যাহত ৰাখিছে।

২০০২ চনত স্থাপিত মায়ং চেণ্ট্ৰেল মিউজিয়াম এণ্ড এম্প’ৰিয়ামত গাঁওখনৰ ৰহস্যময় অতীতৰ সৈতে জড়িত পাণ্ডুলিপি আৰু শিল্পকৰ্মসমূহ সংৰক্ষণ কৰা হৈছে।

মায়ঙ নামটো লৈ বহু প্ৰবাদ আৰু লোককথা জনসাধাৰণৰ মাজত প্ৰচলিত। কিছুলোকৰ মতে, "মায়ঙ" শব্দটো "মায়া" শব্দৰ পৰা উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয়। প্ৰাচীন কালৰ পৰাই এই ঠাইখন যাদুবিদ্যাৰ কেন্দ্ৰ হিচাপে পৰিচিত আছিল, যাৰ ফলত ইয়াক "মায়াৰ দেশ" (Land of Illusion) বুলি গণ্য কৰা হয়।

আন এক মত অনুসৰি, উত্তৰ-পূব ভাৰতখন অসমত অন্তৰ্ভুক্ত হৈ থকা সময়ছোৱাত ডিমাচা জনগোষ্ঠীৰ মাইবং শাখাৰ কিছু লোক মায়ঙ অঞ্চললৈ আহি বসবাস আৰম্ভ কৰে। সেই সময়ত এই অঞ্চলটো হাতীৰ আবাসস্থল আছিল। ডিমাচা ভাষাত "Miyong" শব্দৰ অৰ্থ "হাতী", যাৰ পৰা "মায়ঙ" নামটো বিকশিত হৈছে বুলি কোৱা হয়।

আন এক কিংবদন্তি মতে, "মায়ঙ" নামটো শক্তি দেৱীৰ সৈতে সম্পৰ্কিত। ইয়াত "মা" মানে শক্তি দেৱী, আৰু "Ongo" মানে অংশ বা অংশবিশেষ। সেয়ে, "মায়ঙ" শব্দৰ অৰ্থ "শক্তি দেৱীৰ অংশ" বুলি ব্যাখ্যা কৰা হয়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.