07 June, Sat 2025
support@thecriticalscript.com
Blog image

ইলোৰা ৰায়চৌধুৰী মৰণোত্তৰভাৱে অংগদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা!

29 May,2025 05:43 PM, by: Ankita Gogoi
1 minute read Total views: 468
0 Like 0.0

ইলোৰা ৰায়চৌধুৰী আছিল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা যিয়ে মৃত্যুৰ পাছত নেত্ৰদান আৰু দেহদান কৰিছিল। তেওঁ এগৰাকী বাঁওপন্থী চিন্তাধাৰাৰ সমাজকৰ্মী আৰু জনসেৱাত সমৰ্পিত ব্যক্তিত্ব আছিল। ইলোৰা ৰায়চৌধুৰীৰ জন্ম হয় ১৯৬৯ চনৰ ১ এপ্ৰিল তাৰিখে দৰং জিলাৰ মঙ্গলদৈত। পিতৃ অসম কেশৰী অম্বিকাগিৰীৰ বংশৰ ৰায়চৌধুৰী পৰিয়ালৰ প্ৰয়াত হেমন্ত ৰায়চৌধুৰী আৰু মাতৃ বিনা ৰায়চৌধুৰী। ১৯৯৫ চনত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনৰ মাৰ্চ মাহত ইলোৰা ৰায়চৌধুৰীয়ে হস্ত-তাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ত প্ৰদৰ্শিকা হিচাপে চাকৰিত যোগদান কৰে।

ইলোৰা ৰায়চৌধুৰীয়ে ছাত্ৰ জীৱনৰ পৰাই প্ৰগতিশীল আৰু গণতান্ত্ৰিক চিন্তাধাৰাত ছাত্ৰ আন্দোলনৰ লগত নিজকে জড়িত কৰিছিল। ১৯৭৯-৮৫ চনৰ অসম আন্দোলনৰ সময়ত তেওঁ উগ্ৰ জাতীয়তাবাদী আৰু বিছিন্নতাবাদী গোটৰ দ্বাৰা নানা ধৰণৰ দমন-পীড়নৰ সন্মুখীন হৈছিল। ১৯৮৫ চনত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)-ৰ সদস্য হৈ উঠে। বিবাহৰ পাছত তেওঁ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সৈতে সক্ৰিয়ভাৱে যুক্ত হয়। গুৱাহাটীত দৰিদ্ৰ মহিলা সকলৰ মাজত শিক্ষা বিস্তাৰৰ উদ্দেশ্যে এখন স্বাক্ষৰতা কেন্দ্ৰ স্থাপন কৰি, কেন্দ্ৰখন নিজে পৰিচালনা কৰি বহুসংখ্যক অনাক্ষৰ মহিলাক সাক্ষৰতা দান কৰিবলৈ সক্ষম হৈছিল। লগতে, তেওঁ অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচনৰো এগৰাকী সক্ৰিয় সদস্যা তথা নেত্ৰী হিচাপে পৰিচিত আছিল।

২০০৩ চনৰ ১৫ মে’ তাৰিখে গুৱাহাটীত নিজ বাসগৃহত মাত্ৰ ৩৪ বছৰ বয়সতে ইলোৰা ৰায়চৌধুৰীয়ে দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। চিকিৎসাৰ উদ্দেশ্যে চেন্নাই অহা-যোৱা কৰি থকা সময়ছোৱাত, তেওঁ এখন বাতৰি কাকতত মৰণোত্তৰ দেহদান আৰু অংগ সংস্থাপন সম্পৰ্কে এটি প্ৰবন্ধ পঢ়ি গভীৰভাৱে প্ৰভাৱিত হয়। ফলস্বৰূপে, মৃত্যুৰ আগতে ২০০৩ৰ ১৭ মাৰ্চত তেওঁ নিজৰ শেষ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰি ঘোষণা কৰে যে মৃত্যুৰ পাছত তেওঁৰ দেহটো চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ দান কৰা হ’ব। তেওঁৰ ইচ্ছা অনুযায়ী, মৃত্যুৰ কেইঘণ্টামানৰ পাছতেই স্বামী ইছফাকুৰ ৰহমানৰ অনুমতি লৈ গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকে ইলোৰাৰ চকুযুৰি ঘৰৰ পৰা লৈ যায়।

ইলোৰা ৰায়চৌধুৰীৰ এই আত্মত্যাগে অসমত এক নতুন চিন্তাধাৰা আৰু সামাজিক আন্দোলনৰ জন্ম দিয়ে। তেওঁৰ প্ৰথম মৃত্যুবাৰ্ষিকীত, অৰ্থাৎ ১৫ মে’ ২০০৪ তাৰিখে, ‘ইলোৰা বিজ্ঞান মঞ্চ’ নামৰ এখন স্বেচ্ছাসেৱী সংগঠন গঠন কৰা হয়। এই সংগঠনৰ জৰিয়তে অসমত মৰণোত্তৰ দেহদান, নেত্ৰদান আৰু চিকিৎসা শিক্ষাৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়। কালক্রমে, ইলোৰা বিজ্ঞান মঞ্চ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে জনসচেতনতা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰচাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.