19 January, Sun 2025
support@thecriticalscript.com
Blog image

উমৰাংছুত অঘটন! উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ ৩ শ্ৰমিকৰ মৃত্যু! এতিয়াও ভিতৰতে আবদ্ধ হৈ আছে বহুজন!

07 Jan,2025 05:27 PM, by: Ankita Gogoi
1 minute read Total views: 73
0 Like 0.0

উমৰাংছুৰ এটা কয়লা খনিত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । তাৰে কালামাটিত কয়লাখনিত আবদ্ধ ২০গৰাকী শ্ৰমিক। কৰ্মৰত অৱস্থাতে আৱদ্ধ হৈ পৰে শ্ৰমিক কেইগৰাকী। কালিৰে পৰা শ্ৰমিককেইগৰাকী আবদ্ধ হৈ আছে কয়লাখনিটোত। ইতিমধ্যে কয়লা খনিত আবদ্ধ হৈ থকা ৩ শ্ৰমিকৰ মৃত্যু। ড্ৰোন কেমেৰাত স্পষ্ট হৈছে ৩ শ্ৰমিক ওপঙি থকাৰ দৃশ্য। কিন্তু মৃতদেহ এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই।হঠাতে পানীৰে কুৱেৰীটো ভৰি পৰাৰ ফলতে শ্ৰমিক কেইজন আৱদ্ধ হৈ পৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।



আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে যদিও বর্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই শ্রমিকসকলক।সেনাৰ টাস্ক ফ’ৰ্চ, আছাম ৰাইফলছেও এই প্ৰচেষ্টাত যোগদান কৰিছে, সকলো ইউনিটে একেলগে আবদ্ধ হৈ থকা খনিকৰসকলক উদ্ধাৰ কৰিবলৈ কাম কৰিছে। অসামৰিক কৰ্তৃপক্ষৰ সহযোগত সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াসকলে এই অভিযানৰ তদাৰক কৰি আছে।শ্রমিকসকলক উদ্ধাৰৰ বাবে উমৰাংছ'লৈ আহিছে বিশাখাপট্টনমৰ নৌসেনাৰ বিশেষজ্ঞ ডুবাৰু।


আনফালে, উমৰাংছ'ৰ কয়লা খনিৰ অঘটন সামাজিক মাধ্যমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্রতিক্রিয়া দিছে যে,'উমৰাংছ'ৰ কয়লা খনন অবৈধ আছিল'।'ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ'।উমৰাংছ' থানাত ৰুজু ০২/২০২৫ নং গোচৰ আৰু লগতে পুনিছ নুনিছা নামৰ এজনকো গ্ৰেপ্তাৰ কৰা হৈছে।


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.