কিয় অন্নদা গোহাঁইৰ নামেৰে নামাকৰণ কৰা হৈছিল অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ!
অসমৰ এগৰাকী বিদুষী মহিলাৰ নামেৰে নামাকৰণ কৰা হৈছিল অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ ৷ ১৮ এপ্ৰিল, ২০২৩। সেইদিনাই সূদুৰ অষ্ট্ৰিলিয়াৰ ইউনিভাৰ্চিটি অফ নিউ চাউথ ৱেলছত ইতিহাস লিখিলে অসমৰ এগৰাকী বিদূষী মহিলাই। তেওঁৰ নামত এই বিশ্ব বিদ্যালয়খনৰ এটা প্ৰেক্ষাগৃহ নামাকৰণ কৰা হ'ল। পঞ্চাশৰ দশকতে অষ্ট্ৰেলিয়াত অধ্যয়ন কৰিবলৈ যোৱা অসমৰ এগৰাকী বিদুষী মহিলাৰ নামেৰে অষ্ট্ৰেলিয়াৰ বিশ্ববিখ্যাত ‘ইউনিভাৰচিটি অব্ নিউ ছাউথ ৱেলছ’ৰ (ইউ এন এছ ডব্লিও) এটা প্ৰেক্ষাগৃহৰ নামকৰণ কৰা হৈছিল৷ এই সন্মান লাভ কৰা অসমীয়া মহিলাগৰাকী হৈছে প্ৰয়াত অন্নদা গোহাঁই (Australia University honors Assam's Annada Gohain) ৷
১৯২৯ চনৰ ১৫ অক্টোবৰত জন্ম গ্ৰহণ কৰা অন্নদা গোঁহাইৰ পিতৃ আছিল এজন প্ৰতিষ্ঠিত শিক্ষক।স্নাতক ডিগ্ৰী গ্ৰহণ কৰিয়েই তেওঁ কিছুদিন পানবজাৰ গাৰ্লচ স্কুলত শিক্ষকতা কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ অসমৰ কৃষি বিভাগত যোগদান কৰে। ১৯৫৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে ভাৰত চৰকাৰৰ আণ্ডাৰ কলম্বোৰ প্লেনৰ অধীনত অষ্ট্ৰেলিয়ালৈ যাবৰ বাবে নিৰ্বাচিত হয়।তাতে তেওঁ দুবছৰীয়া কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈ পৰৱৰ্তী সময়ত সেই বিশ্ব বিদ্যালয়ৰ পৰাই এম এছ চি ডিগ্ৰী গ্ৰহণ কৰে।যি ডিগ্ৰীক বৰ্তমান এম টেক বুলি কোৱা হয়।তেওঁ খাদ্য প্ৰস্তুতকৰণ আৰু সংৰক্ষণৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। তেওঁ গৱেষণা কৰা বিষয় আছিল- প্ৰডাকচন অফ হাই কোৱালিটি অৰেঞ্জ জুচ কনচেনট্ৰেশ্যন।
এই বিশ্ববিদ্যালয় খনে এটা প্ৰকল্প হাতত লৈছিল। যাৰ নাম আছিল ইউ এন এছ বি ওমেন অন কেম্পাছ প্ৰজেক্ট। মহিলাক উৎসাহিত কৰিবৰ বাবে এই প্ৰকল্প হাতত লৈছিল।এই প্ৰকল্পৰ জৰিয়তে ৬৫ গৰাকী মহিলাক ধৰা হৈছিল। ইয়াৰ ভিতৰত ১৭ গৰাকী মহিলাৰ নামেৰে বিশ্ব বিদ্যালয়ৰ বিভিন্ন ভৱন, প্ৰেক্ষাগৃহ নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছিল। এই ক্ষেত্ৰতেই জিলিকি উঠিছিল অসমৰ অন্নদা গোঁহাই। কিয়নো এই বিভাগটোৰ পৰা প্ৰথম এম এছ চি ডিগ্ৰী গ্ৰহণ কৰা তেওঁৱেই হল প্ৰথম মহিলা। সেই কাৰণেই অন্নদা গোঁহাইৰ নামত বিশ্ব বিদ্যালয়ৰ এটা প্ৰেক্ষাগৃহ নামাকৰণ কৰা হ'ল। পূৰ্বতে এই প্ৰেক্ষাগৃহটোৰ নাম আছিল লেকচাৰ থিয়েটাৰ জি-০৬।
অষ্ট্ৰেলিয়াৰপৰা উভতি আহি তেওঁ অসমত কৃষি বিভাগৰ চাকৰিত যোগদান কৰি ১৯৮৭ চনত অতিৰিক্ত সঞ্চালক হিচাবে অৱসৰ লৈছিল৷ জুচ সংৰক্ষণ, উৎপাদন,খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত অন্নদা গোঁহাইয়ে যথেষ্ঠ অৱদান আগবঢ়োৱা আৰু বিভিন্ন সামাজিক কামৰ সৈতে তেওঁ জড়িত হৈ আছিল। ফল-মূল সংৰক্ষণৰ সন্দৰ্ভত তেওঁ অসমীয়াতে দুখন উল্লখযোগ্য গ্ৰন্থ ৰচনা কৰিছিল। ২০১১ চনত ১৯ ছেপ্টেম্বৰত ৮২ বছৰ বয়সত এইগৰাকী মহীয়সী নাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.














Related Comments