19 January, Sun 2025
support@thecriticalscript.com
Blog image

অসমীয়া সংস্কৃতিত "বসন্তকালীন উৎসৱ"

14 Apr,2023 01:40 PM, by: Anushthatri Sharma
1 minute read Total views: 3204
0 Like 0.0

লোক-সংস্কৃতিত অসম এখন চহকী ৰাজ্য অতীজৰে পৰা অসমত অনেক জাতি-উপজাতি আৰু জনজাতিলোকে বসবাস কৰি আহিছে তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ চহকী কলা-সংস্কৃতি আছে প্ৰতিটো জাতিৰ স্থানীয় কৰ্মক্ষেত্ৰখনতেই স্থানীয় কলা বৈশিষ্ট্যৰে কৃষ্টি-সংস্কৃতিৰ সৃষ্টি হয় সেইবাবে একেটা উদ্দেশ্যতে সৃষ্টি হোৱা উৎসৱসমূহ প্ৰতিটো জাতিৰ মাজত ভিন্ন নামেৰে জনা যায় উৎসৱ-অনুষ্ঠান সংস্কৃতিৰ অপৰিহাৰ্য অংগ অসমত প্ৰচলিত পৰম্পৰাগত উৎসৱ-অনুষ্ঠানসমূহৰ অন্তৰালত গভীৰ বিশ্বাস, উৰ্বৰতা বৃদ্ধি, কৃষিৰ প্ৰাচুৰ্য, সংস্কাৰ আৰু ঐন্দ্রজালিক ক্রিয়াকাণ্ডৰ প্ৰভাৱ লক্ষ্য কৰা যায়

অসমৰ মূল সংস্কৃতি কৃষিমুখী গ্রাম্য সংস্কৃতি অসমলৈ বিভিন্ন সময়ত প্ৰৱজিত হোৱা বিভিন্ন জনগোষ্ঠীয়ে কৃষিমুখী গ্রামা-সংস্কৃতিক আকোঁৱালী লৈ অসমীয়া সংস্কৃতিক বর্ণাঢ্য ৰূপ প্ৰদান কৰিছে লোকসংস্কৃতিৰ গৱেষকসকলৰ মতে অষ্ট্রিক সকলেই পোনপ্রথমে এই গ্ৰাম্য সংস্কৃতিৰ ভেটি প্রতিষ্ঠা কৰে তেওঁলোকে ধানখেতি কৰিছিল, বনৰীয়া সঁচ বুটলি লাও, বেঙেনা, আদা, হালধিৰ খেতি কৰি অসমীৰ শ্যামল বুকুত কৃষি সভ্যতাৰ পাতনি মেলিছিল অষ্ট্রিক, মংগোলীয়, নর্ডিক, দ্রাবিড় ইত্যাদি বিভিন্ন নৃ-গোষ্ঠীৰ সমন্বয়ত গঢ় লৈ উঠা বাৰে-বৰণীয়া অসমীয়া সংস্কৃতিত বিভিন্ন উৎসৱ-অনুষ্ঠানে ঐক্য আৰু সম্প্ৰীতিৰ, সমন্বয় আৰু সংহতিৰ এক গুৰুত্বপূৰ্ণ তাৎপর্য বহন কৰি আছে এই উৎসৱৰ ভিতৰত বসন্তকালীন লোক-উৎসৱ সমূহৰ এক সুকীয়া গুৰুত্ব আছে এই লেখাত অসমৰ বিভিন্ন লোকগোষ্ঠীৰ মাজত প্ৰচলিত দুটিমান উৎসৱৰ বিষয়ে আলোচনা আগবঢ়োৱা হ'

বসন্ত উৎসৱ মূলতঃ কৃষি উৎসৱ এই উৎসৱ ঘাইকৈ তিনিটা খেতিৰ আৰম্ভণিত, খেতিৰ বাচনীৰ বতৰত আৰু খেতি চপোৱাৰ শেষত অসমীয়াৰ বহাগ বিহু খেতিৰ আৰম্ভণিত, কাতি বিহু সৃজনী শক্তি বৃদ্ধিৰ আৰু মাঘ বিহু খেতিৰ সামৰণিৰ উৎসৱ উল্লেখযোগ্য যে পথাৰত সঁচ সিঁচিবৰ দিনা, খেতিৰ শ্ৰী-বৃদ্ধি কামনা কৰা আৰু খেতিৰ শইচ কটাৰ অন্ততঃ উৎসৱ সমূহ সমূহীয়াকৈ পাতে বাবে ই জাতীয় উৎসৱত পৰিণত হৈছে

ঋতুৰাজ বসন্ত আগমনৰ লগে লগে প্ৰকৃতি অনন্য যৌৱনা হৈ উঠে আমে মলিয়াই, নাহৰ, কপৌ, কেতেকী বিবিধ ফুলে সুগন্ধি বিলায় বিৰিখৰ ডালে ডালে কুলি কেতেকীৰ মাতে বন-বননি কপাই তোলে প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপৰ আহ্বানত মানুহ আগবাঢ়ি আহে জীৱনক উপভোগ কৰিবলৈ ডেকা-গাভৰুৱে ৰাতি বিহু পাতে, নাচে, গীত গায়, বাদ্য বজায় এই ৰীতি, এই ঐতিহ্য কৃষি সংস্কৃতিৰ পাতনিৰে পৰা চলি আহিছে 'তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু তাৰ লগে লগেই মানুহ বিহু, গোঁসাই বিহু, চেৰা বিহু ইত্যাদি অসমৰ বাপতি সাহোন বিহু লোকাচাৰেৰে পালন কৰাৰ লগতে বিহুৰ সৈতে ঘাইকৈ ৰঙালী বিহুৰ সৈতে জড়িত দুটা প্রধান অংগ হ'ল বিহুগীত আৰু বিহুনাচ বহাগ নতুনক পোৱাৰ প্ৰয়াস, আশাৰ আনন্দ এই আনন্দ প্ৰকৃতিৰ আনন্দ, জীৱনক উপলব্ধি কৰাৰ আনন্দ, উপভোগ কৰাৰ আনন্দ এই আনন্দই কৃষিজীৱী অসমীয়া জাতিৰ অন্তৰ স্পৰ্শ কৰি যায় কথাবোৰ গীত হৈ পৰে; মানুহৰ হাতৰ পৰশত আঙুলিৰ বুলনিত বাদ্যবোৰে সাৰ পাই উঠে, শৰীৰত দেওধনি উঠে

'বৈশাগু' বড়োসকলৰ মাজত প্ৰচলিত এটি কৃষি কেন্দ্রীক উৎসৱ ই বসন্তকালীন উৰ্বৰা উৎসৱ বাৰদৈছিখলাৰ আগমনত, কৃষিজীৱী বড়োসকলে বৈশাগু পালন কৰে দীঘলতি, মাখিয়তীৰ পাতেৰে লাও-বেঙেনাৰ মালাৰে গৰুক গা ধুৱায় আৰু নতুন পঘাৰে বান্ধে বড়োসকলে সাতদিন ধৰি বৈশাগু উদযাপন কৰে ৰং-ৰহইচ উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত নৃত্য-গীতৰ মাজেৰে এই সাতদিনৰ প্ৰত্যেকৰে সুকীয়া নাম আছে যেনে- 'ছও দোমাহী (গৰুবিহু), মানসি দোমাহী (মানুহ বিহু), সাইমা দোমাহী (কুকুৰ বিহু), অমা দোমাহী (গাহৰি বিহু), দাউনি দোমাহী (কুকুৰা বিহু) ইত্যাদি মাঘ বিহু বড়োসকলৰ মাজত মাগোঁ দোমাহী নামেৰে প্ৰচলিত বৈশাগু উৎসৱক কেন্দ্ৰ কৰি গোৱা গীতসমূহ বড়ো লোকসাহিত্যৰ অমূল্য সম্পদ এই উৎসৱৰ সময়ত পৰিৱেশিত বাগুৰুম্বা, বৰদৈছিখলা আদি নৃতা হৃদয় পৰশা আৰু কলাসন্মত অসমীয়া গামোচাৰ দৰে বড়োসকলৰ আৰণাই বিশেষ সাংস্কৃতিক তাৎপর্যপূর্ণ সম্পদ আৰণাই কেৱল বিছুরান নহয়, প্রেমাস্পদ বা শ্রদ্ধাস্পদ ব্যক্তিলৈ সমৰ্পিত কৰা এক প্ৰকাৰৰ ৰক্ষা কৱচ

অসমৰ ৰাভাসকলে জেঠ মাহত 'বায়খো' উৎসৱ পালন কৰে ই প্ৰধানতঃ কৃষিভিত্তিক বসন্ত উৎসৱ 'বায়খো' উৎসৱৰ আনুসঙ্গিকভাৱে ৰাভা ডেকা-গাভৰুসকলে 'ছাধাৰ নৃত্য' পৰিৱেশন কৰে ছাথাৰ নৃত্যৰ লগত জড়িত ছাথাৰ গীত বিহু গীতৰ দৰেই প্ৰেমমূলক গীত ৰঙে ৰূপে ভৰা বায়খো উৎসৱৰ বতৰা পাই প্রকৃতিৰো যেন গাত তৎ নোহোৱা হয় গছে পাতে, ফুলে-ফলে, চৰাই- চিৰিকতিয়ে নৱৰূপ ধাৰণ কৰি যেন এই উৎসৱৰ আনন্দ উপভোগ কৰে এই উৎসৱত বিশেষকৈ ডেকা-গাভৰুৱে ছাথাৰ গীতৰ জৰিয়তে মনে বিচৰাজনলৈ অন্তৰ উজাৰি মনোবেদনা প্রকাশ কৰে বায়খো তলিতে মনৰ মানুহজনীক বিচাৰি লবলৈও পূৰ্ণিমাৰ ফৰিং ফুটা জোনাক নহৈ আন্ধাৰ ৰাতি হে ভাল বুলি ডেকাই আক্ষেপ কৰে

মিছিং সকলৰ কৃষিভিত্তিক বসন্ত উৎসৱ হ' 'আলি আই লৃগাং' আলি আই লৃগাঙৰ অৰ্থ হৈছে খেতিৰ বীজ সিঁচাৰ আৰম্ভনি আহ্ল বা বাওধান সিঁচিবৰ বতৰত এই উৎসৱৰ আয়োজন কৰা হয় মিছিং সকলে বুধবাৰটোক পবিত্ৰ দিন হিচাপে গণ্য কৰে আৰু সেইবাবে ফাল্গুন মাহৰ প্ৰথম বুধবাৰ দিনটোতে এই উৎসৱৰ আয়োজন কৰে নতুন শস্য ৰোপনৰ বাবে পৃথিবী মাতৃ আৰু পূৰ্ব-পুৰুষ সকলক তোষণ কৰিবলৈ এই উৎসৱ পতা হয় ধান, আলু আদি শস্য ৰোপন কৰি শইচবোৰ নগজালৈকে অর্থাৎ পাঁচদিন গেনা পালন কৰে (গেনা- আশুচ পালন) গেনা পালন কৰা পাঁচদিনত মাটি খন্দা, বাঁহকটা আদি কাম নকৰে তাৰ লগতে কুকুৰা জুইত পুৰি নাখায় কণী খোৱা নহয়, কাৰণ কণী অংকুৰণৰ প্ৰতীক উৎসৱৰ দিনা ডেকা-গাভৰুৱে মিলি 'গুমৰাগ নৃত্য কৰে মিছিং সকল অতিশয় নৃত্য-গীত প্রিয় মিছিং নৃত্য-গীতৰ স্বকীয় বৈশিষ্ট্য আছে ঢোল, পেপাঁ, গগনা, বাঁহী, লাও-পেপাঁ, দেন্দুন ইত্যাদি বাদ্যযন্ত্ৰৰ ঝংকাৰত অসমৰ আকাশ বতাহ মুখৰিত হৈ থাকে তেওঁলোকে নৃত্যত মাছমৰা, ধানসিঁচা, কাপোৰ বোৱা ইত্যাদি বিবিধ দৃশ্য ৰূপায়িত কৰে 'অই চঃ মান বা ঐনিতম্ চঃ মান্' অসমীয়া বিছুৰ সমতুল্য

অসমত অতীতৰে পৰা বসবাস কৰি অহা জনজাতি সমূহৰ ভিতৰত হাজং সকল অন্যতম বছৰৰ বিভিন্ন সময়ত উদযাপন কৰা বাৰেৰহণীয়া উৎসৱ-পার্বন হাজং-সংস্কৃতিৰ অন্যতম অংগ তেওঁলোক কৃষিজীৱি লোক হোৱাৰ বাবেই বেছিভাগ উৎসৱ কৃষি কেন্দ্রীক বহাগ বিহু সময়ত হাজং সকলে বৰ উলহ-মালহেৰে বাঁশ পূজা উদযাপন কৰে দৰঙৰ দেউল আৰু কামৰূপৰ ভঠেলিৰ লগত বাঁশ পূজাৰ মিল দেখা যায় বাঁশ পূজা উপলক্ষে দুডাল বাঁহৰ এডালত ক'লা আৰু আনডালত বগা চোঁৱৰ বান্ধি লোৱা হয় লোকবিশ্বাস মতে ইয়াৰ এডাল মহাদেৱ আৰু আনডাল পাৰ্বতীৰ প্ৰতীক এই বাঁহ পোতা ঠাইতে আন এডাল জেঙনি থকা বাঁহত পুৰণা জাকৈ-খালৈ, নাঙল আদি আঁৰি দিয়ে বাঁশ পূজা তিনিদিন ধৰি অনুষ্ঠিত হয় এই সময়ছোৱাত গাঁৱৰ ডেকা ল'ৰা-ছোৱালীবোৰে ঘৰে ঘৰে চোঁৱৰ লগোৱা বাঁহ নচুৱাই ফুৰে বাঁহ নচুৱাসকলক বাগুৱা বোলা হয় বাঁশ পূজা অনুষ্ঠানটোৰ লগত উৰ্বৰা বিশ্বাস জড়িত পূজা উপলক্ষে বাঁহ একোডাল হাতৰ মুঠিৰে ধৰি অগা পিছা কৰা কাৰ্যটো প্ৰতিকী লালং আৰু দেউৰীসকলৰ বাবে বুধবাৰ সবাতোকৈ পরিত্র দিন সেয়েহে তেওঁলোকে চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰা বিহু আৰম্ভ কৰে তিৱা লালুং সকলৰ বাসন্তিক উৎসৱৰ নাম 'ছগ্রামিছাৱা'

এই উৎসৱত নৃত্যৰ প্ৰসংগত গোৱা গীতবোৰ যৌন ভাৱপুষ্ট আৰু এই নৃত্যত ডেকা-গাভৰু, বোৱাৰী সকলোৱে অংশগ্ৰহন কৰে

দেউৰী ডেকা-গাভৰুসকলে ৰঙালী বিহুৰ সময়ত লহৰীয়া' নাচ নাচে দেউৰী বুঢ়া-বুঢ়ী আৰু ডেকা- গাভৰুসকলে মিলিজুলি ৰঙালী বিহুৰ বতৰত নচা নাচৰ নামেই 'আৱৰব' নৃত্য ৰঙালী বিহুত দেউৰীসকলে ঢোল-তাল, পেঁপা-টকা, শিঙা-গগনা সংগত কৰি বিছু গাই আৰু এই গীতৰ লগত সংগতি ৰাখি নৃত্য প্ৰদৰ্শন কৰে

অসমত অতীজৰে পৰা বসবাস কৰা টাই-বৌদ্ধ জনগোষ্ঠীৰ বিশেষকৈ টাই খামতি, টাই- ফাকে টাই-আইতন, টাই-তুৰুং আৰু টাই-খাময়াংসকলে বিহুৰ সমসাময়িক বসন্তোৎসৱ পয়চাং- কেন' পালন কৰে তেওঁলোকে এই উৎসৱ উপলক্ষে বুদ্ধ মূৰ্তি মন্দিৰৰ বাহিৰলৈ নি গা ধুৱাই আৰু ঘাইকৈ ডেকা-গাভৰুৱে পানী ছটিয়াই, বোকা দলিয়াই যাক পয়-চাম নাম' বুলি কয় কোনো কোনোৱে ঢোল, পেঁপা, গগনাৰে বিহুও কৰে

ইয়াৰ বাহিৰেও অৰুণাচল, নাগালেণ্ড, মনিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰাৰ জনজাতীয় লোকসকলৰ মূল সংস্কৃতি আৰু জীৱন যাপনৰ পদ্ধতি প্রাচীন উমৈহতীয়া অষ্টো-মঙ্গোলইড্বা নিষাদ কিৰাত সংস্কৃতিৰ ভেটিতে গঢ় লৈ উঠিছে গতিকে সমধৰ্মী উৎসৱৰ পয়োভৰো দেখা যায় এই জন-জাতিসমূহৰ জীৱন কৃষি নিৰ্ভৰশীল, গতিকে উৎসৱ পাৰ্বণ সমূহো কৃষিভিত্তিক

প্ৰকৃতিৰ চিৰন্তন ৰীতি মানি নতুন বছৰ আহে এই নতুন বছৰে খেতিয়কৰ জীৱনলৈ আনে আশাৰ আনন্দ প্ৰকৃতিৰ ৰং-ৰূপে খেতিয়কৰ জীৱনটো প্ৰভাৱ পেলায় খেতিৰ নতুন বছৰ আৰম্ভ কৰিবৰ আগলি মুহূৰ্তত ভোজভাত খাই, হাঁহি-মাতি, ৰং-ৰহইচ কৰি, গীত নৃত্য কৰিবৰ প্ৰেৰণা পায় পর্বত ভৈয়াম সকলোতে এই উৎসৱৰ সময়ত বিশেষ নৃত্য-গীতৰ আয়োজন কৰা হয় কিছু বাদ্যযন্ত্ৰৰ ভিতৰত প্ৰায় সকলোবোৰ উৎসৱতে ঢোলৰ ব্যৱহাৰ মন কৰিবলগীয়া বিহুৰ সময়ত গোৱা আটাইবোৰ গীত-মাততে আদি ৰসৰ প্ৰাধান্য আছে সম্ভৱত অষ্ট্ৰিক সকলৰ উৰ্বৰতা লোক বিশ্বাসৰ ভেঁটিতে যৌনধর্মী গীতবোৰ ৰচিত হৈছিল আৰু শস্যৰ উৎপাদন কামনা কৰি পথাৰৰ মাজত বিহুতলী পাতি গোৱা আৰু নৃত্য কৰা হৈছিল সমগ্ৰ ভৌগোলিক অসমৰ কৃষিধৰ্মী উৎসৱতে মূলগত ঐক্য

 

সহায়ক গ্ৰন্থপঞ্জী:

-সত্যেন্দ্র নাথ শৰ্মা : অসমীয়া সাহিত্যৰ ইতিবৃত্ত '

-লীলা গগৈ টাই সংস্কৃতিৰ ৰূপৰেখা '

-নবীন চন্দ্র শর্মা: অসমীয়া লোক সংস্কৃতিৰ আভাস

-কনক চন্দ্ৰ চহৰীয়া অসমীয়া লোক সংস্কৃতিৰ ৰেঙনি

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.