19 January, Sun 2025
support@thecriticalscript.com
Blog image

বাস্তু অনুসাৰে ঘৰত কি কি উদ্ভিদ থাকিব লাগে!

16 Nov,2024 05:42 PM, by: Ankita Gogoi
1 minute read Total views: 212
0 Like 0.0

সমগ্ৰ বিশ্বতে দিনক দিনে বৃদ্ধি পাইছে প্ৰদূষণ। বৃদ্ধি পোৱা প্ৰদূষণৰ লগতে আমি গোলকীয় উষ্ণতা বৃদ্ধিৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ মূল কাৰণ হ’ল অবিৰতভাৱে গছ কটা, কাৰণ কেৱল গছ-গছনিয়েহে প্ৰদূষণ নিয়ন্ত্ৰণত ৰাখে। এনে পৰিস্থিতিত গছ-গছনি ৰোপণ কৰিলে ঘৰৰ পৰিবেশ ইতিবাচক হোৱাই নহয় ঘৰত বসবাস কৰা মানুহৰ স্বাস্থ্যও ভাল হৈ থাকে। কিন্তু, আজি আমি এনে কিছুমান গছ-গছনি (বাস্তু উদ্ভিদ)ৰ কথা ক’বলৈ ওলাইছো যিবোৰ বাস্তু শাস্ত্ৰ মতে ঘৰত ৰোপণ কৰাটো অতি শুভ। এই গছ-গছনি ৰোপণ কৰিলে ঘৰখনত ইতিবাচকতা অহাই নহয়, ঘৰখনো সুন্দৰ দেখা যায়। এই লেখাটোত আমি বাস্তু অনুসৰি এনে কিছুমান উপযোগী গছ-গছনিৰ গুৰুত্বৰ কথা আলোচনা কৰিম।

নিম গছ:

ঘৰত নিম গছ থকাটো সকলোৱে পচন্দ নকৰে।কিন্তু ঘৰৰ বাৰীত নিম গছ থাকিলে-বহু শুভ মনা হয়।সকাৰত্মক উৰ্জা আৰু শুদ্ধ বায়ুৰ লগত নিম গছে বহু প্ৰকাৰৰ কল্যাণকাৰী হয়।


মানি প্লান্ট:

বাস্তু শাস্ত্ৰৰ মতে, ঘৰৰ সন্মুখৰ কোঠাৰ দক্ষিণ-পূব কোণত মানি প্লান্ট ৰাখিলে ঘৰত শুভ বাৰ্তা আহে। আপোনাৰ ঘৰৰ কৰিড’ৰত এই ধনৰ গছ ৰোপণ অতি লাভজনক হ’ব পাৰে।


কল গছ:

এই গছ থাকিলে ধাৰ্মিক কাৰণতো বহু শুভ মনা হয়।গুৰুবাৰৰ দিনা কল গছৰ পূজা কৰা হয় আৰু পূজা পাঠত কল গছৰ পাত ব্যৱহাৰ কৰা হয়।সেইবাবে ঘৰৰ ঈশান কোণত কল গছ থাকিব লাগে।কোৱা হয় যে-কল গছৰ ছাত বহি পঢ়িলে-পঢ়াখিনি সোনকালে মনত ৰাখিব পাৰি।


নাৰ্জী ফুল 

বাস্তু শাস্ত্ৰৰ মতে নাৰ্জী ফুল উদ্ভিদে ঘৰত ইতিবাচক শক্তি আনে। এই গছজোপা ৰখাৰ আটাইতকৈ উত্তম দিশটো হ’ল উত্তৰ বা পূব দিশ। তদুপৰি প্ৰৱেশদ্বাৰত স্থাপন কৰিলেও শুভকামনা আনে।


তুলসী গছ: 

হিন্দু ধৰ্মত তুলসীৰ বহু মহত্ব আছে।তুলসীক লক্ষ্মীৰ ৰূপ মনা যায়।যদি আপোনাৰ ঘৰত কোনো প্ৰকাৰৰ নকাৰত্মক ওৰ্জা আছে,তেতিয়া তুলসীয়ে সেয়া নষ্ট কৰিবলৈ সহায়তা কৰে।এই কথা মন কৰিব লাগে-তুলসী ঘৰৰ দক্ষিণ দিশৰ ফালে ৰোপণ কৰিব নালাগে।এনে কৰিলে-শুভ ফলৰ ঠাইত বহু লোকচান কৰে।


বাঁহ গছ:

ঘৰত এইবিধ গছ থাকিলে শুভ মনা হয়।এয়াই সমৃদ্ধি আৰু সফলতাৰ দিশে লৈ যোৱাৰ ক্ষমতা দিয়ে।


স্নেক প্লান্ট

বাস্তুৰ মতে এই উদ্ভিদ ইতিবাচক শক্তিৰ উৎস। খিৰিকীৰ ওচৰত ৰাখিলে ই অক্সিজেন টানি কোঠাটোৰ ভিতৰৰ পৰিৱেশ শীতল কৰি তোলে। ইয়াৰ উপৰিও কোঠাৰ ভিতৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ মুক্ত হয় বুলিও বিশ্বাস কৰা হয়।


এলোভেৰা:

বাস্তু শাস্ত্ৰত কোৱা হৈছে যে ঘৰত এলোভেৰা গছ থাকিলে অতি উপকাৰী। ঘৰত এই গছ ৰোপণ কৰিলে অক্সিজেনৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ ফলত ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহে। বাস্তু শাস্ত্ৰৰ মতে ঘৰত ইতিবাচক শক্তিৰ বাবে এলোভেৰা গছ সদায় পূব বা উত্তৰ দিশত ৰাখিব লাগে।


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.