গুৱাহাটী মহানগৰীৰ কিছু নজনা কথা!
গুৱাহাটী, অসমৰ ঐতিহাসিক আৰু সাংস্কৃতিক হ্ৰদয়স্থলী, বিখ্যাত ব্রহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। এই চহৰ ভাৰতৰ প্ৰাচীনতম আৰু প্ৰগতিৰ দিশত আগবাঢ়ি থকা এখন সুন্দৰ চহৰ। গুৱাহাটীৰ কামাখ্যা মন্দিৰ, উমানন্দ দ্বীপ, আৰু দীপৰ বিল আৰু বহুতো ঠাই পৰ্যটকৰ মূল আকৰ্ষণ।চহৰখনৰ সমৃদ্ধ সংস্কৃতিয়ে এক বিশেষত্ব প্ৰদান কৰে। গুৱাহাটী সদায় নিজৰ সৌন্দৰ্য আৰু ঐতিহ্যৰে সকলোকে আকৰ্ষণ কৰি আহিছে।
* গুৱাহাটী মহানগৰীৰ সকলোৰে আপোন ঠাই ফাঁচী বজাৰ।ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক ৰাজধানীও বুলি জনা যায় ।ইয়াত দৈনিক প্ৰায় এক লক্ষাধিক লোকৰ সমাগম হয়।ব্ৰিটিছ শাসনৰ সময়ত চদ্দাৰ বজাৰ নামেৰে জনাজাত আছিল।১৮৮২ চনত এখন কাৰাগাৰ স্থাপনৰ লগে লগে এই অঞ্চল উল্লেখযোগ্য হৈ পৰে।এই বজাৰৰ নাম ব্ৰিটিছ প্ৰথাৰ পৰা লোৱা হৈছিল। য'ত এই ঠাইতে এক প্ৰকাণ্ড গছত দুধৰ্ষ অপৰাধী সমূহক ফাঁচী দিয়া হৈছিল।৪৫ বিঘা গুৱাহাটীৰ এই প্ৰথম কাৰাগাৰ ২০১২ চনত সৰুসজাইৰ ৬৩ বিঘা কমপ্লেক্সলৈ স্থানান্তৰিত হয়।
* গুৱাহাটী চহৰৰ মাজমজিয়াত উলুবাৰীৰ ওচৰত আছে এখন সুন্দৰ ঠাই।যাৰ নাম হৈছে পূৱ শৰনীয়া।এই শৰণীয়া পাহাৰক এসময়ত চিত্ৰকুট পৰ্বত বুলি কোৱা হৈছিল। পাহাৰত বাস কৰা এজন পুৰোহিতৰ শিষ্য হোৱা এজন আহোম ৰজাৰ পৰাই "শৰণীয়া" নামটো আহিছে বুলি কোৱা হয়।আৰু এটা প্ৰৱাদ আছে এই নামটো অঞ্চলটোৰ কিছুমান জনজাতীয় বসতিপ্ৰধান লোকে "শৰণ লোৱা"ৰ পৰা আহিছে বুলিও কয়।
* বৰ্তমান ফাঁচিবজাৰৰ এক অবিচ্ছেদ্য অংগ হ’ল কমাৰপট্টী।শিখ মন্দিৰৰ পৰা পাণবজাৰৰ গীৰ্জালৈকে এই ঠাইডোখৰত এসময়ত সৰু হিলৈ, বৰহিলৈ, দা, কুঠাৰ আদি গঢ়া কমাৰ সকলে বাস কৰিছিল বাবেই এই ঠাইখনৰ নাম কমাৰপট্টী।কমাৰপট্টীত এসময়ত থকা পুখুৰীটো গুৱাহাটীৰ পুৰণি পুখুৰীকেইটাৰ অন্যতম আছিল যদিও বৰ্তমান এইটো পুতি পেলোৱা হয়।
*পাণবজাৰস্থিত নেহৰু পাৰ্কৰ সমীপত অৱস্থিত ঐতিহাসিক "ক্রাইষ্ট চার্চ" উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি গীর্জা। ১৮৪৪ চনত ইয়াৰ নিৰ্মাণ আৰম্ভ হয়।১৮৪৪ চনৰ ৯ মে'ত "ক্রাইষ্ট চার্চ"ৰ ভেটি স্থাপন কৰা হয়।১৮৫৬ আৰু ১৮৯৭ চনৰ ভূমিকম্পত এই গীৰ্জা ক্ষতি হয় যদিও ইয়াক পুনৰ নিৰ্মাণ কৰা হয়।
*গুৱাহাটী মহানগৰীৰ অতি পুৰণি অঞ্চল হৈছে মাছখোৱা । অতি ব্যস্ততাপূৰ্ণ মাছখোৱাতে আছে ১২৩ বছৰীয়া গুৱাহাটীৰ প্ৰথম ঈদগাহ ৷ ই ব্ৰহ্মপুত্ৰ উপত্যকাৰো প্ৰথম ঈদগাহ হ’ব পাৰে ৷ কাৰণ ইয়াতকৈ পুৰণি ঈদগাহৰ তথ্য নাই ৷ য’ত ঈদৰ সময়ত গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ ইছলাম ধৰ্মালম্বী লোকে সমূহীয়া নামাজত অংশ গ্ৰহণ কৰে ।
*ঐতিহাসিক দেওধনী উৎসৱ ' কামাখ্যা মন্দিৰে প্ৰতি বছৰে আয়োজন কৰে। যি মা মনসা দেৱীৰ পূজা উপাসনা সম্পৰ্কীয় ৰীতি-নীতিৰ মূল অংশ।এই বাৰ্ষিক ৰীতি-নীতি বহু শতাব্দী আগৰ, শাওন মাহৰ শেষত আৰু প্ৰতি বছৰে ভাদ মাহৰ আৰম্ভণিতে তিনিদিন ধৰি অনুষ্ঠিত কৰা হয়, য'ত দেওধাসকলে (মন্দিৰৰ নৃত্যশিল্পী) ঐশ্বৰিক শক্তিৰ বলত এই নৃত্য কৰে।
*ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত গুৱাহাটীৰ নৰ্থব্রুক গেট ১৮৭৪ চনৰ ২৭ আগষ্টত ভাৰতৰ তেতিয়াৰ ভাইচৰয় থমাছ জৰ্জ বেৰিং নামৰ লৰ্ড নৰ্থব্রুক নামেৰে পৰিচিত গুৱাহাটীত উপস্থিত হোৱাৰ উপলক্ষে নির্মাণ কৰা হৈছিল।শুক্ৰেশ্বৰ ঘাটৰ সমীপত এই গেট নির্মাণ কৰা হৈছিল, য'ত ভাইচৰয়ে নিজৰ জাহাজখন লংঘন কৰিছিল। অসমৰ এই অংশত এই ধৰণৰ একমাত্ৰ স্মৃতিসৌধ আৰু ঔপনিৱেশিক যুগৰ পৰা জীয়াই থকা একমাত্র ইটাৰ স্থাপত্য
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments