
প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ! তদন্ত অব্যাহত
4Oct- জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ চাঞ্চল্যকৰ ভাষ্যই নতুনকৈ সন্দেহৰ সঞ্চাৰ কৰিছে। তেওঁৰ অভিযোগ অনুসৰি, জুবিন গাৰ্গক বিহপান কৰাই হত্যাৰ ষড়যন্ত্ৰ চলিছিল। সূত্ৰমতে, সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ সহযোগী শ্যামকানু মহন্তই সচেতনভাৱে জুবিনক বিষক্ৰিয়া কৰোৱাৰ ভয়ংকৰ অভিযোগ উঠিছে। মূল সাক্ষী তথা অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে আরও দাঙি ধৰে, মৃত্যুৰ পূৰ্বে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গ থকা য়টখন বলপূৰ্বক দখল কৰি এই ঘটনাক দুৰ্ঘটনা হিচাপে প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰিছিল। এই সম্পূৰ্ণ বিষয়াৰ খবৰ প্রকাশ হোৱাৰ ১২ ঘণ্টা অতিক্ৰম হ’লেও SITয়ে এতিয়াও কোনো সঠিক স্পষ্টীকৰণ দিয়া নাই।
জুবিন গাৰ্গ শেষ মুহূৰ্তত শ্বাসকষ্টত ভুগি থকা অৱস্থাত নাক-মুখৰ পৰা ফেন ওলাইছিল। তেতিয়া সিদ্ধাৰ্থ শৰ্মাই তাক কেৱল গেষ্ট্ৰিক সমস্যা বুলি উলাই কৰি চিকিৎসা নকৰিবলৈ কৈ এৰি দিলে। ইয়াৰ আগতে ছিংগাপুৰৰ পান পেচিফিক হোটেলৰ ৩০১০ নং কোঠাতো সিদ্ধাৰ্থ শৰ্মাই সন্দেহজনক আচৰণ দেখুৱাইছিল বুলি শেখৰজ্যোতি গোস্বামীয়ে মন্তব্য কৰে।
শনিবাৰে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে গৰিমা শইকীয়া গাৰ্গৰ হাতত প্ৰদান কৰিলে জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।SITএ প্ৰদান কৰা জিএমচিএইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তদন্তকাৰী বিষয়াৰ হাততেই ওভতাই পঠিয়ালে গৰিমা শইকীয়া গাৰ্গে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ‘ব্যক্তিগত সম্পত্তি’ নহয় বুলিও মন্তব্য গৰিমা গাৰ্গৰ।এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়, ‘‘যিহেতু তদন্ত প্ৰক্ৰিয়া চলি আছে, গতিকে এই সময়ত কথাবোৰ ৰাজহুৱা হ’লে তদন্তত ব্যাঘাত জন্মিব পাৰে বুলি ভাবি মৰণোত্তৰ প্ৰতিবেদখন মই গ্ৰহণ নকৰিলোঁ।’’
3rd Oct- শেখৰজ্যোতি, অমৃতপ্ৰভা মহন্তক জিম্মাত ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে।কালি জেৰাৰ অন্তত CIDএ গ্ৰেপ্তাৰ কৰিছিল অভিযুক্তদ্বয়ক।জুবিনৰ মৃত্যুৰ সময়ত ছিংগাপুৰত একেলগে আছিল দুয়ো। সাগৰত জুবিনে কৰা জলকেলিৰ ভিডিঅ’ ৰেক’ৰ্ডিং কৰিছিল অমৃতপ্রভাই।
আনহাতে, উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ লেখ আবেদন। লেখ আবেদনত CBI বা NIAলৈ গোচৰটো হস্তান্তৰৰ বাবে অনুৰোধ। ঘটনাৰ বাবে সংবাদমাধ্যমক দোষাৰোপ শ্যামকানু মহন্তৰ। গণৰোষৰ আশংকাত উদ্বিগ্ন শ্যামকানু মহন্ত। লেখ আবেদনত উল্লেখ আছে ইতিপূর্বে অসমত সংঘটিত কেইবাটাও ঘটনা। SIT-এ কৰা তদন্ত প্রক্রিয়া নিৰপেক্ষ নহ'ব বুলি আশংকা প্রকাশ কৰিছে।লেখ আবেদনত পত্নীসহ দুই কন্যাৰ সুৰক্ষাৰ কথাও উল্লেখ আছে। নিজকে উদ্যোগী আৰু উৎসৱৰ সংগঠক বুলিও দাবী কৰিছে শ্যামকানুয়ে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ-সাংস্কৃতিক দিশত কাম কৰাৰ কথা, সুশান্ত সিং ৰাজপুতৰ ঘটনাৰ কথাও উল্লেখ আছে লেখ আবেদনত। ছিংগাপুৰৰ ঘটনাস্থলীৰ তথ্য-প্রমাণসহ তদন্ত প্রক্রিয়া আৰু পোষ্টমর্টেম ৰিপৰ্ট সংৰক্ষণৰ দাবী। ৰাজ্যিক সংস্থাসমূহে আবেদনকাৰীৰ বিৰুদ্ধে বৃহৎ ষড়যন্ত্ৰ কৰাৰ অভিযোগ। মিডিয়া ট্রায়েলৰ বাবে বলিৰ পঠা হোৱা বুলি উল্লেখ শ্যামকানুৰ। তদন্তকাৰী কর্তৃপক্ষই বাসগৃহ আৰু ছীল কৰা প্ৰক্ৰিয়াক ভুল আখ্যা।পৰিয়ালৰ সকলো সদস্যৰ লগতে আবেদনকাৰীৰ বেংক একাউণ্ট বন্ধ কৰাক লৈ অসন্তুষ্ট শ্যামকানু।
2nd Oct - ছিংগাপুৰত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল নেকি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক? CID-এ সংযোজন কৰিছে হত্যাকাণ্ডৰ ধাৰা। শ্যামকানু-সিদ্ধার্থক জেৰা চলাই চাঞ্চল্যকৰ তথ্য লাভ। নতুন তথ্য লাভৰ পাছতে হত্যাকাণ্ডৰ ধাৰা সংযোজন। 1/2025 নং গোচৰত সংযোজন BNSৰ 103 ধাৰা।
CID ৰ জেৰাত মুখ খুলিছে সিদ্ধার্থ শর্মাই। নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন ৩ ব্যক্তিকো তলব কৰিব আৰক্ষীয়ে। আটাইকেইজন শ্যামকাণুৰ ঘনিষ্ঠ।
ইতিমধ্যে ছিংগাপুৰৰ পৰা আহি পালে Autopsy ৰিপ'ট তাৰ পিছতে অসম আৰক্ষীক ৰিপ'ৰ্ট অৰ্পণ কৰে। ছিংগাপুৰৰ ফালৰ পৰা কোনো Foul Play নাকচ কৰা হৈছে। Autopsy'ত Accidental Death বুলি উল্লেখ আছে। কিন্তু অসম আৰক্ষীয়ে Negligence'ৰ কথাৰ লগতে আন কেতবোৰ দিশ মন কৰি এই তদন্ত প্রক্রিয়া আগবঢ়াই নিব।
আনহাতে, কালি জুবিন গাৰ্গৰ লগত যোৱা কন্ঠশিল্পী অমৃতপ্রভাই SITৰ সন্মুখত স্বীকাৰ কৰিছে যে video সমূহ তাইৰ ফোনতে বন্দী কৰিছিল। গুৱাহাটীৰ পৰা ছিংগাপুৰলৈ যোৱা এজন ডাঙৰ ব্যৱসায়ীক সেই video সমূহ দিছিল, তাৰ পিছত videoখিনি সংবাদ মাধ্যমক দিয়ে। সিদ্ধাৰ্থৰ পৰা জুবিনৰ এটা বেগ উদ্ধাৰ কৰিছে। কেইবাবিধ ঔষধৰ লগতে কিছু নথি-পত্ৰও উদ্ধাৰ কৰা হৈছে।
1st Oct - প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। চি জে এম আদালতে দুয়োকে ১৪দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। বুলেটপ্রুফ বাহনত উঠাই শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাক লৈ যোৱা হয় চি আই ডিৰ কার্যালয়লৈ।
আনফালে, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গার্গে এই সন্দৰ্ভত কয় যে, শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিছে ভাল কথা। চৰকাৰ আৰু ন্যায়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। তেওঁলোকৰ মুখৰ পৰা উলিয়াৱক, আঁচলতে সেইদিনা কি হৈছিল। আমি সকলোৱে ইমান দিনে জানিব বিচাৰি আছোঁ।
যোৱা ১৯ চেপ্তেম্বৰত কোনেও কল্পনাও কৰিব নোখোজা এক খবৰে সমগ্ৰ অসমবাসীৰ মৃত্যু হোৱাৰ দৰে হ'ল। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি হেৰুৱালো। চিংগাপুৰত সাগৰত ডুবি পেলায় তেওঁৰ মৃত্যু হোৱা খবৰে অসম কঁপাই তুলিছে।আজি ৮ দিন হোৱাৰ পিছতো স্তব্ধ অসম।
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দাখিল হৈছিল প্ৰায় ৫০ৰো অধিক এজাহাৰ। এজাহাৰ কাৰী সকলৰ ভাষ্য গ্ৰহণ কৰিছিল CIDৰ দলটোৱে। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পিছতে বিভিন্ন ৰহস্য সৃষ্টি হৈছে। তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকাণু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দাখিল হৈছিল এজাহাৰ। তাৰপিছতে SIT গঠনৰ বাবে DGPক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নমুনা বিশদ পৰীক্ষাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব।
কিন্তু কথা হয় যে ইমানবোৰ তদন্ত CBI লাগি থকা পিছতো এজন এজনকৈ সকলোৱে বিভিন্ন মাধ্যমৰ সন্মুখত স্পষ্টীকৰণ দিবলৈ সুযোগ কেনেকৈ পালে। প্রথমে আহিল শেখৰ গোস্বামী। বিভিন্ন চেনেলত নিজৰ স্পষ্টীকৰণ দিলে। সঞ্জীৱ নাৰায়ণক প্ৰেছ কনফাৰেন্স কৰিবলৈ সুযোগ দিলে। তাৰপিছত শ্যামকানুয়ে কোনো স্থানৰ পৰা ফেচবুক LIVE আহিল। বুজাবলৈ চেষ্টা কৰিলে যে নিজে নির্দোষী।
আনফালে জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দি তথ্য প্ৰমাণ নষ্ট কৰাত ব্যস্ত চাগে তন্ময় ফুকন এণ্ড কোম্পানী। ওৰে ৰাতি পাৰ্টি কৰি কাহিলি পুৱাতে আকৌ জুবিন গাৰ্গক য়টলৈ লৈ গৈছিল ।নেতৃত্বত আছিল তন্ময় ফুকন। তাত বিয়েৰ খুৱাই লাইফ জেকেট নিপিন্ধাকৈ সাগৰত নামিব দিছিল আমাৰ হিয়াৰ আমঠুক জুবিন দাক। সেই গ্ৰুপটোত আছিল অভিমন্যু তালুকদাৰ, দেৱজিৎ হাজৰিকা, সিদ্ধাৰ্থ বৰা, ৰিপকমল শইকীয়া, সুদীপ চেটাৰ্জী, ৱাজিদ আহমেদ আৰু পৰীক্ষিত শৰ্মাৰ লগতে আন বহুজন। তাৰে কেইবাজনৰো ম'বাইলত নিশ্চয় বন্দী হৈ আছে জুবিন দাৰ অন্তিম মুহূৰ্তৰ বহু দৃশ্য। কিন্তু সেই দৃশ্য ৰাজহুৱা নকৰি এটা এটাকৈ ভিডিঅ' প্ৰেৰণ কৰিছে ছচিয়েল মিডিয়াত।
আনহাতে আজি, শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মালৈ CIDৰ summon। ১০ দিনৰ ভিতৰত হাজিৰ হোৱাৰ নির্দেশ দিছে। আৰু লগতে ছিংগাপুৰৰ ১১ জন অসমীয়ালৈ CIDৰ summon। অন্যথা সকলোৰে বিৰুদ্ধে Look-Out নটিচ জাৰি হ'ব।
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সদৌ অসম উকীল সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অভিযুক্তৰ হৈ ওকালতি নকৰে সদৌ অসম উকীল সন্থাই। সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত সন্থাৰ।
ইতিমধ্যে জানিব পৰা মতে অগ্রিম জামিনৰ বাবে দিল্লীৰ অধিবক্তাৰ জৰিয়তে জামিনৰ কুচকাৱাজ চলাইছে। অধিবক্তা অনিতা ছাৰনে সংগ্ৰহ কৰিছে এজাহাৰৰ প্ৰতিলিপি SITয়ে জব্দ কৰা সামগ্ৰীৰ তালিকা সংগ্রহ। অধিবক্তা অনিতা ছাৰনৰ ইতিমধ্যে অভিযুক্তৰ হৈ গোচৰ নোলোৱাৰ সিদ্ধান্ত সদৌ অসম উকীল সন্থাৰ।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments