ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ
দেওপাহাৰ অসমৰ গোলাঘাটৰ নুমলীগড়ত অৱস্থিত এক ঐতিহাসিক স্থান। ই ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত।৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অৱস্থিত এই ঐতিহাসিক দেৱপৰ্ৱত বহু প্ৰাচীন ধ্বংসাৱশেষ, কীৰ্তিচিহ্ন আৰু শিৱ মন্দিৰ আছে।৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অৱস্থিত এই ঐতিহাসিক দেৱপৰ্ৱত বহু প্ৰাচীন ধ্বংসাৱশেষ, কীৰ্তিচিহ্ন আৰু শিৱ মন্দিৰ আছে। প্ৰাচীন ভাস্কৰ্য, মুদ্ৰা, মন্দিৰ আৰু বিভিন্ন প্ৰকাৰৰ ইটা আজিও দেৱপৰ্ৱতৰ আশে-পাশে সিঁচৰতি হৈ আছে। এইবোৰ অষ্টম আৰু নৱম শতিকাৰ ঐতিহাসিক উৎস হিচাপে চিনাক্ত কৰা হৈছিল। দেৱপৰ্ৱতৰ আশে-পাশে সিঁচৰতি হৈ আছে। এইবোৰ অষ্টম আৰু নৱম শতিকাৰ ঐতিহাসিক উৎস হিচাপে চিনাক্ত কৰা হৈছিল। ১৮৯৭ চনত হোৱা ভয়াৱহ ভূমিকম্পত দেৱপৰ্ৱতৰ প্ৰাচীন মন্দিৰ ধ্বংস হৈছিল।ইয়াত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে। দেওপাহাৰত অৱস্থিত মন্দিৰটো শিলৰ ওপৰত নিৰ্মিত বুলি জনা যায়। দেওপৰ্বতৰ অৰ্থ হৈছে ঈশ্বৰৰ পাহাৰ।এই পাহাৰটোক কিছু লোকে ‘জৰাসন্ধ পাহাৰ’ বুলিও কোৱা হয়। সেই অনুসৰি, একালত মগধৰ ৰজা জৰাসন্ধই শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধ কৰোঁতে এই পাহাৰতেই বাহৰ পাতিছিল।দেওপাহাৰৰ শিখৰত অৱস্থিত শিলৰ মন্দিৰ স্থাপত্যশৈলীৰ পৰা খ্ৰীষ্টীয় সপ্তমৰ পৰা নৱম শতিকাৰ বুলি অনুমান কৰা হয়। এই মন্দিৰ ভগৱান শিৱৰ প্ৰতি উছৰ্গিত বুলি গণ্য কৰা হয়। ইয়াৰ শৈল ভাস্কৰ্যবোৰে তাত এটা বৃহৎ মন্দিৰ আছে বুলি প্ৰমাণ কৰে। ইতিহাস অনুসৰি ১৮৯৭ চনৰ বৰভুঁইকঁপত এই মূখ্য শিৱ মন্দিৰটো ধ্বংস হয়।লোকবিশ্বাস অনুসৰি ইয়াৰ মূল শিৱলিংগটো ১৯ শতিকাত পাহাৰৰ কাষতে স্থাপিত বাবা থান মন্দিৰলৈ স্থানান্তৰ কৰা হৈছিল। ইয়াত এজোপা ঐতিহ্যপূৰ্ণ ভেলেও গছ আছে। প্ৰতি বছৰে জানুৱাৰীৰে পৰা অক্টোবৰ মাহলৈ এই গছত কেইবাটাও বৃহৎ বৃহৎ বাহ সাজিবলৈ হিমালয়ৰ পাদদেশৰ বনৰীয়া পৰিভ্ৰমী মৌমাখি ইয়ালৈ আহে।
ৰামায়ন, মহাভাৰতৰ অনেক কাহিনীৰ চিত্ৰ ইয়াৰ ভাস্কৰ্যবোৰত দেখা যায়। ইয়াৰ উপৰি চন্দ্ৰ, সূৰ্য, গনেশ, ত্ৰিপুৰাৰী, কীৰ্তিমুখ, শনিৰ মূৰ্তি, উৰন্ত বিদ্যাধৰ, ত্ৰিপুৰাসুৰ বধ, বৃক্ষৰুপী ৰুদ্ৰ, দ্বাৰপালকৰ ৰুপত শিৱ, লক্ষ্মী-নাৰায়ণ, হৰ-গৌৰী, ৰাসলীলা, শিৱলিংগ, দেওশালৰ খুটা, প্ৰাণায়াম, ধ্যান, তেলবৃক্ষ, ৰাম আৰু সুগ্ৰীৱৰ মিত্ৰতা স্থাপন, নটৰাজ, গন্ধৰ্ব, জটায়ু পক্ষীৰ লগত ৰাৱনৰ যুদ্ধ, লক্ষ্মণক মৃত্যুৰ পৰা বচাবলৈ সুষেণ বৈদ্যই কবিৰাজি দৰৱ খুন্দি থকা আদি দুৰ্লভ দৃশ্যৰ উপৰি মন্দিৰৰ কলচীত নৃত্য কৰি থকা ইন্দ্ৰ-ইন্দ্ৰাণী, শিৱ-শিৱানীৰ মূৰ্তি সকলোৰে ভাস্কৰ্য ইয়াত দেখিবলৈ পোৱা যায়।ইয়াত গছ-গছনিৰ ভিতৰত কঁঠাল, ভেলেউ, মেজাংকৰি, হাতি-ঢেঁকীয়া, ভেলেউ, বনৰীয়া কল,বাৰমহীয়া আম, বন সুমথিৰা, আজাৰ, তিতাচঁপা, হলখ, শিশু,সৰ্পগন্ধা, থেকেৰা, গুল্ম প্ৰজাতিৰ অলেখ আৰু বনৌষধি উদ্ভিদৰ মেটমৰা বাগিছা এই দেওপৰ্বত| ইয়াত পোৱা কোটোহা বাঁহ, বজাল বাঁহ, নল-বিৰিণা আদি বনৰীয়া হাতীৰ প্ৰিয় খাদ্য| সেইবাবেই বছৰৰ প্ৰায় সকলো সময়তে ইয়াত হাতীয়ে বিচৰণ কৰে।বনৰীয়া হাতী, নাহৰ-ফুটুকী, লতামাকৰি বাঘ, লাজুকী বান্দৰ,কেঁটেলা পশু, গুঁই, হুদু, হলৌ বান্দৰ,বনৰৌ, জহামাল, অজগৰ, সেউজীয়া সাপ, অজগৰ, দুষ্প্ৰাপ্য কেঁকো সাপ,বিভিন্ন প্ৰজাতিৰ সৰীসৃপ, নানাধৰণৰ পক্ষী-কুল দেওপৰ্বতৰ গিৰীহঁত।এই পৰ্বতত বিচৰণ কৰে ঢেঁকীয়াপতীয়া বাঘ আৰু ৰজাফেটী।দেওপাহাৰ বহু সম্পদেৰে ভৰপূৰ সেয়েহে আজি উত্তৰ-পূব তথা অসমৰ পৰ্যটনৰ সম্ভাৱনাময় এখন জাকতজিলিকা ঠাই ৰূপে পৰিগণিত হৈছে।
সহায় লৈ
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments