সোণোৱাল কছাৰীসকলৰ বাইথ’ পূজা
সোণোৱাল কছাৰীৰ লোক সমাজত বাইথ’ পৰম্পৰা অসমৰ সাংস্কৃতিক জগতৰ এক অমূল্য
সম্পদ। সোণোৱালসকলে প্ৰাচীন কালৰে পৰা পালন কৰি অহা ধৰ্মটোৰ নাম হৈছে ‘কিৰাত’ বা ‘কৈৰাত’। এওঁলোকৰ লোক-সমাজ জীৱন-প্ৰণালীৰ
সাংস্কৃতিক ধাৰা আৰু লোকাচাৰসমূহ অধিকাংশই কিৰাত অৰ্থাৎ শিৱকেন্দ্ৰিক। সোণোৱালসকলৰ
বাইথ' 'শিৱ' বা 'কিৰাত'ৰেই নামান্তৰ। এই ধৰ্মীয় আদৰ্শৰ
প্ৰধান উপাস্য দেৱতা 'শিৱ' হোৱাৰ বাবেই এওঁলোকৰ ধৰ্মৰ নাম ‘কিৰাত’ বা ‘কৈৰাত’। কিৰাত দেৱতাক বড়ো ভাষাত 'বাথৌ' বুলি কোৱা হয় আৰু সেই বড়োমূলীয়
জনগোষ্ঠীৰে অন্যতম ঠাল হোৱাৰ সূত্ৰে সোণোৱালসকলে 'বাইথ'
বুলি উচ্চাৰণ কৰে। বাইথ’
পূজা পূৰ্বতে হাবিৰ মাজত ডাঙৰ গছৰ গুৰিত কৰা হৈছিল যদিও পিছলৈ এই পূজা মন্দিৰত কৰা
হল। আধ্যাত্মিকতাভিত্তিক এই পৰম্পৰা তিনিচুকীয়াৰ বৰপথাৰ-নপথাৰ গাঁৱত অৱস্থিত
তেওঁলোকৰ স্থায়ী মন্দিৰ প্ৰাঙ্গণত প্ৰতি বছৰে অনুষ্ঠিত হয়। অন্য সোণোৱাল অঞ্চলত
ইয়াক এদিনীয়াকৈ পালন কৰা হয়। এই উৎসৱ শিৱ সম্বন্ধিত আধ্যাত্মিক আচাৰ-আচৰণেৰে সমৃদ্ধ।
ইয়াত তেওঁলোকে হায়দাং-গীত আৰু হাইদাং-নৃত্য পৰিৱেশনেৰে পূজা অৰ্চনা কৰাৰ লগতে
মাটিৰ উৰ্বৰতা কামনাৰে আনন্দৰে বিহু মাৰি ব'হাগ বিহুৰ আগমনি বা বিহু নমোৱা পৰ্ব সম্পাদন কৰে।
এসময়ত ভগৱান শিৱই 'মাধপুৰুষ' আৰু পত্নী পাৰ্বতীয়ে 'সুৰেশ্বৰী' নাম লৈ এখন পৰ্বতৰ দাঁতিত এটা পঁজা সাজি বসবাস কৰি আছিল।
এদিন মাধপুৰুষে ওজা গৰখীয়া ৰূপ ধৰি আন গৰখীয়াসকলৰ কাষত উপস্থিত হ'ল আৰু
জামু গছৰ গুৰিত বহি গৰখীয়াসকলক গৰু-গাইসমূহ নিৰাপদে থাকিবলৈ গন্ধসৰৈ গছৰ গুৰিত
ফৰিং বলি দি পূজা কৰিবলৈ উপদেশ দিয়ে। সেইমতে তোওঁলোকে পাল পাতি দৈনিক একোজনে ফৰিং
বিচাৰি আনে আৰু ওজাৰ উপদেশমতে সেই ফৰিং বলি দি পূজা কৰিবলৈ আৰম্ভ কৰাত গৰু-গাইসমূহ
নিৰাপদ অৱস্থালৈ আহিল। এনেদৰে দৈনিক গৰখীয়াহঁতে গন্ধসৰৈ গছৰ গুৰিত
গীত-বাদ্য-নৃত্যৰে পূজা সমাপন কৰাৰ অন্তত বাদ্য সমন্বিতে পূজাৰ সা-সঁজুলিবোৰ জামু
গছৰ গুৰিত বহি থকা ওজা গৰখীয়া মাধপুৰুষৰ কাষত ৰাখে। এদিন গৰখীয়া এজনে ফৰিং যোগাৰ
কৰিব নোৱৰাত উপায়ন্তৰ হৈ নিজৰ ডিঙিটোকে বলি দিবলৈ পূজাৰীৰ ওচৰত আগবঢ়াই দিলে।
সেইমতে পূজাৰীয়ে গৰখীয়াজনৰ কাতিব লোৱাৰ মুহূৰ্ততে গৰখীয়াজনৰ মূৰটো বিচ্ছিন্ন হৈ
গ'ল। এই
ঘটনা সংঘটিত হোৱাৰ ফলশ্ৰুতিত পূজাৰ মাহাত্ম্যৰ প্ৰতি লক্ষ্য ৰাখি এই পূজা পৌৰাণিক
কালৰ পৰা আজিৰ পৰ্যন্ত প্ৰতি বছৰে সমাপন কৰা হৈ আহিছে। সেইকালত গন্ধসৰৈ গছৰ ত'ল
পূজা কৰাৰ স্থান হোৱা হেতু আজিও মন্দিৰৰ মূল খুটাটো গন্ধসৰৈ গছৰ পৰা লোৱা হয়। অন্যদিশে, জামু
গছৰ ত'ল ওজা
গৰখীয়া মাধপুৰুষে বহাৰ স্থান হোৱা হেতুকে পূজাৰীৰ বৰঘৰৰ খুটাটো জামু গছৰ হয়, য'ত
পূজাৰ গীত-বাদ্যৰ সঁজুলিসমূহ সমৰ্পণ কৰা হয়।
কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰা প্ৰতিবছৰে শিৱৰাত্ৰিৰ পাছৰ দ্বিতীয় সোমবাৰক কেন্দ্ৰ কৰি আগদিনা ৰ্অথাৎ দেওবাৰে‘দেও নমোৱা’ কাৰ্য্যসূচীৰে আৰম্ভ কৰি চাৰিদিনীয়াকৈ পালন কৰা হয়। এই উপাসনা শিৱৰাত্ৰিৰ পাছৰ দ্বিতীয় সোমবাৰ মুখ্য কৰি চাৰিদিনীয়াকৈ বন্তি প্ৰজ্জ্বলন আৰু গীত-বাদ্য-নৃত্যৰ পালন কৰা হয়। এওঁলোকে ইয়াক 'বিহু নমোৱা' উৎসৱৰূপেও পালন কৰি আহিছে, য'ত প্ৰজননৰ প্ৰতীকৰূপে ময়ূৰ চৰাইৰ নৃত্যভংগিক প্ৰতীকীৰূপত উপস্থাপনেৰে ময়ূৰ পাখিৰ লয়লাস ভংগিমা আৰু মুদ্ৰাসমন্বিত 'হায়দাং গীত-নৃত্য'ৰ মাধ্যমেৰে সেৱা জনোৱা হয়। এই পূজা উপলক্ষে চ’ত মাহৰ দ্বিতীয় সপ্তাহৰ দেওবাৰে ৰাতি দেও নমোৱা হয়, সোমবাৰে বলি-বিধানৰ সৈতে পূজা কৰা হয় আৰু পিছদিনা মঙলবাৰে পুৱা হাইদাং গীত গাই বাইথ’ মন্দিৰত পূজা শেষ কৰা হয়। এই পূজাৰ মূল উপাস্য দেৱতা হ’ল বাইথ’ বা খিৰিং ৰজাক পূজা-পাতলেৰে আৰাধনা কৰি তুষ্ট কৰিলে বছৰটোলৈ সমাজখনৰ মঙ্গল সাধন হয় বুলি কোৱা হয়।
তৃতীয় দিনৰ অৰ্থাৎ মঙলবাৰৰ দিনটোত পুৱা হাইদাং গীত পৰিৱেশন কৰি মন্দিৰত পূজা শেষ কৰা হয়। লোকসকলে হাইদাং গীতৰ লগত সংগত কৰা সঁজুলিবিলাক পূজাৰীৰ বৰঘৰৰ বৰচাঙৰপৰা নমাই আনি মূল মন্দিৰত হাইদাং গীত পৰিৱেশন কৰি পুনৰ স্থানত সঁজুলিসমূহ সজাই থোৱা হয় আৰু প্ৰসাদ বিতৰণ কৰি পূজা সামৰণি মাৰে।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments