19 January, Sun 2025
support@thecriticalscript.com
Blog image

অনলাইন ব্যৱসায় আৰু ইয়াৰ প্ৰয়োজনীয়তা

06 Jan,2022 01:00 PM, by: Jyoti Rekha Kalita
1 minute read Total views: 923
0 Like 0.0

If your business is not, On the internet, then Your business will be Out of business     ~ Bill Gates

হয়, এই কথাষাৰ বিশ্বপ্ৰসিদ্ধ ব্যৱসায়ী বিল গেট্ছ এ কৈছিল। বৰ্তমান যুগত এই কথাষাৰ আমাৰ জীৱনত সম্পূৰ্ণ ৰূপে খাপ খাই পৰে। অনলাইন ব্যৱসায় বা ই-বিজনেছ এতিয়া এটা বিশাল মাধ্যম নিজৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰিবলৈ। ইয়াৰ জৰিয়তে বহুত বেছি মানুহে আপোনাৰ ব্যৱসায়ৰ বিষয়ে জানিব পাৰে। অনলাইন ব্যৱসায়ৰ প্ৰয়োজনীয়তা আজিৰ দিনত যথেষ্ট। এইখন ক্ষেত্ৰত দৃঢ় ভাবে খুপনি পুতি লব পাৰিলে গ্ৰাহক সকলক আকৰ্ষিত কৰিবলৈ, তেওঁলোকৰ বিশ্বাস জিনিবলৈ বেছি পৰ নালাগে। লগতে যোগাযোগৰ মাধ্যম টো আৰু বেছি দৃঢ় হৈ পৰিব।

ব্যৱসায় লাগে যিয়েই নহওঁক, আজিৰ দিনত অনলাইন যোগে তাৰ বিজ্ঞাপন তথা প্ৰচাৰ কৰাটো দৰকাৰ। ছচিয়েল মিদিয়া, গুগল ইত্যাদিত অতি কম খৰচতে বিজ্ঞাপন দিব পাৰি নিজৰ ব্যৱসায় অনুযায়ী। আমি ভালদৰে জ্ঞাত বৰ্তমান গোটেই বিশ্বৰ লগতে অসমৰ পৰিস্থতিৰ সৈতে। বহুতেই ঘৰৰ পৰা নিজৰ যাৱতীয় কাম কাজ সমূহ কৰিছে। ঘৰৰ পৰা কাম কৰাটো আজিৰ প্ৰজন্মই খুবেই আঁকোৱালি লৈছে, সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে।

এতিয়া পৰ্য্যন্ত যিহেতু কৰোনাৰ পয়োভৰ চলি আছে চাৰিওফালে, গতিকে সমগ্ৰ বিশ্বতে ছাই বিশেষে লকডাউন জাৰি কৰা হৈছে। এনে সময়ত বাহিৰত ওলাই কাম কৰিবলৈ যোৱাটো যথেষ্ট বিপদজনক। বহুতৰে কাম বন্ধ হৈ পৰিছে, কিন্ত যিসকলৰ ব্যৱসায় অথবা চাকৰি অনলাইন যোগে চলোৱাৰ সুবিধা আছে, তেওঁলোকৰ কাম সুকলমে চলি আছে। অনলাইন যোগে কৰা ব্যৱসায়ত গ্ৰাহকৰ পৰিমাণো বেছি হোৱা দেখা যায়। অনলাইন ব্যৱসায় কৰি উপাৰ্জন আৰম্ভ কৰিবলৈ বহুত থল আছে। তাৰে কিছুমান পদ্ধতি তলত উল্লেখ কৰা হ’ল-

  • ব্লগিং আৰু নিজা ৱেবছাইট (Blogging and own website)
  • শাখা বিপণন (Affiliate Marketing)
  • বিষয়বস্তু লিখা (Content Writing)
  • ডাটা এন্ট্ৰি (Data Entry)
  • সামাজিক গণমাধ্যম (Social Media)
  • ইউটিউব চেনেল (YouTube Channel)
  • অনলাইন শিক্ষকতা (Online Teaching)
  • অনলাইযোগে সামগ্ৰী বিক্ৰী (Online Selling)
  • নিজে সংগ্ৰহ কৰা ভিডিও অথবা ফটো অনলাইনযোগে বিক্ৰী (Online selling of video clips & photos)
  • অনলাইন গেমত ষ্ট্ৰিমিং কৰি টকা উপাৰ্জন ইত্যাদি (Online live streaming)
  • পি.টি.চি চাইট (PTC site) : পি.টি.চি চাইট মানে হৈছে পেইড অন ক্লিক (Paid On Click)। ইয়াৰ দ্বাৰা চাইট বোৰত ক্নিক কৰি টকা উপাৰ্জন কৰিব পাৰি। কিন্তু বহুতো মিছা (Fake) এনে চাইট আছে সেইবোৰৰ পৰা যিমান পাৰি সাৱধানে থকাটো ভাল।
ওপৰত উল্লেখিত পদ্ধতি সমুহৰ উপৰিও আন বহুতো অনলাইন কাম কৰাৰ পদ্ধতি আছে। সফলতা আমাৰ কামৰ বাচনিৰ ওপৰত নিৰ্ভৰ কৰে, তাতোকৈ বেছি নিৰ্ভৰ কৰে, আমি কেনেদৰে কামটো কৰিছোঁ অথবা আনতকৈ কিমান বেলেগকৈ, নতুনকৈ আৰু সোনকোলে হোৱাকৈ কৰিছোঁ। এইয়া নৱজাগৰণৰ সময়, প্ৰতিটো কাম নতুন চিন্তাৰে নতুন দিশেৰে আৰম্ভ কৰাৰ সময়, গতিকে সুবিধাবোৰে যেতিয়া হাত বাউল দি মাতি থাকে, তেতিয়া ইতিবাচক পৰিৱৰ্তন সমূহ আকোঁৱালি লোৱাত আমি অলপো পলম কৰাটো উচিত নহয়। 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.