22 December, Mon 2025
support@thecriticalscript.com
Blog image

জ্যোতি চিত্ৰবন - অসম তথা উত্তৰ-পূবৰ একমাত্ৰ ফিল্ম ষ্টুডিঅ’

09 Dec,2025 05:57 PM, by: Ankita Gogoi
1 minute read Total views: 87
0 Like 0.0

জ্যোতি চিত্ৰবন, অসমৰ প্ৰথম আৰু বৰ্তমানলৈ একমাত্ৰ ফিল্ম ষ্টুডিঅ' ৷ ১৯৬১ চনত এই ষ্টুডিঅ’টো অসমীয়া ছবিৰ প্ৰতিষ্ঠাপক জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতিত প্ৰতিষ্ঠা কৰা হৈছিল । ১৯৬৮ চনত আনুষ্ঠানিকভাৱে গুৱাহাটীৰ কাহিলীপাৰাত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ শুভাৰম্ভ কৰা হয় । দীৰ্ঘদিন ধৰি জ্যোতি চিত্ৰবনে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ মুখ্য কেন্দ্র হিচাপে কাম কৰি আহিছে । 


অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম পুৰোধা হিচাপে গণ্য হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ অক্লান্ত প্ৰচেষ্টাৰ ফলতেই ১৯৩৫ চনত মুক্তি পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ জৰিয়তে অসমৰ চলচ্চিত্ৰ শিল্পৰ আৰম্ভণি ঘটে। সেই সময়ত আজিৰ দৰে উন্নত প্ৰযুক্তি নাথাকিলেও, বহু বাধাৰ মাজতো ‘জয়মতী’ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হয়। ছবিখনৰ মুখ্য শ্বুটিং ভোলাগুৰি চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে গঢ়ি তোলা চিত্ৰবন ষ্টুডিঅ’ত সম্পন্ন হৈছিল।

জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ ইতিহাসৰ বিষয়ে বৰ্তমানৰ অধ্যক্ষ বিদ্যাসাগৰে কয়, “জ্যোতি চিত্ৰবন মূলতে গহপুৰত জ্যোতিপ্ৰসাদ আগৰৱালাই সৃষ্টি কৰা ‘চিত্ৰবন’ নামৰ সপোনৰ ষ্টুডিঅ’টোৰ চিন্তাধাৰাক আগবঢ়াই কেইবাজনো বিশিষ্ট ব্যক্তিৰ নেতৃত্বত স্থাপন কৰা হৈছিল। বিষ্ণু প্ৰসাদ ৰাভাৰ সময়ত এই বিষয়টো বিধানসভাতো উত্থাপন কৰা হৈছিল। ১৯৬৯ চনত ইয়াৰ প্ৰাথমিক আৰম্ভণি হয় আৰু ১৯৭৩ চনত জ্যোতি চিত্ৰবনক আনুষ্ঠানিকভাৱে চৰকাৰী ছ’চাইটি হিচাপে গঠন কৰা হয়। জ্যোতি চিত্ৰবনৰ প্ৰথম অধ্যক্ষ আছিল বিজয় কৃষ্ণ সন্দিকৈ।


১৯৬৮ চনৰ ১৭ জানুৱাৰীত প্ৰকাশিত এখন ইংৰাজী বাতৰি কাকতত উল্লেখ থকা অনুসৰি, “অসম চৰকাৰে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত অসমত চলচ্চিত্ৰ উদ্যোগক উৎসাহিত কৰিবলৈ এই চলচ্চিত্ৰ ষ্টুডিঅ’ স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল । এই ষ্টুডিঅ’ স্থাপনৰ মূল উদ্দেশ্য হৈছে বেচৰকাৰী চলচ্চিত্ৰ প্ৰযোজকসকলক কম ব্যয়ত অসমীয়া তথা দেশীয় চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰা । এই ষ্টুডিঅ’য়ে NEFA, অৰ্থাৎ নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ দৰে অঞ্চলসমূহৰ চলচ্চিত্ৰ প্ৰযোজকসকলক সুলভ মূল্যত সুবিধা প্ৰদান কৰিব ।

এই সন্দৰ্ভত বিদ্যাসাগৰে কয়, “চিত্ৰবনৰ আগত জ্যোতি শব্দটো লিখিবলৈ সমিতিলৈ ভূপেন হাজৰিকাদেৱে এখন পত্ৰ প্ৰেৰণ কৰিছিল । চিত্ৰবন জ্যোতি ককাইদেউৰ সপোনৰ ষ্টুডিঅ’ আছিল ৷ লগতে অসমীয়া ছবিক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিল্পীগৰাকীৰ যিটো সপোন, সেই সপোনটো যাতে সদায় জিলিকি থাকে সেই অৰ্থে চিত্ৰবনৰ আগত জ্যোতি শব্দটো লিখিবলৈ আহ্বান কৰিছিল ভূপেন হাজৰিকাই । ভূপেন হাজৰিকাদেৱৰ আগ্ৰহ মৰ্মে চিত্ৰবনৰ আগত জ্যোতি শব্দটো লগাই জ্যোতি চিত্ৰবন নামেৰে নামাকৰণ কৰা হয়'।

১৯৬৮ চনত অসমৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ সন্তান তথা দেৱদাস ছবিৰ নিৰ্মাতা প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ নামেৰে এখন ফ্ল’ৰেৰে ষ্টুডিঅ’টো কাৰ্যক্ষম কৰা হৈছিল । প্ৰথমবাৰৰ বাবে এই ফিল্ম ষ্টুডিঅ’ত শ্বুটিং কৰা হৈছিল নিপ বৰুৱাৰ 'ভদৰী' শীৰ্ষক চুটিছবিখন । আনহাতে ১৯৭২ চনত মুক্তি পোৱা বিভ্ৰাট ছবিৰ গীত ৰেকৰ্ডিং কৰা হৈছিল জ্যোতি চিত্ৰবনত।আটাইকেইটা গীত জ্যোতি চিত্ৰবনত ৰেকৰ্ডিং কৰা এইখনেই আছিল প্ৰথম অসমীয়া ছবি ।


তথ্য সংগৃহীত


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.