মদন কামদেৱ দেৱালয়!
বাইহাটা চাৰিআলিৰপৰা চাৰি কিলোমিটাৰ পূব-দক্ষিণ দিশত অৱস্থিত ‘দিৱানগিৰি’ বা মদন-কামদেৱ পাহাৰত শৈল ভাস্কৰ্যৰ ৰত্ন ভাণ্ডাৰ মদন কামদেৱ দেৱালয় অৱস্থিত।সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ।অসমত একাদশ শতিকা আৰু দ্বাদশ শতিকাৰ প্ৰথম চতুৰ্থাংশত ৰাজত্ব কৰা পালবংশৰ পালবংশীয় স্থাপত্যৰ আটাইতকৈ ডাঙৰ থূপটোৱেই হৈছে মদন কামদেৱত থকা শিল আৰু ইটাৰে নিৰ্মিত স্থাপত্যসমূহ। এই ৰাজবংশটোৱে দশম শতিকাৰ (৯৯০ খৃঃ) পৰা দ্বাদশ শতিকাৰ মাজভাগলৈ কামৰূপত শাসন কৰিছিল।
বৰ্তমানৰ উত্তৰ গুৱাহাটী আৰু তাৰ আশে পাশে পোৱা অসংখ্য দুৰ্গ, ৰাষ্টা-ঘাট, ভৱন, মন্দিৰ, শিলালিপি আদিৰ ভগ্নাৱশেষৰ বাবে বুৰঞ্জীবিদসকলে উত্তৰ গুৱাহাটীকে তাহানিৰ কামৰূপ নগৰী বুলি থাৱৰ কৰিছে। মদন কামদেৱো কামৰূপ নগৰীৰে এটা অংশ আছিল। মদন কামদেৱৰ পৰা উত্তৰ গুৱাহাটীলৈ দূৰত্ব মাথোঁ দহ কিলোমিটাৰ।
ইয়াৰ মূল মণিকূট তথা গৰ্ভতস্থিত আলিংগনোপবিষ্ট শিৱ-পাৰ্বতীৰ যুগল মূৰ্তিয়েই ঘাই উপাস্য দেৱতা।দেৱালয়ৰ নাম মদন কামদেৱ যদিও ইয়াত মদন কামদেৱৰ উপাসনা কৰা নহয়। দৰাচলতে ই ভগৱান শিৱৰহে উপাসনাস্থলী। কিছু লোকৰ মতে শিৱৰ ক্ৰোধাগ্নিত ভষ্ম হোৱা কামদেৱে ইয়াতে পূৰ্বৰ ৰূপ ঘূৰাই পাইছিল আৰু পত্নী ৰতিদেৱীৰ সৈতে মিলিত হৈছিল বাবেই এই নাম হ’ল। কিন্তু ইয়াত ইমান সত্যতা নাই বুলিও কোৱা হয়। মন্দিৰৰ গাত খোদিত আৰু চৌপাশে সিঁচৰতি হৈ থকা শৃংগাৰৰত ভংগিমাৰ ভাস্কৰ্যসমূহৰ বাবে জনমানসত হিন্দুৰ প্ৰেম আৰু যৌনতাৰ দেৱতা মদন কামদেৱৰ নামে ঠাই পাইছিল।
ইয়াৰ মূল উপাস্য মূৰ্তি উমা-মহেশ্বৰ যদিও বিভিন্ন আয়তনৰ মন্দিৰবোৰৰ সমীপত কেইটামান গজকালৰ অৰ্থাৎ এইবিধ মূৰ্তিত বহি থকা হাতী এটাক সিংহই বশ কৰি থকা ভংগীত দেখা যায়।১৮ শ শতিকাত ধ্বংসপ্ৰাপ্ত দেৱালয়খন আহোম স্বৰ্গদেৱ শিৱ সিংহই মেৰামতি কৰি দিছিল। পৰৱৰ্তী সময়ত ১৯৭২ চনত প্ৰত্নতাত্বিক সঞ্চালকালয়ে দেৱালয়খনৰ বিভাগীয় দায়িত্ব গ্ৰহণ কৰে। ১৯৭৭ চনত প্ৰত্নতাত্ত্বিক সমোদসমূহ উদ্ধাৰৰ অৰ্থে খনন কাৰ্য আৰম্ভ কৰে যদিও এই কাৰ্য বিভাগীয় কাৰণত বন্ধ কৰি দিয়ে। অৱশ্যে ১৯৮২-৮৩ চনত খনন কাৰ্য চলাই শৈল ভাস্কৰ্য মূৰ্তিসমূহ উদ্ধাৰ কৰাৰ উপৰি মূল মন্দিৰটো উদ্ধাৰ কৰে।খনন কাৰ্যত উদ্ধাৰ হোৱা আকৰ্ষণীয় স্থাপত্যাংশ হ’ল- এচটা বিশ্ব পদ্মখচিত বিৰাট আকাৰৰ তৌলিৰ শিল আৰু তাতোকৈ বৃহৎ আকাৰৰ খণ্ডিত বৃত্তাকাৰ শিলৰ চটা। খনন কাৰ্যত উদ্ধাৰ হোৱা দুশৰো অধিক দেৱ-দেৱীৰ মূৰ্তিৰ ভিতৰত নটৰাজ, চতুৰ্ভূজ, শিৱ, গণেশ, বিষ্ণু, ভৈৰৱ, উমা, সূৰ্য, অস্পৰা, বিদ্যাধাৰীৰ লগতে ভালেমান অপৰিচিত দেৱ-দেৱীৰ মূৰ্তিও আছে। ইয়াৰ লগতে উদ্ধাৰ হৈছে সিংহ, গজসিংহ, হস্তী, শিয়াল, কুকুৰ, শগুণ আদিৰ চিত্ৰ খোদিত অসংখ্য শিলাখণ্ড।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments