
ঐতিহাসিক চমৰীয়া সত্ৰ
অসমৰ সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ এক অমূল্য সম্পদ হিচাপে গণ্য চমৰীয়া সত্ৰ কামৰূপ জিলাৰ বকোৰ পৰা প্ৰায় ১৩ কিঃ মিঃ দূৰত্বত অৱস্থিত। চমৰীয়াৰ পুৰণি নাম আছিল গোবিন্দপুৰ, যিয়ে এক ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্ব বহন কৰে।লোকবিশ্বাস অনুসৰি, শ্ৰীকৃষ্ণই তেওঁৰ পত্নী সত্যভামাৰ সৈতে গোবিন্দপুৰ ভ্ৰমণ কৰিছিল। তাত উপস্থিত থাকোতে, তেওঁ এগছ বটগছৰ ছাঁত বিশ্রাম লৈছিল। আশ্চৰ্যজনকভাৱে, সেই বটগছৰ ডাল শ্যাম বৰণৰ হৈ পৰিছিল আৰু এগছি বন্তি নিজে নিজে প্ৰজ্বলিত হৈছিল। সেই সময়তে, শ্ৰীকৃষ্ণই শংখ বজাইছিল, য'ত পাঁচটা ধ্বনি উৎপন্ন হৈছিল। এই শংখৰ ধ্বনি যত' দূৰলৈ বিস্তাৰিত হৈছিল, সেই পৰিসীমাৰ ভিতৰত থকা অঞ্চলটো গোবিন্দপুৰৰ সলনি চমৰীয়া নামে পৰিচিত হৈ পৰে।
চমৰীয়া সত্ৰ কেৱল এটি ধৰ্মীয় স্থান নহয়, বৰঞ্চ এক গৌৰৱময় ঐতিহ্যৰ বাহক। সত্ৰটোৱে ভক্তিমূলক কীৰ্তন, নামপ্ৰসংগ আৰু অসমীয়াৰ বৈষ্ণৱ সংস্কৃতিৰ বিকাশত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। সত্ৰটো ভক্ত আৰু পর্যটকৰ বাবে এক আকৰ্ষণীয় স্থান, যদিও বহু লোকে এতিয়াও এই সত্ৰৰ বিষয়ে নাজানে। য'ত ধৰ্মীয় সংস্কৃতিৰ গভীৰ অধ্যয়ন আৰু অভিজ্ঞতা লাভ কৰিব পাৰি।
বৰবিষ্ণু আতা, যাৰ প্ৰকৃত নাম কংসাৰি ঠাকুৰ, চমৰীয়া সত্রৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম সত্ৰাধিকাৰ আছিল। তেখেত মহাপুৰুষ মাধৱদেৱৰ শিষ্য আছিল আৰু তেওঁৰ দিহা-পৰামৰ্শ অনুসৰি দক্ষিণ কামৰূপৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত চমৰীয়া গাঁৱত এই মহাপুৰুষীয়া সত্ৰ স্থাপন কৰে। চমৰীয়া সত্ৰ অসমীয়া বৈষ্ণৱ ধৰ্ম আৰু সংস্কৃতিৰ অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হয় আৰু দক্ষিণ কামৰূপত নৱ-বৈষ্ণৱ ধৰ্মৰ বিস্তাৰৰ এক গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিচিত।
চমৰীয়া সত্ৰ, মহাপুৰুষীয়া ধৰ্মৰ এক উজ্জ্বল দিশ আৰু বৰবিষ্ণু আতাৰ থান হিচাপে খ্যাত, বৰ্তমানো প্ৰচাৰৰ অভাৱত বহু লোকে নাজানে। পঞ্চশতাধিক বছৰীয়া এই ঐতিহ্যমণ্ডিত সত্ৰৰ ইতিবৃত্ত লিপিবদ্ধ নোহোৱাত বহু মূল্যবান তথ্য ইতিমধ্যে লুপ্ত হোৱাৰ পথত। সত্ৰীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে চমৰীয়া সত্ৰত নিয়মিতভাৱে ভাওনা, খোল বাদন, বৰগীত, সত্ৰীয়া নৃত্য, নাগাৰা নাম, থিয় নাম, ওজা-পালি আদি কলা-কৃষ্টি চৰ্চা অব্যাহত আছে।
অসমৰ অন্যান্য সত্ৰৰ দৰে, চমৰীয়া সত্ৰৰ ইতিহাসো মধ্যযুগীয় অসমৰ সামাজিক আৰু সাংস্কৃতিক পৰিক্ৰমা বুজিবলৈ এক নতুন দিশ উন্মোচন কৰে। আহোম স্বৰ্গদেউ লক্ষ্মীসিংহই চমৰীয়া সত্ৰক ৮০৭ বিঘা ৩ কঠা ৩ লেচা মাটি দান কৰিছিল। কিন্তু ১৯৬৭ চনৰ অসম ভূমি সীমা আইন অনুসৰি, চৰকাৰে ৭৯৬ বিঘা ৪ কঠা ৭ লেচা মাটি অধিগ্ৰহণ কৰি ৰায়তি পট্টা প্ৰদান কৰে। এতিয়া সত্ৰৰ অধীনত থকা মাটিকালি মুঠ ৮৭ বিঘা ১ কঠা ১৬ লেচা হৈছে।
কলহী নদীৰ পাৰতে অৱস্থিত চমৰীয়া সত্ৰৰ প্ৰাংগণত বিভিন্ন ঐতিহাসিক আৰু ধৰ্মীয় স্থাপত্যৰ সমাহাৰ দেখা যায়। এই সত্ৰত কীৰ্তন ঘৰ, গুৰুগৃহ, মঠ, দৌলঘৰ, সভাঘৰ, বাটচৰা, কেৱলীয়া হাতী, জাতিঘৰ আৰু দুটা বৃহৎ পুখুৰী বিশেষত্ব আছে।
ভাঁজঘৰৰ ভিতৰত মনিকূটত সংৰক্ষিত আছে মাধৱদেৱে নিজ হাতে কটা কাঠৰ গুৰু আসন আৰু তেওঁৰ হাতেই লিখা ‘ভক্তি-প্ৰদীপ’ নামৰ সাঁচি-পতীয়া পুথি। এই মূল্যবান সম্পদ দুটা দুবিধ অক্ষয়বন্তিৰ তলত সুৰক্ষিত কৰি ৰখা হৈছে। বৰবিষ্ণু আতাই সত্ৰ স্থাপনৰ সময়ত জ্বলোৱা এই অক্ষয়বন্তি বিগত চাৰিশ বছৰৰো অধিক কাল ধৰি অনিৰ্বাণভাৱে জ্বলি আছে।
সত্ৰটোৰ অন্যতম বিশেষ সম্পদ হ'ল ৰূপ-ব্ৰঞ্জৰ মিশ্ৰণেৰে নিৰ্মিত ৰজাদিনীয়া মূৰ্তিসমূহ। জনশ্ৰুতি অনুসৰি, ৰাণী ফুলেশ্বৰীৰ শাসনকালত এই মূৰ্তিসমূহ সত্ৰত প্ৰৱেশ কৰে। কাঠৰ শিল্পকলা সম্বলিত ভাস্কৰ্যসমূহৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে চতুর্ভূজ মূৰ্তি, হনুমানৰ মূৰ্তি, হাতী-সিংহ-ময়ুৰৰ যুগল মূৰ্তি চাৰিটা, আৰু পিয়লা আকৃতিৰ উৰাল দুটা। সত্ৰ চৌহদত কেইবাটাও শিলৰ কটা ভাস্কৰ্যো বিদ্যমান। স্থাপত্য আৰু ভাস্কৰ্য শিল্পৰ এইসকল নিদর্শনে চমৰীয়া সত্ৰৰ ঐতিহাসিক মূল্য বৃদ্ধি কৰিছে।ইয়াৰ উপৰিও সত্ৰত ভাওনাৰ বাবে ব্যৱহৃত মুখা, সাজ-পাৰ, থাল, টো, খৰাহী, পুথি-ঠগা, শৰাই, কলহ, চৰিয়া আদি কাঁহ-পিতলৰ সামগ্ৰী সংৰক্ষিত আছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments