12 March, Wed 2025
support@thecriticalscript.com
Blog image

অভয়াপুৰী ৰাজবাৰীৰ ৰাণী অভয়েশ্বৰী দেৱী!

11 Feb,2025 05:28 PM, by: Ankita Gogoi
1 minute read Total views: 172
0 Like 0.0

ৰাণী অভয়েশ্বৰী অসমৰ অন্যতম প্ৰভাৱশালী আৰু শক্তিশালী মহিয়সী নাৰী আছিল। তেওঁ অভয়াপুৰী (বৰ্তমানৰ বিজনী) ৰাজধানী স্থাপন কৰি ৰাজ্য শাসন কৰিছিল। সম্পূৰ্ণ ২১ বছৰ কাল ধৰি তেওঁ বিজনীত সুদৃঢ় শাসন চলাইছিল। ৰাণী অভয়েশ্বৰী দেৱীয়ে আজিৰ বঙাইগাওঁ জিলাৰ অভয়াপুৰী নগৰৰ নিৰ্মাণ কৰিছিল আৰু ৰাণী নামেৰে ঠাইখনৰ নাম অভয়াপুৰী, যত ৰাণী অভয়েশ্বৰী দেৱীয়ে ভূটানৰ বৰ্বৰ আক্ৰমণ বাবে ৰাজধানী তালৈ উঠাই আনে আৰু তাত এটা মহল নিৰ্মাণ কৰে যাক আজি অভয়াপুৰী ৰাজবাৰী বুলি জনা যায়। কিন্তু, সাধাৰণ এগৰাকী ছোৱালী কিদৰে ৰাণী অভয়েশ্বৰী নাম লাভ কৰি ৰাজসিংহাসনত অধিষ্ঠিত হল? 

১৭শ শতিকাৰ শেষভাগত বিজনী ৰাজ্যৰ ৰজা আছিল কুমুদ নাৰায়ণ ভূপ বাহাদুৰ, যাৰ ৰাজধানী আছিল ডুমুৰীয়া। তেওঁৰ ৰাণী আছিল সিদ্ধেশ্বৰী দেৱী। যিহেতু তেওঁ অপুত্ৰক আছিল, সেই কাৰণে ৰাজকাৰ্যত সম্পূর্ণভাৱে মনোনিবেশ কৰিব পৰা নাছিল আৰু প্ৰায়ে চিকাৰলৈ গৈ থাকিছিল।এদিন, চিকাৰলৈ যোৱাৰ সময়ত, হাচডুবা নামৰ বিলখনত জাকৈ বাই থকা অৱস্থাত তেওঁ অকস্মাৎ এক অপূৰ্ব ৰূপৱতী কিশোৰীক দেখে। সেই দৃশ্যই ৰজা কুমুদ নাৰায়ণৰ মনোযোগ আকৰ্ষণ কৰে।

বৰ মহিষী সিদ্ধেশ্বৰীৰ হাজাৰ বাধা দিয়াৰ পিছতো কিছু দিনৰ ভিতৰতে ৰজা কুমুদ নাৰায়ণে কিশোৰীগৰাকীৰ সৈতে বিবাহ সম্পন্ন কৰে। এই বিবাহ আছিল অনন্য আৰু বিতৰ্কিত। কিন্তু বিয়াত ৰজা নিজেই উপস্থিত নথকাৰ পৰিবর্তে, তেওঁৰ প্ৰতিনিধি হিচাপে এখন বৃহৎ তৰোৱাল ৰাখিছিল। ৰজাকুলৰ অধিষ্ঠাত্ৰী অভয়াদেৱীৰ নামেৰেই সদ্য বিবাহিতা সুন্দৰী মহিষীক ৰজাই নাম দিলে অভয়েশ্বৰী। আধুনিক শিক্ষাৰে শিক্ষিত, সৌন্দৰ্যময়ী আৰু গৰ্বিতা বৰ মহিষী সিদ্ধেশ্বৰীৰ বিপৰীতে সৰু মহিষী আছিল সৰলমনা আৰু অশিক্ষিত। বৰ মহিষী হিংসাৰে জৰ্জৰিত হৈ দুই ৰাণীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ফলত ৰজা কুমুদ নাৰায়ণৰ জীৱন বিষময় হৈ পৰিল ৷ বিয়াৰ কেইমাহমান পিছতেই সিদ্ধেশ্বৰীয়ে ৰাণী অভয়েশ্বৰীক আঘাত কৰিছিল আৰু ফলত এটা চকু হেৰুৱাবলগা হৈছিল ৷

এদিন, কোনো এক বিশেষ কামত, ৰজাই নিজৰ দুই ৰাণীৰ সৈতে কলিকতালৈ গ’ল। তেওঁলোকৰ সৈতে দেৱান জীৱনৰাম ফুকনো উপস্থিত আছিল। জনশ্ৰুতি অনুসৰি, এই সময়ছোৱাতেই ৰজাই দেৱান জীৱনৰাম ফুকনৰ সৈতে বৰ ৰাণী সিদ্ধেশ্বৰীৰ আচৰণ সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰে। ফলস্বৰূপে, ৰাণীৰ ওপৰত উঠা সন্দেহ আৰু অপমানৰ অনুভৱে ৰজাক গভীৰভাবে আঘাত কৰে।আত্মসন্মানত তীব্ৰ আঘাত পোৱা ৰজাই ১৮৮৩ চনৰ ৯ মাৰ্চত স্নানাগাৰত চোকা অস্ত্ৰৰে নিজৰ ডিঙি ৰেপি আত্মহননৰ পথ বাছি লয়। যদিও এই ঘটনাক আত্মহত্যা বুলি কোৱা হয়, কিন্তু ৰজাৰ মৃত্যু ষড়যন্ত্ৰৰ অংশ হিচাপে সংঘটিত হৈছিল বুলি কোৱা হৈছিল। 

ৰজাৰ মৃত্যুৰ পিছত দুই ৰাণী কলিকতাৰ পৰা উভতি আহি গোৱালপাৰাত আশ্ৰয় লৈছিল। নিজ ৰাজ্যত প্ৰৱেশ কৰাৰ লগে লগে ৰাজ কৰ্মচাৰী, আমোলা আৰু প্ৰধান প্ৰজাসকলে দুই দলত বিভক্ত হৈ, পৃথক-পৃথক ৰাণীৰ পক্ষ গ্ৰহণ কৰে। দেৱান জীৱনৰাম ফুকনে বৰ ৰাণী সিদ্ধেশ্বৰীৰ পক্ষ ল'লে।ফলত, সৰু ৰাণী অভয়েশ্বৰীক নজৰবন্দী কৰি ৰাজ্য শাসন আৰম্ভ কৰা হয়। বৰ ৰাণীয়ে কেৱল সৰু ৰাণীক বন্দী কৰি ৰাখিবলৈহে সীমাবদ্ধ নাথাকি, তেওঁৰ হত্যা কৰাৰ ষড়যন্ত্ৰতো লিপ্ত হৈছিল।

ৰাণী অভয়েশ্বৰীয় এদিন মনে মনে ৰাজগৃহ ত্যাগ কৰে। দুৰ্গম অৰণ্যৰ মাজেৰে আগুৱাই গৈ, গোৱালপাৰাৰ ‘লালুকান্দা’ নামৰ পাহাৰত উপস্থিত হয়। শেষত, তেওঁ কৈলাস চন্দ্ৰ সেন (কিছুমানৰ মতে কেশৱ চন্দ্ৰ সেন)ৰ পৰিয়ালত উপস্থিত হয়। তেওঁ ৰাণীক নিজৰ ঘৰত আশ্ৰয় দিয়ে আৰু ৰাণীক ধুবুৰীলৈ পঠিওৱা হয়।

ৰাণী অভয়েশ্বৰীৰ ভাতৃ ভৱানী প্ৰসাদ ৰাভাই সেই সময়ৰ মেছপাৰা (লক্ষ্মীপুৰ) ইষ্টেটৰ অৱসৰপ্ৰাপ্ত দেৱান বৰদা নাথ হালদাৰৰ সহযোগত ১৮৮৭ চনত গোৱালপাৰা ছাব-জজ আদালতত গোচৰ তৰে। সৰু ৰাণীৰ হৈ ওকালতি কৰিছিল কামাখ্যা প্ৰসাদ সেন। গোচৰ চলি থকা সময়ত ৰাজ্যত বিভিন্ন বিশৃঙ্খলা আৰু অৰাজকতাৰ সৃষ্টি হয়।

কিন্তু শেষ বিচাৰ হ’বলৈ নৌপাওঁতেই ১৮৯১ চনত ৰাণী সিদ্ধেশ্বৰী মৃত্যু হয় আৰু ৰাণী অভয়েশ্বৰী সম্পূৰ্ণভাৱে ৰাজ্যৰ অধিকাৰী হয় ৷ৰাণীৰ শিষ্টাচাৰ আৰু মৰম-চেনেহত মুগ্ধ হৈ সকলোৱে ৰাজ্যৰ ক্ৰমোন্নতিৰ বাবে উঠি-পৰি লাগিল ৷ কিন্তু তাৰপিছত ৰাজ্যত অৰ্থসংকট দেখা দিলে ৷ ৰাজ্যৰ মংগ’লকামী দূৰদৰ্শী ৰাণীয়ে যোগেন্দ্ৰ নাৰায়ণক তোলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰি ৰাজ্যৰ উত্তৰাধিকাৰী পাতে আৰু তেওঁক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে কাশীলৈ পঠিয়াই দিয়ে ৷

১৮৯৭ চনৰ ১২ জুনত গোটেই অসমজুৰি এক বিধ্বংসী ভূমিকম্প হয়, যাৰ ফলত ৰাজ্যখনৰ তেতিয়াৰ ৰাজধানী ডুমুৰীয়া সম্পূৰ্ণৰূপে ধ্বংস হয়। ভূমিকম্পৰ প্ৰভাৱত ৰাজধানী স্থানান্তৰৰ প্ৰয়োজনীয়তা অনুভূত হোৱাত, ততালিকে যোগীঘোপাত অস্থায়ী ৰাজধানী স্থাপন কৰা হয়। এক মুক্ত আৰু উপযুক্ত স্থান বিচাৰি বিজনী ৰাজ্যৰ নতুন ৰাজধানী নিৰ্ধাৰণ কৰা হয়।

অৱশেষত, গভীৰ বনাঞ্চল কাটি নতুন ৰাজধানী স্থাপন কৰা হয়, যাৰ নাম ৰাণী অভয়েশ্বৰীৰ নামত "অভয়াপুৰী" ৰখা হয়। এই নগৰীক বৰ্তমান "দেৱদাৰু নগৰী" বুলিও জনা যায়। ১৯০৮ চনত ৰাণী অভয়েশ্বৰীয়ে অভয়েশ্বৰী মেম'ৰিয়েল হাইস্কুল প্ৰতিষ্ঠা কৰে, য'ত বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছিল। এই বিদ্যালয় সময়ৰ প্ৰবাহত উন্নীত হৈ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰূপ লৈছিল।

প্ৰথম মহাসমৰ সমগ্ৰ বিশ্বজুৰি আৰম্ভ হোৱাৰ লগে লগে তাৰ প্ৰভাৱ ইংৰাজ উপনিবেশ ভাৰতবৰ্ষতো পৰে। এই সময়তে, ৰাণীয়ে ইংৰাজ চৰকাৰলৈ তিনিখন বাষ্পচালিত নাও, নগদ এক লাখ টকা আৰু এখন এম্বুলেন্স আগবঢ়ায়। যুদ্ধৰ সামৰণি পৰাৰ পিছত, ইংৰাজ চৰকাৰে এই সহায়ৰ স্বীকৃতি স্বৰূপে ৰাণীক ‘কাইজাৰ-ই-হিন্দ’ নামৰ সোণৰ পদক প্ৰদান কৰে আৰু ব্ৰিটিছ চৰকাৰে ৰাণী অভয়েশ্বৰী দেৱীক Maharani of india ৰ সন্মান প্ৰদান কৰে । অৱশেষত, ১৯১৮ চনত এই প্ৰভাবশালী ৰাণীৰ দেহাৱসান ঘটে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.