
ড° লক্ষ্যহীৰা দাস অসমৰ প্ৰসিদ্ধ শিল্পী
ড° লক্ষহীৰা দাস অসমৰ এগৰাকী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ। ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত তেখেতৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ হিচাপে পৰিচিত। তেওঁ প্ৰকাশ কৰিছে বহুতো গ্ৰন্থ, যেনে- প্ৰথমা, গীতাৰ্ঘ্য, লক্ষহীৰাৰ গীত, প্ৰাণৰ মুক্তিধাৰা, অস্কাৰ ৱাইল্ডৰ গল্প (অনুবাদ), তপসী, প্ৰাণগংঘা, সূৰ্য আৰু সাগৰৰ সাধু আদি। বহু পাঠ্যপুথিৰ প্ৰণেতা হিচাপেও তেওঁ জনপ্ৰিয়। সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত কণ্ঠদান কৰিছিল, য'ত ১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। ভূপেন হাজৰিকা বঁটা প্ৰাপ্ত এক সুদক্ষ গায়িকা হিচাপেও তেখেত খ্যাত।কৰ্মজীৱনত প্ৰায় ২০০০ গীতৰ ৰচনা, ৫০ খনতকৈও অধিক গ্ৰন্থৰ ৰচনা, অসমীয়া কবিতা, শিশু সাহিত্য, শিক্ষাৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
তেওঁ বহু সংখ্যক পাঠ্যপুথিৰ ৰচয়িতা আছিল। সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত কণ্ঠদান কৰিছিল, য'ত ১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। ড° লক্ষহীৰা দাস ভূপেন হাজৰিকা বঁটা প্ৰাপ্ত এক সুদক্ষ গায়িকা আছিল। আন বঁটা-সন্মানৰ ভিতৰত উল্লেখযোগ্য হৈছে অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ কবি সন্মিলনৰ সভানেত্ৰী (১৯৭৯), অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা (১৯৯৫), সংগীতাচাৰ্য উপাধি (১৯৯৫), অসম চৰকাৰৰ শিল্পী বঁটা (২০০৩), প্ৰবীণা শইকীয়া বঁটা (২০০৯), শৈলধৰ ৰাজখোৱা বঁটা (২০১১), হাউলী বঁটা (২০১৫), আৰু ভূপেন হাজৰিকা বঁটা (২০১৯) আদি। পৰিবেশ্য কলাত তেওঁৰ অসামান্য অৱদানৰ স্বীকৃতি হিচাপে ড° লক্ষহীৰা দাসে ২০২২ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।অসমৰ সাহিত্য আৰু সংগীত ঐতিহ্যৰ ওপৰত চিৰস্থায়ী প্ৰভাৱ এৰি গুৱাহাটীত ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ অৱদানসমূহ আগন্তুক প্ৰজন্মলৈকে লালন-পালন আৰু স্মৰণীয় হৈ থাকিব।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments