16 October, Fri 2026
support@thecriticalscript.com
India Flag INDIA ASIAN GAMES MEDAL MONITOR  ·  India: 🥇 0 | 🥈 0 | 🥉 0 | Total: 0
Blog image

অসমৰ এক ঐতিহাসিক শক্তিপীঠ: দীৰ্ঘেশ্বৰী দেৱালয়

19 Oct,2026 04:00 PM, by: Ankita Gogoi
1 minute read Total views: 1
0 Like 0.0

দুৰ্গা পূজা বুলিলেই আমাৰ মনলৈ আহে সুন্দৰকৈ সজোৱা পূজাৰ মণ্ডপ, দেৱী দুৰ্গাৰ প্ৰতিমা আৰু ভক্তিৰে মুখৰিত উৎসৱৰ পৰিৱেশ। কিন্তু অসমৰ বুকুত এনে এখন ঐতিহাসিক দেৱী মন্দিৰ আছে, যাৰ সৈতে জড়িত হৈ আছে প্ৰাচীন শিলৰ ভাস্কৰ্য আৰু আহোম যুগৰ ইতিহাস। এই ঐতিহাসিক স্থানটোৱেই হৈছে উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়। ইয়াত বহুতো শিলৰ ভাস্কৰ্য উদ্ধাৰ হৈছে। দীৰ্ঘেশ্বৰী মন্দিৰ বছৰেকীয়া দুৰ্গা পূজা ৰ বাবে বিখ্যাত।


প্ৰাচীন ইতিহাসৰ সাক্ষী দীৰ্ঘেশ্বৰী দেৱালয়

দীৰ্ঘেশ্বৰী দেৱালয় গুৱাহাটীৰ উত্তৰ দিশৰ সীতাচল পাহাৰৰ শিখৰত অৱস্থিত। প্ৰাচীন বা মধ্যযুগত ইয়াত মন্দিৰ আছিল নে নাই, তাৰ কোনো স্পষ্ট তথ্য পোৱা নাযায়। বৰ্তমানৰ মন্দিৰটো আহোম স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। তেওঁৰ আদেশত তৰুণ দুৱৰা বৰফুকনৰ তত্ত্বাৱধানত মন্দিৰ নিৰ্মাণৰ কাম সম্পন্ন হৈছিল।


আহোম ৰজাৰ সৈতে জড়িত মন্দিৰৰ ইতিহাস

দীৰ্ঘেশ্বৰী দেৱালয়ৰ ইতিহাসৰ সৈতে আহোম ৰজা শিৱ সিংহৰ নাম জড়িত। অসম চৰকাৰৰ পুৰাতত্ত্ব সঞ্চালকালয়ৰ তথ্য অনুসৰি, ১৭১৪–১৭৪৪ খ্ৰীষ্টাব্দত শাসন কৰা আহোম ৰজা শিৱ সিংহই এই স্থানত এটা ইটাৰে নিৰ্মিত মন্দিৰ নিৰ্মাণ কৰাইছিল। আজিও এই স্থানত সংৰক্ষিত হৈ থকা মন্দিৰৰ প্ৰৱেশদ্বাৰৰ স্থাপত্যৰ অৱশিষ্ট আৰু শিলালিপিয়ে অতীতৰ ইতিহাসৰ সাক্ষ্য বহন কৰে।১৭৫৬ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৰাজকীয় ভ্ৰমণৰ সময়ত দীৰ্ঘেশ্বৰী দেৱালয় দৰ্শন কৰিছিল। তেওঁ মন্দিৰলৈ ভূমিদান কৰাৰ লগতে ইয়াৰ ৰক্ষণাবেক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ দেৱালয়লৈ এখন ৰূপৰ জাপিও আগবঢ়াইছিল, যিখন বৰ্তমানো দেৱী দুৰ্গাৰ বিগ্ৰহত ব্যৱহাৰ কৰা হয় বুলি জনা যায়।


পৌৰাণিক কাহিনী

প্ৰবাদ অনুসৰি, দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ যজ্ঞত স্বামী মহাদেৱৰ অপমান সহিব নোৱাৰি প্ৰাণত্যাগ কৰিছিল। সতীৰ বিয়োগত শিৱই তেওঁৰ মৃতদেহ কান্ধত লৈ বিশ্ব ভ্ৰমণ কৰিছিল। তেতিয়া ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহ খণ্ড-বিখণ্ড কৰিছিল। য'তেই সতীৰ শৰীৰৰ অংশ পৰিছিল, তাতেই একোখন পৱিত্ৰ তীৰ্থস্থানৰ সৃষ্টি হৈছিল বুলি বিশ্বাস কৰা হয়। জনশ্ৰুতি অনুসৰি, সীতাচল পাহাৰতো সতীদেৱীৰ শৰীৰৰ এটা অংশ পৰিছিল। আন এক প্ৰবাদ মতে, ঋষি মাৰ্কণ্ডেয়ই এই স্থানত দেৱী দুৰ্গাক সন্তুষ্ট কৰিবলৈ কঠোৰ তপস্যা কৰিছিল। দেৱীয়ে তেওঁৰ তপস্যাত সন্তুষ্ট হৈ আৱিৰ্ভাৱ হৈছিল আৰু বৰদান দিছিল। তেতিয়াৰ পৰাই এই স্থান দেৱী দুৰ্গাৰ পৱিত্ৰ উপাসনাস্থলী হিচাপে পৰিচিত হয়।


কেৱল ধৰ্মীয় স্থান নহয়, অসমৰ ঐতিহ্যৰো অংশ

দীৰ্ঘেশ্বৰী দেৱালয়ৰ গুৰুত্ব কেৱল ধৰ্মীয় বিশ্বাসতে সীমাবদ্ধ নহয়। ইয়াৰ প্ৰাচীন শিলৰ ভাস্কৰ্য, স্থাপত্যৰ অৱশিষ্ট আৰু ঐতিহাসিক শিলালিপিয়ে অসমৰ অতীতৰ বিষয়ে জানিবলৈ মূল্যৱান সমল আগবঢ়ায়। ব্ৰহ্মপুত্ৰৰ পাৰৰ দীৰ্ঘেশ্বৰী পাহাৰৰ প্ৰাকৃতিক পৰিৱেশে এই স্থানটোক অধিক আকৰ্ষণীয় কৰি তুলিছে। ধৰ্মীয় বিশ্বাস আৰু ঐতিহাসিক ঐতিহ্যৰ সংযোগে দেৱালয়খনক অসমৰ সাংস্কৃতিক পৰিচয়ৰ এক উল্লেখযোগ্য অংশ কৰি তুলিছে।

প্ৰতিবছৰে ইয়াত অনুষ্ঠিত হোৱা দুৰ্গা পূজাত অসংখ্য ভক্তৰ সমাগম হয়। মন্দিৰ চৌহদত এখন পুখুৰী, প্ৰৱেশদ্বাৰত গণেশৰ বৃহৎ ভাস্কৰ্য আৰু কেইবাটাও ধৰ্মীয়ভাৱে গুৰুত্বপূৰ্ণ শিলৰ আকৃতি আছে। স্থানীয় লোকসকলে ইয়াৰ কিছুমান শিলৰ আকৃতি আৰু ভৰিৰ চাপৰ সৈতে দেৱ-দেৱীৰ সম্পৰ্ক থকা বুলি বিশ্বাস কৰে।

দীৰ্ঘেশ্বৰী দেৱালয় কেৱল ধৰ্মীয় উপাসনাৰ স্থানেই নহয়, ই অসমৰ আহোম যুগৰ স্থাপত্য, ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰো এক গুৰুত্বপূৰ্ণ নিদৰ্শন। ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ দ্বাৰা এই স্থানক ঐতিহাসিক গুৰুত্ব প্ৰদান কৰা হৈছে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.