
অসমৰ গৌৰৱময় ইতিহাস"
অ' মোৰ আপোনাৰ দেশ
অ' মোৰ চিকুণী দেশ
এনেখন শুৱলা
এনেখন সুফলা
এনেখন মৰমৰ দেশ
অসম ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত এক প্রাকৃতিক সৌন্দৰ্যৰ্যৰে ভৰা ৰাজ্য। ই কেৱল সুন্দৰ ঠাই নহয়, অসম এক বৈচিত্র্যময় ঐতিহাসিক আৰু সাংস্কৃতিক পৰিচয়ৰ গৰ্বিত অধিকাৰী। প্রাচীন কালৰ পৰা অসমে সাম্রাজ্য স্থাপন, সাহসী যুদ্ধ, বিভিন্ন জাতীয় সংস্কৃতিৰ সংমিশ্রণ, আৰু ভাৰতীয় স্বাধীনতা সংগ্রামলৈকে এক দীঘলীয়া ইতিহাস বহন কৰি আহিছে। এই ইতিহাসত আছে সাহস, বীৰত্ব, কৌশল, আৰু গৌৰৱ।
অসমৰ ইতিহাস মূলত তিনিটা অধ্যায়ত ভাগ কৰিব পাৰি।
১. প্রাচীন অসম (খ্রীষ্টপূর্ব কালৰ পৰা ১২২৮ চনলৈ)
২. মধ্যযুগীয় অসম (১২২৮ চনৰ পৰা ১৮২৬ চনলৈ)
৩. আধুনিক অসম (১৮২৬ চনৰ পৰা বৰ্তমান)
অসমৰ প্ৰাচীন ইতিহাস বৈদিক যুগৰ পৰা আৰম্ভ হয়।মহাভাৰত আৰু অন্য বৈদিক গ্ৰন্থত অসমৰ উল্লেখ প্রাগজ্যোতিষ আৰু কামৰূপ নামেৰে পোৱা যায়। এই অঞ্চল বৈদিক সংস্কৃতিৰ সৈতে গভীৰভাৱে সম্পর্কিত আছিল।
প্ৰাগজ্যোতিষপুৰৰ প্ৰথম প্ৰসিদ্ধ ৰজা আছিল নৰকাসুৰ।
জনবিশ্বাস অনুসৰি, নৰকাসুৰ এক শক্তিশালী ৰজা আছিল, যিয়ে দেবলোককো প্রত্যাহ্বান জনাইছিল। তেওঁৰ পুত্ৰ ভগদত্ত মহাভাৰতত কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিল। এই কিংবদন্তি প্রমাণ কৰে যে অসমৰ সৈতে ভাৰতীয় মহাকাব্যৰ গভীৰ সংযোগ আছে।
কামৰূপ সাম্রাজ্য অসমৰ প্ৰথম সংগঠিত সাম্রাজ্য আছিল।ইয়াৰ অন্যতম বিখ্যাত ৰজা আছিল ভাস্কৰ বৰ্মন (৬ষ্ঠ শতিকাত), যিয়ে মহান ভাৰতীয় সম্রাট হর্ষবর্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। চীনা পর্যটক হিউয়েন চাঙে কামৰূপ সাম্ৰাজ্যৰ উন্নতিৰ বিষয়ে বিশদ বর্ণনা কৰিছে।
এই সাম্ৰাজ্যৰ উল্লেখযোগ্য চৰিত্ৰসমূহ:
ভাস্কৰ বৰ্মন: ভাৰতৰ গৌৰৱময় শাসকৰ সৈতে সম্পর্ক স্থাপন কৰিছিল।
ধর্মপাল : শিক্ষাব উন্নতি সাধন কৰিছিল। হৰজাৰ বৰ্মন: ৰাজনৈতিক স্থায়ীত্ব অটুট ৰাখিছিল। কামৰূপ সাম্ৰাজ্যৰ পাছত অসমৰ ৰাজনৈতিক পৰিস্থিতি পৰিবৰ্তিত হ'ল, যাৰ ফলত নতুন শক্তিবোৰ ওলাই আহে।
অসমৰ ইতিহাসত আটাইতকৈ গুৰুত্বপূর্ণ পৰিবৰ্তন ঘটে ১২২৮ চনত, যেতিয়া চাও লুং চুকাফাই অসমৰ মাটিত আহি আহোম সাম্রাজ্য স্থাপন কৰে। আহোমসকল এক শক্তিশালী শাসন প্রণালী গঢ়ি তোলে, ঘিয়ে ৬০০ বছৰতকৈও অধিক সময় অসমত শাসন কৰিছিল।
চাও লুং চুকাফা (১২২৮-১২৬৮): অসমত আহি আহোমসকলে এক নতুন ৰাজনৈতিক ব্যবস্থাৰ সূচনা কৰে। সুৱালগ্ধ ফুকন আৰু চাও চুং মুঙ: ৰাজ্যৰ সংগঠন মজবুত কৰে। প্ৰতাপ সিংহ (১৬০৩-১৬৪১): আহোম সাম্রাজ্যক এক নতুন উচ্চতালৈ নিয়াৰ অন্যতম ৰজা।
অসমৰ ইতিহাসত অন্যতম গৌৰৱময় অধ্যায় হ'ল মোগলসকলৰ আক্ৰমণ আৰু লাচিত বৰফুকনৰ নেতৃত্বত হোৱা অসম-মোগল যুদ্ধসমূহ। সেনাপতি লাচিত বৰফুকনে ব্রহ্মপুত্র নদীত মোগল সেনাক পৰাস্ত কৰে।
অসমীয়াৰ বীৰত্বৰ অন্যতম সর্বশ্রেষ্ঠ উদাহৰণ। আজি লাচিত দিৱস ৰূপে ২৪ নবেম্বৰ উদযাপন কৰা হয়। ই যুদ্ধৰ সফলতাৰ পিছত আহোমসকল ১৮২৬ চনলৈ অসম শাসন কৰে। কিন্তু, ইংৰাজসকলৰ আগমন আহোম সাম্ৰাজ্যৰ অৱসান ঘটায়।
যাণ্ডিয়া চুক্তি (১৮২৬) অনুসৰি অসম ব্ৰিটিছসকলৰ অধীনত আহে। চাহ-বাগিচা, নৈচা ব্যৱসায়, আৰু শ্রমিক প্ৰথাৰ আৰম্ভণি হয়।
অসমেও ভাৰতৰ স্বাধীনতা আন্দোলনত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
মনীৰাম দেৱান: ১৮৫৭ চনৰ বিদ্ৰোহত অংশ লোৱা প্ৰথম অসমীয়াৰ অন্যতম।
গোপীনাথ বৰদলৈ : অসমক স্বাধীন ভাৰতৰ অন্তৰ্ভুক্ত কৰিবলৈ নেতৃত্ব দিয়ে।
আজাদ হিন্দ ফৌজ : নেতাজী সুভাষ চন্দ্র বসুৰ সৈন্যদলত বহু অসমীয়াই অংশ লয়।
১৯৫০ চনৰ ভূমিকম্প: অসমৰ ইতিহাসৰ অন্যতম বিধ্বংসী ঘটনা।
১৯৬০: অসমীয়া ভাষা আন্দোলন।
১৯৮৫: অসম আন্দোলনৰ সফলতা আৰু অসম চুক্তি।
শিক্ষা আৰু বিজ্ঞান বিশ্ববিদ্যালয়, প্রতিষ্ঠান আৰু বিজ্ঞানব উন্নতি।
অর্থনীতি কৃষি, চাহ, বনসম্পদ, আৰু ব্যৱসায়ৰ বিকাশ।
সংস্কৃতি আৰু খেল অসমৰ সঙ্গীত, নৃত্য, সাহিত্য, আৰু খেলৰ ক্ষেত্রত উন্নতি।
অসমৰ ইতিহাস গৌৰৱময় কাৰণাই সাহস, বীৰত্ব, ঐতিহ্য, আৰু সাংস্কৃতিক সম্পদৰে সমৃদ্ধ। আহোমসকলৰ শক্তিশালী সাম্রাজ্য, মোগল-বিৰোধী যুদ্ধ, ব্ৰিটিছ-বিৰোধী আন্দোলন-এইবোৰ অসমৰ গৌৰৱময় ইতিহাসৰ অংশ। আধুনিক অসমেও শিক্ষা, বিজ্ঞান, আৰু উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িছে। অতীতৰ গৌৰৱক স্মৰণ কৰি, অসমৰ নতুন প্রজন্মে আগলৈ যাব লাগে, যাতে এই গৌৰৱময় ইতিহাস সদায় উজ্জ্বল হৈ থাকে।
ৰিকি লালুং
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments