22 December, Mon 2025
support@thecriticalscript.com
Blog image

কিয় অনুষ্ঠিত কৰা হয় ডিমা হাছাওৰ ফেলকন উৎসৱ!

15 Dec,2025 05:33 PM, by: Ankita Gogoi
1 minute read Total views: 87
0 Like 0.0

অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছুত উদ্‌যাপন কৰা এক বাৰ্ষিক উৎসৱ হৈছে ফেলকন উৎসৱ। উত্তৰ-পূৱৰ জনপ্ৰিয় মহোৎসৱসমূহৰ ভিতৰত অন্যতম এটা মহোৎসৱ হৈছে এই উৎসৱ । এই ফেলকন মহোৎসৱত দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে উমৰাংছলৈ । এইবাৰো বহু পৰ্যটকৰ আগমন ঘটিছে ফেলকন মহোৎসৱলৈ ।ফেলকন মহোৎসৱৰ প্ৰথম দিনাই উত্তৰ-পূবলৈ প্ৰথমবাৰৰ বাবে অহা বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্রই বিপুল দৰ্শকক মোহিত কৰি তোলে।

প্ৰতি বছৰে অক্টোবৰ–নৱেম্বৰ মাহত এই উৎসৱ অনুষ্ঠিত কৰা হয়। বছৰৰ এই সময়টোত, এই অঞ্চললৈ অহা আমুৰ ফেলকন (Falco amurensis) নামৰ পৰিভ্ৰমী চৰাইটোৰ সংৰক্ষণৰ প্ৰতি সজাগতাৰ লক্ষ্যৰে এই উৎসৱ অনুষ্ঠিত কৰা হয়। সাধাৰণতে, চৰাইবোৰে অঞ্চলটো এৰি যোৱাৰ পিছত উৎসৱটো অনুষ্ঠিত কৰা হয়।

এই উৎসৱৰ প্ৰধান লক্ষ্য হৈছে পৰিভ্ৰমী চৰাই, আমুৰ ফেলকনৰ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ইয়াৰ প্ৰথম সংস্কৰণটো ব্লু হিলছ ছ’চাইটি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু চেৰিটিজ এইড ফাউণ্ডেশ্যন-ইণ্ডিয়াৰ সহযোগত উমৰাংছুৰ কাৰ্বি ক্লাব খেলপথাৰত, ২০১৫ চনৰ ৩১ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল।উত্তৰ-পূব ভাৰতত আমুৰ ফেলকন চৰাইৰ সংৰক্ষণৰ বাবে পালন কৰা উৎসৱসমূহৰ ভিতৰত এই উৎসৱ অন্যতম। নাগালেণ্ড, মেঘালয়,মণিপুৰৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো এনে উৎসৱ পালন কৰা হয়। 

আমুৰ ফেলকন (Falco amurensis) হৈছে এবিধ সৰু পৰিভ্ৰমী চৰাই যিয়ে দক্ষিণ-আফ্ৰিকা আৰু পূব-চীনৰ মাজত ভ্ৰমণ কৰে। এই দীঘলীয়া যাত্ৰাকালত, ই উত্তৰ-পূব ভাৰতত উপনীত হয় আৰু ইয়াত জিৰণি লয়। চৰাইবোৰে পৰিভ্ৰমণ কালত প্ৰধানকৈ পোক-পৰুৱা খায়। এই সময়ছোৱাত ইহঁত বাসস্থানৰ অভাৱ আৰু চোৰাংচিকাৰৰ দৰে ভাবুকিৰ সন্মুখীন হয়। ইহঁতৰ সুৰক্ষা তথা সংৰক্ষণৰ বাবে বহু প্ৰচেষ্টা চলি আছে।

এই অনুষ্ঠানটো একেৰাহে তিনিদিন ধৰি অনুষ্ঠিত হয়। পৰম্পৰাগত আৰু আধুনিক ক্ৰীড়াকে ধৰি বিভিন্নধৰণৰ ক্ৰীড়া অনুষ্ঠিত হয়।প্ৰতি নিশাই সংগীত সমাৰোহৰ আয়োজন কৰা হয়। এই মহোৎসৱত বিভিন্ন পৰম্পৰাগত শিল্পকৰ্ম, জনজাতীয় সংস্কৃতি আৰু জনজাতীয় পৰম্পৰাসমূহৰ প্ৰদৰ্শন কৰা হয়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.