
হাবুঙ চাওলুং চ্যুকাফাৰ দ্বিতীয় অস্থায়ী ৰাজধানী
হাবুং, চাওলুং চুকাফাৰ অস্থায়ী দ্বিতীয় ৰাজধানী। ১২৪০ খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ হাবুঙত আহোম ৰাজ্যৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল।তাত চাৰি বছৰ কটোৱাৰ পিছত সঘনাই বানপানীৰ বাবে এৰি থৈ ১২৪০ খ্রীষ্টাব্দত চৰাইদেউলৈ উঠি যায়।বর্তমান হাবুঙ লখিমপুৰ জিলা আৰু ধেমাজি জিলাত অন্তর্ভুক্ত আৰু প্ৰত্নতাত্বিক স্থান।হাবুঙত থকা পৰিত্যক্ত আহোম ৰাজধানী কেইবাবছৰ ধৰি বনাঞ্চলৰে আবৃত হৈ থকা চুকাফাৰ ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে সেইসময়ৰ ধেমাজিৰ অতিৰিক্ত উপায়ুক্ত নগেন হাজৰিকাই ১৯৯০ চনত আহোম ৰাজধানীত এখন চাও চেং ৰেন স্থাপন কৰে।হাবুঙৰ কথা একাংশ গ্ৰন্থ আৰু আলোচনাত বেছি উল্লেখ হোৱা নাই।
চৰাইদেউৰ পাছত উত্তৰ পাৰৰ এখন গুৰুত্বপূর্ণ ঐতিহাসিক স্থান হিচাপে ধেমাজিৰ হাবুঙক বিবেচনা কৰা হয়। উল্লেখযোগ্য যে, ১৯৮৯ চনত পশ্চিম ধেমাজিৰ এই স্থানত চাওলুং চ্যুকাফাৰ দ্বিতীয় অস্থায়ী ৰাজধানী হিচাপে হাবুঙ উদ্ধাৰ হোৱাৰ পিছত, ১৯৯০ চনত জহোমৰ ফৰালুং সংঘ আৰু তেতিয়ালৈকে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত নগেন হাজৰিকাৰ উদ্যোগত আহোম পৰম্পৰা অনুসৰি উপাসনাৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰা হয়।
দীর্ঘদিন ধৰি হাবুঙৰ সংৰক্ষণৰ বাবে হাবুঙ উন্নয়ন পৰিচালনা সমিতিয়ে চৰকাৰলৈ অনুৰোধ জনাই আহিছিল, যদিও বাস্তৱিক উন্নয়ন ২০১৭ চনত তৎকালীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰম্ভ হয়। সেই সময়তেই হাবুঙৰ পুনৰ্নিমাণ আৰু উন্নয়নৰ বাবে অর্থ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ইতিমধ্যে মূল উপাসনা মন্দিৰ, চাওচেন ৰেণ, হুলুং হফি আদিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত, দেশৰ বিভিন্ন স্থানৰ পৰা দর্শনাৰ্থীসকল ইয়ালৈ আহি আছে।ইয়াতে পৰ্যটকৰ বাবে আছে এখন ৰজাদিনীয়া স্মৃতি জড়িত পুখুৰী ৷ শেহতীয়াকৈ এই পুখুৰীক 'কালিকা লগা পুখুৰী' ৰূপে চিনাক্ত হোৱাৰ পিছত, হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বৰ্তমানে এই পুখুৰীক ১৪ বিঘালৈ বিস্তৃত কৰি তাত মীন পালন আৰম্ভ কৰা হৈছে ৷
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments