19 January, Sun 2025
support@thecriticalscript.com
Blog image

দানি: ইণ্ডোনেছিয়াৰ এটা আদিম জনগোষ্ঠী

24 Nov,2023 06:02 PM, by: Ankita Gogoi
1 minute read Total views: 311
0 Like 0.0

বিভিন্ন সংস্কৃতিৰ অদ্ভুত প্ৰথা পৃথিৱীত দেখা যায়। ইণ্ডোনেছিয়াৰ পপূৱা নামৰ প্ৰভিঞ্চখনত বাস কৰা দানি নামৰ এটা আদিম জনগোষ্ঠী। ইয়াৰ ভিতৰত ইণ্ডোনেছিয়াৰ দানি জনগোষ্ঠী, যাৰ পৰম্পৰাত নাৰীৰ আঙুলি কাটি পেলোৱা হয়। এই জনগোষ্ঠীৰ লোক সকলে আপোনজনৰ মৃত্যু হলে সৎকাৰ উৎসৱত বেজাৰ প্ৰকাশ কৰিবলৈ তেওঁলোকৰ হাতৰ আঙুলিৰ কিবা এটা অংশ কাটি পেলাই দিয়ে আৰু তেওঁলোকে তীব্ৰ বিষৰ মাজেৰে পাৰ হবলগীয়া হৈছিল। নিজক অংগখূঁট কৰাৰ লগতে মূখমণ্ডলো ছাই আৰু মাটিৰে লেপি লৈ নিজৰ দুখ ব্যক্ত কৰে।জনগোষ্ঠীৰ লোকসকলে বিশ্বাস কৰে যে ইয়াৰ দ্বাৰা পূৰ্বপুৰুষৰ আত্মা শান্তি পায়

আঙুলি কাটিলে মহিলাসকলে তীব্ৰ বিষৰ সন্মুখীন হবলগীয়া হয়। মৃতকৰ সম্বন্ধীয় ছোৱালী বিলাকে আঙুলিৰ পাবৰ ওপৰ অংশবিলাক কাটি পেলায়।আঙুলি কটাৰ আগতে ৩০ মিনিটতকৈ অধিক সময় তেওঁলোকে এডাল তাৰেঁৰে কাটিব লগা আঙূলিৰ পাববোৰ টানকৈ মেৰিয়াই বান্ধি থয়।কটাৰ পিচত আঙূলিৰ টুকুৰাবোৰক শুকাবলৈ দিয়া হ,তাৰ পিচত তাক পুৰি কোনো এক বিশেষ স্হানত ছাইখিনি সমাধিস্থ কৰা হয়।এই প্ৰক্ৰিয়াত মহিলাসকলে যি কষ্ট অনুভৱ কৰে, সেই বেদনাই মৃতকৰ যন্ত্ৰণা লাঘৱ কৰাত সহায় কৰে বুলি  দানি জনগোষ্ঠীৰ বিশ্বাস।এনে কিছুমান ঘটনাত নিজৰ অতি ওচৰৰ পৰিয়ালৰ সদস্যই আঙুলি কাটে। তেওঁ হয়তো আঙুলি হেৰুৱাজনৰ মাক,দেউতাক,ককায়েক-ভায়েক বা কোনো একেবাৰে পৰিয়ালৰ ওচৰৰ সদস্য হব পাৰে।

জানিব পৰা মতে, মৃতকৰ যন্ত্ৰণা লাঘৱ কৰাৰ দায়িত্ব কেৱল মহিলাৰ কান্ধতহে নিহিত হৈ আছে পুৰুষৰ ওপৰত নহয়। এই আচৰিত ভয়ঙ্কৰ পৰম্পৰাৰ দায়িত্ব প্ৰধানকৈ মহিলা সকলৰ ওপৰত ন্যস্ত হয়।এইটো বিশ্বাস কৰা হয় যে যদি মৃতকজন এজন সমাজৰ শক্তিশালী ব্যক্তি আছিল তেন্তে তেওঁৰ আত্মাটোও সমানেই শক্তিশালী হব।সেয়ে তেনে আত্মাক শান্ত কৰিবলৈ বা আতঁৰাই পঠাবলৈ তেওঁলোকে বহুতো আজব নিয়ম-নীতি পালন কৰে।আন এক বিশ্বাসমতে আপোনজনৰ মৃত্যুত নিজৰ শৰীৰক কষ্ট দি ইয়াকে প্ৰকাশ কৰা হয় যে আপোনজনক হেৰুৱাৰ বেদনাই তেওঁৰ অন্তৰত আচলতে কিমান আঘাত সানিছে।

ইণ্ডোনেছিয়াৰ একাংশ লোকেও এই প্ৰথাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইয়াক ভয়ংকৰ আৰু বৰ্বৰবুলি অভিহিত কৰে। দেশৰ চৰকাৰেও এই সন্দৰ্ভত সজাগ হৈ পৰিছে আৰু ইয়াক নিৰ্মূলৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে।ইণ্ডোনেছিয়া চৰকাৰে এই দ্বীপপুঞ্জত এই প্ৰথা নিষিদ্ধ কৰিছে। কিন্তু জয়বিজয়া প্ৰদেশত বসবাস কৰা ডানি জনগোষ্ঠীয়ে এতিয়াও ইকিপালিন নামেৰে জনাজাত এই অদ্ভুত প্ৰথা অনুসৰণ কৰে।

বছৰ বছৰ আগতে দানি জনগোষ্ঠীয়ে মৃতদেহ খাই জীয়াই আছিল। কিন্তু ইয়াৰ পিছত তেওঁলোকে ক্ৰমান্বয়ে জীৱ-জন্তু খাবলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ বিষয়ে এটা চাঞ্চল্যকৰ তথ্য হদানি জনগোষ্ঠীয়ে তেওঁলোকৰ মৃত্যুৰ পিছত আপোনজনৰ মৃতদেহ কবৰ নিদিয়ে। আধা মৃতদেহ জ্বলাই ঘৰলৈ আনি শাস্তি দিয়ে। মৃতদেহবোৰ ইমানেই জ্বলাই দিয়া হয় যে মামীৰ দৰে মৃতদেহ সংৰক্ষিত হৈ থাকে।

 

তথ্য সংগৃহীত

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.