নিধিবন: বিশ্বাস নে অন্ধবিশ্বাস
যুগ যুগ ধৰি ভক্তৰ মাজত বিশ্বাসৰ কেন্দ্ৰবিন্দু হৈ থকা মথুৰাৰ বহু ঠাই আশ্চৰ্য্যৰে ভৰপূৰ। তেনে এটা স্থান হৈছে বৃন্দাবনৰ নিধিবন, যাৰ অৰ্থ "তুলসীৰ অৰণ্য" বৃন্দাবনৰ অন্যতম পবিত্ৰ বনাঞ্চল। ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাত অৱস্থিত। নিধিবনক হিন্দু দেৱতা ৰাধা কৃষ্ণ আৰু তেওঁৰ গোপীসকলৰ খেলৰ বাবে উৎসৰ্গিত আটাইতকৈ বিশিষ্ট স্থান বুলি গণ্য কৰা হয়। ভক্তসকলৰ মাজত সাধাৰণ বিশ্বাস যে নিধিবনে এতিয়াও ৰাধা আৰু কৃষ্ণৰ ৰাসলীলাৰ সাক্ষী হয় আৰু এইবাবে, ৰাতি নিধিবনৰ চৌহদৰ ভিতৰত কাকো থাকিবলৈ দিয়া নহয়। এই অৰণ্যৰ এটা আমোদজনক কথা হ’ল যে য’ত ইয়াত ১৬০০০ ডাল তুলসী গছ আছে,যিবোৰ ইটোৱে সিটোৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে। যাৰ উচ্চতা কম যদিও সকলোবোৰ গছ যোৰা হিচাপে পোৱা যায় আৰু ডালবোৰ জটিল হৈ থাকে।বিশ্বাস কৰা হয় যে এই সকলোবোৰ ১৬০০০ গোপীলৈ পৰিণত হৈ ৰাতিৰ ভাগত ভগৱান কৃষ্ণৰ লগত ঐশ্বৰিক নৃত্যত যোগদান কৰে। এই ৰাসলীলা চাব বিচৰাসকল মানসিক ভাৰসাম্য হেৰুৱাই পেলাই নতুবা মৃত্যুমুখত পৰে। সেইয়ে ৰাতিপুৱা খোলা নিধিৱন সন্ধিয়াৰ আৰতিৰ পিছত বন্ধ কৰি দিয়া হয়। ইয়াৰ পিছত ইয়াত কোনেও প্ৰৱেশ কৰিব নোৱাৰে। দিনত নিধি বনাঞ্চলত হুলস্থুল কৰা জীৱ-জন্তু-পক্ষীয়েও সন্ধিয়া হোৱাৰ লগে লগে নিধি বনাঞ্চলৰ পৰা ওলাই যায়। নিধিবনত এটা ৰাজপ্ৰসাদ, 'ৰং মহল', তাৰ চালিৰ তলতে সন্ধিয়া শ্ৰী কৃষ্ণ আৰু গোপীসকলৰ বাবে ভোগ ৰখা হয়, যিটো ৰাতিপুৱা হ'লে নোহোৱা হৈ যায়।
নিধিবনৰ মুখ্য গোসাঁইজনৰ মতে দ্বাপৰ
যুগত পূৰ্ণিমাৰ নিশা ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে ৰাসলীলা কৰা বুলি শাস্ত্ৰত
বৰ্ণনা কৰা হৈছে। কিন্তু, নিধিবনৰ
বিষয়ে বিশ্বাস আছে যে প্ৰতি নিশা শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে ৰাসলীলা সৃষ্টি কৰে।পূৰ্ণিমাৰ
নিশা নিধিৱানত প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ। দিনত ভকত প্ৰৱেশ কৰিব পাৰিব,
কোনো বাধা নাই। কিন্তু,
সন্ধিয়া হোৱাৰ লগে লগে নিধিবন খালী হৈ যায়।
বান্দৰবোৰেও ৰাতি আৰতিৰ পিছত নিধিবনৰ পৰা ওলাই যায়।পবিত্ৰ উদ্যানখনত এটা সৰু
কোঠালিত দৈনিক ভগৱান শ্ৰীকৃষ্ণৰ আৰু ৰাধাৰ বাবে চন্দন কাঠৰ বিচনা এখন প্ৰস্তুত কৰা
হয়। বিচনাৰ ওচৰতে সুমথিৰা পাতৰ সৈতে ৰূপালী গিলাচ পানী থোৱা থাকে। ইয়াৰ লগতে
দাঁত পৰিষ্কাৰ কৰিবলৈ তাত দুটা ব্ৰাছ, শাৰী,
খাৰুও ৰখা হয়। ৰাতিপুৱা দুৱাৰ খোলাৰ লগে লগে
পূজাৰীয়ে খালী পানী গিলাচ,ওলট
পালট হোৱা সামগ্ৰী আৰু বিচনাখন এনে অৱস্হাত দেখে যেন তাত কোনোবাই বিশ্ৰাম লৈছিল। এনে
কিংবদন্তি আছে যে ৰাসলীলাৰ পিছত ৰাতি কৃষ্ণ আৰু ৰাধা ‘ৰং মহল’ত চন্দনৰ বিচনাত
জিৰণি লয়। মন্দিৰটো পৰিদৰ্শন কৰাৰ পিছত এটা সৰু কুণ্ড দেখা পোৱা যায়। ইয়াৰ লগত
জড়িত কাহিনীটো হ’ল দ্বাপৰ যুগত যেতিয়া ভগৱান শ্ৰীকৃষ্ণই ৰাসলীলা কৰি আছিল,
তেতিয়া হঠাৎ গোপীসকলৰ ভিতৰত ললিতা নামৰ এগৰাকী
গোপীয়ে পিয়াহ অনুভৱ কৰিছিল। ললিতা আছিল ৰাধাৰ প্ৰিয় বান্ধৱী যিয়ে কৃষ্ণ আৰু
ৰাধাক মানুহৰ চকুৰ পৰা আঁতৰাই লগ পোৱাত সহায় কৰিছিল। তেতিয়া তাইৰ পিয়াহ নিবাৰণৰ
বাবে ভগৱান শ্ৰীকৃষ্ণই তাত বাঁহীৰে এই কুণ্ডটো সাজিছিল যিটো ললিতা কুণ্ড নামেৰে পৰিচিত।প্ৰায় ডেৰ
দশক আগতে জয়পুৰৰ পৰা বৃন্দাবনলৈ ৰাধা-কৃষ্ণৰ ভক্ত এজন আহিছিল। তেওঁ নিধিবনৰ কথা
শুনিছিল, কৃষ্ণৰ ভক্তিত তেওঁ
ইমানেই হেৰাই গৈছিল যে ৰাতি ৰাসলীলা চাবলৈ মন মেলিলে আৰু নিধিবনত গোপনে লুকাই বহি
থাকিল। কিন্তু, ৰাতিপুৱা যেতিয়া
মন্দিৰৰ দুৱাৰ খোল খালে, তেতিয়া তেওঁক অচেতন
অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। তেওঁ যেতিয়া চেতনা ঘূৰাই পালে,
তেতিয়া মানুহে দেখিলে যে তেওঁৰ মানসিক
ভাৰসাম্য হেৰুৱাই পেলাইছে। ইয়াৰ আগতে ইয়াত কিছুমান মানুহৰ মৃত্যুৰ কথাও কোৱা
হয়।
এজন বাস্তু গুৰুৰ মতে এই সকলোবোৰ তথ্য
মিছা। তেওঁৰ মতে ইয়াৰ সত্যটো হ'ল
নিধিবনৰ বাস্তুৰ ফলত এই ঠাইখন ৰহস্যময় যেন লাগে আৰু এই পৰিস্থিতিৰ সুযোগ লৈ নিজৰ
স্বাৰ্থপৰতাৰ বাবে এই ভ্ৰম আৰু প্ৰতাৰণা বিয়পাই দিবলৈ ইয়াৰ মানুহবোৰে চেষ্টা কৰে।
আনহাতে সত্যটো এনেধৰণৰ যে অনিয়মিত আকৃতিৰ নিধিবনটোৰ চাৰিওফালে এটা কঠিন সীমাৰ
দেৱাল আছে।ইয়াৰ মূল প্ৰৱেশদ্বাৰ পশ্চিম দিশত আছে। ১৬০০০ গছ থকাৰ কথাও সম্পূৰ্ণ
মিছা কাৰণ কেম্পাছৰ আকাৰ ইমানেই সৰু যে ১৬০০ গছ ইয়াত থকাটো কঠিন।
নিধিবনৰ প্ৰকৃত সত্য বৰ্তমান সময়লৈকে
ৰহস্যৰ আৱৰ্তত আছে।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments