চোম-ফা ৰুং-ছেঙ-মুং(চোমদেও) আহোমসকলৰ ইষ্টদেৱতা
চোম-ফা ৰুং-ছেঙ-মুং বা চোমদেও হৈছে আহোমসকলৰ ইষ্টদেৱতা বা
ফুৰালুং প্ৰথাত আহোমসকলৰ স্বৰ্গৰ দেৱতা ‘ফ্ৰা’ৰ
প্ৰতিনিধি। আহোম ৰজাসকলে ৰাজপ্ৰাসাদৰ কাষত দেওঘৰত ৰাখি পূজা-পাতল কৰিছিল। নতুন
ৰজাৰ ৰাজ্যাভিষেক বা শিঙৰীঘৰত উঠা অনুষ্ঠানতো ৰজাই চোমদেওক ডিঙিত আঁৰি লোৱাৰ নিয়ম
আছিল। আহোমসকলৰ প্ৰথমজন স্বৰ্গদেউ চুকাফা পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহোঁতে লগত
এনায়েকে দি পথোৱা চোমদেওক লগত লৈ আহিছিল। জনবিশ্বাস অনুসৰি চোমদেওৰ মহিমাত
ৰাজসম্পত্তি নুগুচে আৰু শত্ৰুৱে জিনিব নোৱাৰে। চোমদেওৰ আকাৰ-আকৃতি সম্পৰ্কে বিশেষ
জনা নাযায় যদিও ইয়াক এডোখৰ পাথৰ বুলি কোৱা হয়। কোনো কোনো উৎসৰ মতে এই পাথৰৰ
আকৃতি এটা বগলীৰ দৰে। ইয়াক এক সৰু বাকচত সোনৰ পীৰাত ৰখা হৈছিল। অসমত আহোম ৰাজত্বৰ
অৱসান হোৱাৰ পিছত চোমদেওৰ প্ৰতিকৃতি অন্তৰ্ধান হয়।
চুম ফা ৰেং চেং মুং নামৰ ৰাজদেৱতাক আহোম ৰজাই অকল সিংহাসনত
পূজা কৰিছিল। এই মূৰ্তিটো এশ বছৰতকৈও অধিক সময় লুকাই থকাৰ পিছত উচ্চ অসমৰ পৰা
উদ্ধাৰ কৰা হৈছিল।চুম আহোম ৰজাসকলৰ ৰাজদেৱতা আছিল যিটো খুন-লুং আৰু খুন-লাইক
তেওঁলোকৰ ডাঙৰ পিতৃ লেংডনে ৫৬৮ খ্ৰীষ্টাব্দত তেওঁলোকৰ পাহাৰৰ শিখৰৰ বাসস্থানৰ পৰা
পৃথিৱীলৈ নামি অহাৰ সময়ত দিছিল। চুম চেঙৰ লগত তেওঁলোকে শক্তিশালী হেংদাং বা
তৰোৱাল, ঢোল, দুযোৰ কাই-চেং-মুং আনিছিল। খুন
লুং আৰু খুন লাই ৫৬৮ চনত তাই লোকে বসবাস কৰা আৰু প্ৰথম ৰাজ্য প্ৰতিষ্ঠা কৰা ভূমি
মুং ৰিং মুং খামত উপস্থিত হয়। খুং লুং,জ্যেষ্ঠ ভাতৃ ৰজা আৰু কনিষ্ঠ ভাই খুন লাই, ৰাজকুমাৰ হয়। কিন্তু সময়ৰ লগে
লগে ভাতৃদ্বয়ৰ মাজত মতানৈক্য হ’ল আৰু
সেয়েহে চুম চেঙৰ সৈতে খুন লুঙে মুং খাম মুং জাও নামৰ নতুন ৰাজ্য বা মুঙলৈ ৰাওনা হ’ল যিটো তেওঁ প্ৰায় ৪০ বছৰ ধৰি
শাসন কৰিলে।
কিংবদন্তি অনুসৰি স্বৰ্গৰ ৰজা লেংডনে তেওঁৰ ভ্ৰাতৃৰ পুত্ৰদ্বয় খুনলুং আৰু খুনলাইক চোমদেওক লগত দি পৃথিৱীলৈ ৰজা হৈ থাকিবলৈ প্ৰেৰণ কৰে। পিছলৈ উত্তৰাধিকাৰসূত্ৰে চোমদেওৰ প্ৰতিমূৰ্তি চুকাফাৰ সতীয়া ভ্ৰাতৃ চুখ্ৰানফাৰ হাতলৈ আহে। আহোম ধৰ্ম অনুসৰি আহোমসকলে মূৰ্তিপূজা নকৰিছিল। সেয়ে তেওঁলোকৰ ধৰ্মগ্ৰন্থসমূহত থকা দেৱ-দেৱীসকলৰ কোনো প্ৰতিমূৰ্তি পোৱা নাযায়। কেৱল ৰাজপৰিয়ালৰ লোকসকলে চোম আৰু চেং নামৰ দুটি প্ৰতিকৃতি ৰাখিছিল। এই প্ৰতিকৃতি আছিল উজ্বল ৰঙৰ (ৰুং) আৰু দুয়োটি আছিল মুং (ম্যুং) অৰ্থাৎ দেশখনৰ অধিষ্ঠাতা। সেয়েহে এই প্ৰতিকৃতি কেৱল শাসক স্বৰ্গদেউগৰাকীৰ হাতত থাকিছিল আৰু ইয়াক চোমদেও আৰু চেংদেও বোলা হৈছিল। বিশ্বাস অনুসৰি চোমদেওৱে অসীম ধন-সম্পত্তি প্ৰদান কৰিছিল আৰু ইয়াক অতি গোপনে ৰাখিব লগা হৈছিল।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments