12 March, Wed 2025
support@thecriticalscript.com
Blog image

কিয় ৰখা হৈছিল দৰঙৰ সত্ৰখনৰ নাম খটৰা সত্ৰ!

18 Feb,2025 06:28 PM, by: Ankita Gogoi
1 minute read Total views: 100
0 Like 0.0

দৰঙৰ খটৰা সত্ৰৰ প্ৰতিষ্ঠা ১৫৬৮ খ্রীষ্টাব্দত, মহাৰাজ নৰনাৰায়ণৰ ৰাজত্বকালত হৈছিল। একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু বিস্তাৰৰ উদ্দেশ্যে মহাপুৰুষ মাধৱদেৱে তেওঁৰ প্ৰিয় শিষ্য গোবিন্দ আতৈক বৰ দৰঙলৈ প্ৰেৰণ কৰিছিল। সত্ৰটোৱে যুগে যুগে একশৰণ নামধৰ্মৰ আদৰ্শ প্রচাৰ কৰি আহিছে আৰু সৎসংগ, কীৰ্তন তথা আধ্যাত্মিক জ্ঞানৰ এক মহৎ কেন্দ্ৰ ৰূপে পৰিগণিত হৈছে।

কোৱা হয় যে, সেই সময়ত এই অঞ্চলত খট জনজাতীয় লোকসকল বসবাস কৰিছিল। গোবিন্দ আতৈয়ে  সত্ৰ স্থাপনৰ অনুমতি বিচাৰিছিল, কিন্তু খটসকলে তাত আপত্তি জনায়। পৰিস্থিতি অনুকূল নোহোৱাত, শেষত শ্রীশ্রী মাধৱদেৱে কৌশল প্ৰয়োগ কৰি সত্ৰ স্থাপন কৰিবলৈ সফলতা অৰ্জন কৰে।

আকৌ এক জনশ্ৰুতিৰ পৰা জনা যায় যে গোবিন্দ আতৈয়ে ধৰ্ম প্ৰচাৰৰ যো-জা কৰা অৱস্থাত সেই ঠাইত খট অৰ্থাৎ দুষ্ট প্ৰকৃতিৰ লোক চাৰিজন আছিল। স্থানীয় লোকে তেওঁলোকৰ আচৰণক ‘খটাসুৰ’ বা অতি দুষ্ট প্ৰকৃতিৰ বুলি তেওঁলোকক ‘খট’ বুলি কৈছিল। গোবিন্দ আতৈ আৰু তেওঁৰ লগত অহা ভকতকেইজনে খটকেইজনৰ মনৰ পৰিৱৰ্তন সাধন কৰি ভক্তিধৰ্মলৈ ঢাল খুউৱাৰ বাবে ঠাইখনৰ নাম ‘খটহৰা’ বা ‘খটৰা’ হ’ল।

প্ৰথমতে, চাৰিজন খট শ্রীশ্রী মাধৱদেৱৰ ওচৰত শৰণ লয়।এইদৰে খটসকলৰ দৰ্প চৰ্ণ হোৱাত এই ঠাইখনৰ নাম "খটহৰা" বা "খটৰা" ৰূপে পৰিচিত হয়।এই সত্ৰৰ ভেঁটি স্থাপন কৰোতে শ্রী কৃষ্ণাই ডেকা নামৰ লোক এগৰাকীয়ে যোগোৱা বৰঙণি উল্লেখযোগ্য হৈ আছে। ইতিহাসৰ এই সত্ৰটো গঠনৰ এক উল্লেখযোগ্য অংশ হিচাপে গণ্য হয়।

তেওঁৰ আদেশ অনুসৰি, কোঁচ ৰাজবংশৰ ৰাজত্বকালত এই সত্ৰটি কৰ-কাটলৰ পৰা বিশেষ ৰেহাই লাভ কৰি আহিছিল। কোচবিহাৰৰ নৱম মহাৰাজাৰ পুত্ৰ চন্দ্ৰ নাৰায়ণ আৰু দ্বাদশ মহাৰাজাৰ পুত্ৰ ধৈৰ্য নাৰায়ণে সত্ৰটোৰ উন্নয়ন উদ্দেশ্যে বিপুল বয়-বস্তু দান কৰিছিল।

কোচৰজা নৰনাৰায়ণৰ দিনতে এই সত্ৰখন প্ৰতিষ্ঠা হয়। নৰনাৰায়ণে সত্ৰৰ কৰ-কাটল ৰেহাই দি ৰাজ-পৃষ্ঠপোষকতা আগবঢ়াইছিল। পৰৱৰ্তী সময়ৰ কোচ ৰজাসকলেও সত্ৰখনৰ প্ৰতি উদাৰ মনোভাব দেখুৱাই আহিছিল। সত্ৰখনৰ সা-সম্পত্তিৰ হৰণ-ভগন নহ’বৰ বাবে, সা-সম্পত্তিৰ হিচাপ ভালদৰে ৰাখিবৰ বোব কোচ ৰজা ধৈৰ্য নাৰায়ণে এই সত্ৰলৈ দান দিয়া বয়-বস্তুৰ এখন তালিকা লিপিবদ্ধ কৰাৰ ব্যৱস্থা কৰিছিল। প্ৰখ্যাত ধৰ্মাচাৰ্য বাদন আতাৰ নামত এই বয়বস্তুৰ তালিকাখন লিপিবদ্ধ কৰি ৰখা হৈছিল। এই কাকতখনেই হৈছে সকলোৰে মাজত প্ৰচলিত ঐতিহাসিক ‘বৰকাকত’।

মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোণীয়া গোবিন্দ আতাই স্থাপন কৰা খটৰা সত্ৰত প্ৰতিষ্ঠা কালৰে পৰা অনুষ্ঠিত হৈ আহিছে পাচেতি মহোৎসৱ৷

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.