ব্ৰহ্মপুত্ৰ নদীৰ কিছু কথা!
ব্ৰহ্মপুত্ৰ নদীৰ সৈতে অসম আৰু অসমীয়াৰ সম্পৰ্ক অতি ঘনিষ্ঠ আৰু গভীৰ। অতি প্ৰাচীন কালৰ পৰাই এই মহান নদীৰ দুয়োপাৰে প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, ধুবুৰী আদিৰ দৰে বহু গুৰুত্বপূৰ্ণ নগৰৰ বিকাশ ঘটিছিল।
ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থল তিব্বতৰ মানস সৰোবৰৰ ওচৰৰ চেমাযুদুং হিমবাহ (Chemayungdung Glacier)। এই স্থানটো কৈলাস পৰ্বতমালাৰ দক্ষিণ অংশত অৱস্থিত। তিব্বতত এই নদীখনক “য়াৰলুং চাংপৌ” (Yarlung Tsangpo) বুলি কোৱা হয়, যাৰ অৰ্থ তিব্বতীয় ভাষাত “পৰিশোধক”। তিব্বতৰ ভিতৰত নদীখন পূব দিশে বৈ গৈ নামচা বাৰুৱা শৃংগৰ ওচৰত এক বৃহৎ ইউ-টাৰ্ন লয়, যাক “গ্ৰেট বেণ্ড” (Great Bend) বুলি জনা যায়। এই স্থানতেই নদীখন ভাৰতত প্ৰৱেশ কৰে।
ভাৰতত অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ পাছত নদীখনৰ নাম হয় “চিয়াং”। পাহাৰীয়া অঞ্চল পাৰ কৰি ভৈয়ামলৈ নামি আহোঁতে ইয়াক “দিহাং” বুলি কোৱা হয়। সেয়ে অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদী “চিয়াং” আৰু “দিহাং” নামেৰে পৰিচিত।
অসমত প্ৰৱেশ কৰাৰ পাছত নদীখনক ব্ৰহ্মপুত্ৰ, লুইত বা বৰলুইত বুলি জনা যায়। শদিয়াৰ ওচৰত তিনিখন মুখ্য নদী একেলগে মিলিত হয়— ১) উত্তৰৰ পৰা অহা দিহাং (মূল ধাৰা) ২) উত্তৰ-পূবৰ পৰা অহা দিবাং
৩) পূবৰ পৰা অহা লোহিত
এই তিনিখন নদী মিলিত হোৱাৰ পাছতেই নদীখনক “ব্ৰহ্মপুত্ৰ” বুলি কোৱা হয়।
অসমৰ ধুবুৰী জিলা অতিক্ৰম কৰি নদীখন বাংলাদেশত প্ৰৱেশ কৰে আৰু তাত ইয়াৰ নাম হয় “যমুনা”। বাংলাদেশত অসমৰ ফালৰ পৰা অহা যমুনা আৰু ভাৰতৰ গংগা নদী মিলিত হোৱাৰ পাছত যমুনা নামটো লোপ পায় আৰু নদীখন “পদ্মা” নামেৰে পৰিচিত হয়। কিছু দূৰ বৈ যোৱাৰ পাছত পদ্মা নদী “মেঘনা” নদীৰ লগত মিলিত হয়। মেঘনা নদীৰ পানীৰ প্ৰবাহ অধিক শক্তিশালী আৰু গভীৰ হোৱাৰ বাবে এই মিলনৰ পাছত “পদ্মা” নামটো লুপ্ত হৈ যায় আৰু নদীখন “মেঘনা” নামেৰেই আগবাঢ়ে। অৱশেষত মেঘনা নদী বংগোপসাগৰত গৈ মিলিত হয়।
এই মেঘনা নদী আচলতে অসমৰ বৰাক নদীৰেই বিস্তৃত ৰূপ। বৰাক নদী বাংলাদেশত প্ৰথমে “সুৰমা” আৰু “কুশিয়াৰা” নামেৰে প্ৰৱাহিত হয় আৰু পাছলৈ “মেঘনা” নাম গ্ৰহণ কৰে। সাগৰত পৰাৰ আগতে এই নদী প্ৰণালীয়ে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ—সুন্দৰবন বদ্বীপ গঠনত সহায় কৰে। সেয়ে বংগোপসাগৰত পৰোঁতে নদীখনৰ চূড়ান্ত নাম “মেঘনা”, “পদ্মা” বা “ব্ৰহ্মপুত্ৰ” নহয়।
ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ হৈছে সোৱণশিৰি, যি লখিমপুৰ জিলাত ব্ৰহ্মপুত্ৰৰ লগত মিলিত হয়। অসমত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহক “ৰাইট বেংক ট্ৰিবিউটেৰিজ” আৰু দক্ষিণ পাৰৰ উপনৈসমূহক “লেফ্ট বেংক ট্ৰিবিউটেৰিজ” বুলি কোৱা হয়। অসমৰ পশ্চিম সীমাত অৱস্থিত সোণকোষ নদীয়ে অসম আৰু পশ্চিমবংগৰ মাজত প্ৰাকৃতিক সীমাৰেখা নিৰ্ধাৰণ কৰে আৰু ই ব্ৰহ্মপুত্ৰত মিলিত হয়। ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰ পাৰৰ খেৰকুটিয়া সুঁতি তথা সোৱণশিৰিৰ সংযোগে মাজুলী দ্বীপৰ সৃষ্টি হৈছে।
উত্তৰ পাৰৰ মুখ্য উপনৈসমূহ— জীয়া ভৰলী, পাগলাদিয়া, মানস, ৰঙানৈ, সোণকোষ, সোৱণশিৰি, গংগাধৰ, গাভৰু, চম্পাৰতি, ছিয়াং, জীয়াচল, জীয়া ধনশিৰি, ডিক্ৰং, দিবং, পুঠিমাৰী, বৰগাং, বৰনদী, বুৰৈ, বেঁকী, সৰলভাগা।
দক্ষিণ পাৰৰ উপনৈসমূহ— কপিলী, কলং, কাকডোঙা, জাঁজী, ডিক্ৰু, দিখৌ, দিচাং, দুধনৈ, ধনশিৰি, বুঢ়ী দিহিং, ভোগদৈ, কলচী, কৃষ্ণাই, জিঞ্জিৰাম, জিনাৰী, ডিগাৰু, দৰিকা, দিহিং, দিয়ং, ভৰলু, লোহিত।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments