
ভূৱন মোহন বৰুৱা অসমৰ সাহিত্য জগতৰ এটি নক্ষত্ৰ
'অসীমত যাৰ হেৰাল সীমা', এই উপন্যাস সকলোৰে প্ৰিয়। কাঞ্চন বৰুৱাৰ দ্বাৰা লিখা এই উপন্যাসখন 'বেষ্ট চেলাৰ' অসমীয়া উপন্যাস। এইখন তেওঁৰ জীৱন প্ৰথমখন উপন্যাস।
ভাষা আৰু জাতিক নিজৰ অপূৰ্ব সৃষ্টিৰে সমৃদ্ধ কৰি সাহিত্যৰ ভঁৰাল সুসজ্জিত কৰাৰ লগতে, বিশ্বমঞ্চত জাতিৰ পৰিচয় উজাগৰ কৰিবলৈ যিয়ে অক্লান্তভাৱে সাধনা কৰিছিল, তেনে এগৰাকী ব্যতিক্ৰমী সাহিত্যিক হ’ল ভূৱন মোহন বৰুৱা, যাক আমি সকলোৱে কাঞ্চন বৰুৱা নামেৰে জানো। বিংশ শতিকাৰ চল্লিছৰ দশকত তেওঁ অসংখ্য চিৰসেউজ উপন্যাস লিখি অসমীয়া সাহিত্য ক্ষেত্ৰত নিজ স্থান গঢ়ি তোলে।
কাঞ্চন বৰুৱা ছদ্মনামৰে তেওঁ কেইবাখনো অসমীয়া উপন্যাস, চুটিগল্প আদিৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে। ডিগবৈত চাকৰি কৰি থকা অৱস্থাত চেঙেলীয়া কালতে তেখেতে 'অসীমত যাৰ হেৰাল সীমা' উপন্যাসখন ৰচনা কৰিছিল। ডিগবৈত এখন ইংৰাজী ছবি উপভোগ কৰাৰ পিছতে এই উপন্যাস ৰচনা কৰাৰ কথা তেওঁৰ মনলৈ আহিছিল। তেখেতে মুঠ ২০ খনৰো অধিক উপন্যাস আৰু অনেক চুটিগল্পৰ ৰচক আছিল। তেখেত অসমৰ এজন প্ৰসিদ্ধ ঔপন্যাসিক আৰু চুটিগল্প লেখক।
১৯১৪ চনত শ্বিলঙত ভুৱন মোহন বৰুৱাৰ জন্ম হৈছিল।তেখেতৰ পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা। শ্বিলঙত জন্ম গ্ৰহণ কৰিলেও তেওঁৰ পিতৃ আছিল শিৱসাগৰহে। তেওঁৰ মাতৃ আছিল প্ৰখ্যাত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ জীয়ৰী। ভূৱন মোহন বৰুৱাৰ আজো আইতাক আছিল মণিৰাম দেৱানৰ জীয়াৰী। যোৰহাটৰ প্ৰিঞ্চ অৱ ৱেলচ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা পাঠ্যক্ৰম সমাপ্ত কৰি ডিগবৈত তেল কোম্পানীৰ চাকৰিত যোগদান কৰে।পৰৱৰ্তী সময়ত টোকোলাই চাহ গৱেষণাগাৰৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ওপৰিও ভূৱন মোহন বৰুৱাই শ্বিলঙৰ টাৰ্পিন তেল ফেক্টৰিতো কৰ্মসূত্ৰে দায়িত্ব পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত অসম চৰকাৰৰ অধীন চলচ্চিত্ৰ বিত্তীয় ব্যৱস্থাপক সমিতি(Film Finance Board)ৰ এজন সদস্য হিছাপেও কাৰ্য নিৰ্বাহ কৰিছিল।
ডিগবৈ তেল শোধনাগাৰত কৰ্মৰত অৱস্থাতেই "অসীমত যাৰ হেৰাল সীমা" নামৰ উপন্যাসখন তেওঁ ৰচিছিল। কিন্তু, লিখা সমাপ্ত হোৱাৰ পিছতো, তেওঁ উপন্যাসখন প্ৰকাশকৰ ওচৰলৈ পঠিয়াবলৈ আগ্ৰহ নেদেখুৱাই, বহু বছৰলৈ নিজৰ টেবুলতেই পেলায় ৰাখিছিল। পিছলৈ, তেওঁৰ এজন আত্মীয় জে কে বৰুৱাই আগবাঢ়ি উপন্যাসখন প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে।
ইয়াৰ ওপৰিও ভূৱন মোহন বৰুৱাই আন বহু কেইখন উপন্যাস আৰু গল্প সংকলন প্ৰকাশ কৰিছিল। অশান্ত প্ৰহৰ,পুৱতি তৰা, মৃত বিহংগ, জয়া মহল, উৰ্মিলাৰ চকুলো, গ্ৰহণান্ত, সুবৰ্ণ বলয়, মৌন পুৰি আৰু প্ৰকাশিত গল্প সংকলন হ’ল ‘মৃগতৃষ্ণা‘। কেৱল উপন্যাস বা গল্পই নহয় তেওঁ নাট্য সাহিত্যৰ ক্ষেত্ৰখনলৈও অৱদান আগবঢ়াইছিল। তেওঁ ৰচনা কৰা প্ৰথম খন নাটক ‘ৰূপশিল্পী’। পৰৱৰ্তী সময়ত ৰূপশিল্পীৰ কাহিনীক লৈয়ে তেওঁ লিখি উলিয়াইছিল আন এখন উপন্যাস সুবৰ্ণ বলয়। উল্লেখ্য যে ভূৱন মোহন বৰুৱাই সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা জীৱনৰ ওপৰত ভিত্তি কৰি এখন জীৱনী মূলক উপন্যাস ৰচনা কৰিছিল। উপন্যাস খন হৈছে ‘সুৰ দেউলৰ পূজাৰী’।
আলোকচিত্ৰৰ পৰা নিজকে আঁতৰাই ৰাখি, কেতিয়াও সাক্ষাৎকাৰ নিদিয়া আৰু অসমীয়া সাহিত্যৰ কোনো আনুষ্ঠানিক সভা-সমিতিত অংশগ্ৰহণ নকৰিও, ভূৱন মোহন বৰুৱাই নিজৰ শব্দৰ যাদুৰে অসমীয়া সাহিত্যক যে এক অনুপম ভঁৰাল উপহাৰ দি গৈছে, সেয়া অপূৰ্ব। তেখেতৰ মুখ কোনোদিনে সামাজিক মাধ্যমত পেপাৰত কেতিয়াও দেখি নাপাওঁ কিন্তু, তেখেত কিতাপৰ শব্দৰ মাজত চিৰসেউজ হৈ আছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments