19 January, Sun 2025
support@thecriticalscript.com
Blog image

অসমৰ মেলডি কুইন 'বিউটি শৰ্মা বৰুৱা

08 Nov,2024 05:56 PM, by: Ankita Gogoi
1 minute read Total views: 128
0 Like 0.0

মেলডি কুইন বিউটি শৰ্মা বৰুৱা এগৰাকী ভাৰতীয় সংগীতশিল্পী,তেওঁ অসমীয়া আধুনিক গীত, লোকগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত, গজল, ভজন পৰিবেশনৰ বাবে বিখ্যাত।তেওঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰজ্ঞাসুন্দৰী দেৱীৰ আজু নাতিনী। ১৯৫১ চনৰ ১৮ জুন তাৰিখে গোলাঘাট জিলাৰ ডফলাটিং চাহ বাগিচাত বিউটি বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ভুৱেনশ্বৰ বৰুৱা চাহ বাগিচাৰ মেনেজাৰ আছিল আৰু নিৰ্মলা দেৱী। তেখেতে দূৰদৰ্শন, ৰেডিঅ',  এলবাম আৰু অন্যান্যত প্ৰায় ১০০০ গীত গাইছে। তেওঁ ১৯৭৬ চনত সাহিত্যিক আৰু গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।

আকাশবাণী গুৱাহাটীত গোৱা তেওঁৰ প্ৰথম গীতটো হল তোমালৈ মনত পৰে।জিতু তপনৰ সংগীত আৰু নুৰুল হকৰ কথাৰ এই গীত তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত গাইছিল।১৯৬০ৰ দশকত তেওঁ আকাশবাণী গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আৰু শ্বিলংৰ লগত জড়িত আছিল। তেওঁ অসমীয়া সংগীতত শাস্ত্ৰীয় ৰাগৰ ব্যৱহাৰৰ বাবে জনপ্ৰিয় আছিল।

১৯৭৬ চনত তেওঁ গীতিকাৰ আৰু কবি দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত অসমীয়া লোক-সংগীত আৰু লঘু শাস্ত্ৰীয় সংগীতৰ এক নতুন ধাৰাৰ আৰম্ভ হৈছিল। সেই সময়তে তেওঁলোকৰ মাহ হালধিৰে, ঘৰমুৱা পক্ষী, সিপাৰে যমুনাৰ, দেৱী বুলি মাতিছিলোঁ, দীঘল কৈ উৰণি, উজনি মুৱা ৰে'ল গাড়ী আদি কালজয়ী গীতৰ সৃষ্টি হৈছিল। বিউটি শৰ্মা বৰুৱায়ে বৰ্তমানলৈ দ্বিজেন্দ্ৰ মোহন শৰ্মায়ে লিখা প্ৰায় ৩০০ গীত গাইছে।১৯৮০ৰ দশকত বিউটি শৰ্মা বৰুৱায়ে অলকানন্দ সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। ২০০৫ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। ২০০৭ চনত তেওঁ শিশু সকলৰ বাবে ওমলা ঘৰৰ গীত নামৰ এখন কিতাপ প্ৰকাশ কৰিছিল। তেওঁ দূৰদৰ্শন আৰু আকাশবাণীৰ কেইবাটাও সংগীতিক অনুষ্ঠান প্ৰযোজনা কৰিছিল। ইয়াৰ লগতে তেওঁ কেইখনমান অসমীয়া ধাৰাবাহিকত অভিনয়ো কৰিছিল।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.