22 December, Mon 2025
support@thecriticalscript.com
Blog image

গুৱাহাটী মহানগৰীৰ কিছু নজনা কথা!

11 Dec,2025 05:49 PM, by: Ankita Gogoi
1 minute read Total views: 106
0 Like 0.0

গুৱাহাটী নামেৰে জনাজাত হোৱাৰ পূৰ্বে এই ঠাই 'কুৱানচি' বা 'কুৱেনচি' নামেৰেও জনা গৈছিল। মধ্যযুগ অর্থাৎ প্রায় তেৰশ শতিকাৰ পৰা ব্ৰিটিছৰ শাসন কালৰ আগমুহূৰ্তলৈকে কুৱেনচি ডুমুৰা, ডিমৰুৱা (ডিমৰীয়া) ৰজাসকলৰ শাসনকাল চলিছিল। তেতিয়ালৈকে কুৱেনচি ডুমুৰা বাজাৰ অঙ্গৰাজ্যসমূহৰ ভিতৰত অন্যতম আছিল। সেই সময়ত যিহেতু ডুমুৰা কাৰ্বি ৰাজ্য আছিল সেয়েহে কার্বি সমাজৰ মাজতহে কুৱেনচি নামটো জনাজাত আছিল। কাৰ্বি শব্দ কুৰে মানে তামোল বা গুৱা আৰু হুনচি মানে চুবুৰী বা ঠাই।

আহক জানো মহানগৰীৰ কিছু ঠাইৰ নজনা কথা:

*লোককথা মতে, মহানগৰীৰ পাঞ্জাবাৰীত জমিদাৰসকলৰ পাচখন বাৰী আছিল। সংক্ষেপে পঞ্চবাৰী। কিন্তু ইয়াত বসবাস কৰা জনজাতীয় লোক সকলৰ মুখত পাঞ্জাবাৰীলৈ সলনি হয়। এই অঞ্চলত এতিয়াও পৰি থকা পুখুৰী আৰু বহু বছৰ পুৰণি গছ-গছনি আৰু ফলৰ বাগানসমূহে তাৰে ইংগিত দিয়ে। আবাসিক এলেকাৰ মাজে মধ্যে পৰা পুৰণি গছ আৰু পুখুৰী আৰু ভিতৰৰ জনজাতীয় বসতিয়ে গৌৰৱোজ্বল ইতিহাসৰ নিদর্শন দাঙি ধৰে।

*গুৱাহাটীৰ শিলপুখুৰীৰ প্রাচীন নাম হ'ল ন-কোণীয়া পুখুৰী। ইংৰাজৰ ৰাজত্বকাললৈকে এই পুখুৰীৰ নাম ন-কোণীয়া পুখুৰী আছিল। পিছত পুখুৰীৰ পাৰত থকা এচটা পুৰণি লিপিখচিত শিলৰপৰাই এই পুখুৰীৰ নাম শিলপুখুৰী হয় বুলি ধৰা হয়। এই শিলালিপিৰ মতে, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ১৭৫৩ খ্রীষ্টাব্দত তৰুণ দুৱৰা বৰফুকনে এই পুখুৰীটো খন্দাইছিল। পুৰণি শিলপুখুৰীৰ নটা কোণত নটা পাটনাদ আছিল। এই নটা পাদনাদৰ পানীৰে নৱগ্ৰহৰ নজন গ্রহ দেৱতাক ধুওৱা হৈছিল বুলি জনপ্রবাদ আছে।

*গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত অসমৰ প্ৰথমটো চলচ্চিত্র ষ্টুডিঅ' হৈছে 'জ্যোতি চিত্ৰবন'। অসমৰ প্ৰথমগৰাকী চলচ্চিত্র নির্মাতা জ্যোতিপ্রসাদ আগৰৱালাৰ নামৰ প্ৰথম অংশ আৰু জয়মতীৰ শ্ৰুটিঙৰ সময়ত তেখেতে ভোলাগুৰি চাহবাগিছাত পতা অস্থায়ী ষ্টুডিঅ' চিত্রবন, এই নাম দুটা লগ লগাই ষ্টুডিঅ'টোৰ নাম 'জ্যোতি চিত্ৰবন' ৰখা হৈছিল। জ্যোতি চিত্রবন ১৯৬১ চনত প্রতিষ্ঠা হৈছিল যদিও ১৯৬৮ চনতহে প্ৰথমবাৰৰ বাবে ইয়াত শ্বুটিং কৰা হয়।

*প্রাচীন কালৰে পৰা বেলতলা কামৰূপৰ এক ৰাজনৈতিকভারে সক্রিয় অঞ্চল। প্রাচীনকালত ই ঐতিহাসিক কামৰূপ সাম্ৰাজ্যৰ অন্তৰ্গত আৰু পিছলৈ কোচ-কমতা সাম্ৰাজ্যৰ অধীন হয়। পিছলৈ মোগল শাসনৰ সময়ত এক কৰতলীয়া ৰাজ্যলৈ পৰিৱৰ্তিত হয়। কোচ সাম্ৰাজ্যৰ পিছৰে পৰা বেলতলাই কৰতলীয়া আৰু সময়ে সময়ে স্বাধীন হৈ উঠিছিল। বেলতলাৰ আশে পাশে থকা গুৰুত্বপূৰ্ণ ৰাজ্য যেনে ৰাণী, লুকী, গোভা আদি একে মর্যাদাত পৰিছিল। এই ঠাইৰ পৰাই সময়ে সময়ে পাহাৰৰ খাচী, গাৰো আৰু জয়ন্তীয়া ৰাজ্যলৈ অভিযান চলিছিল। উল্লেখ্য যে, আজিৰ বেলতলা ঐতিহাসিক বেলতলাৰ এক ক্ষুদ্র সংস্কৰণ।

*গুৱাহাটীত হাউচ নম্বৰৰ আৰম্ভ হৈছিল ২০০১ চনৰ পৰা, কটন ইয়াৰ আঁৰত আছিল বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্রী নৃপেন্দ্ৰ নাথ শৰ্মাৰ। নিজৰ স্থানীয়তা পাঞ্জাবাৰী পথৰ জুৰিপাৰৰ পৰা আৰম্ভ কৰি তেওঁ প্ৰতিটো ঘৰৰ মেপ আৰু নম্বৰ দিছিল। তেওঁৰ এই পদক্ষেপে সমগ্ৰ চহৰখনতে নম্বৰযুক্ত ঘৰৰ আৰ্হি হিচাপে কাম কৰিছিল আৰু গুৱাহাটীক মানচিত্ৰত নাগৰিক চিনাক্তকৰণ ব্যৱস্থা প্রদান কৰিছিল।

*গুৱাহাটী মহানগৰীৰ ১৯৬৮-৬৯ চনত আমবাৰীতে বহু প্রত্নতাত্ত্বিক সম্পদৰ সন্ধান পোৱা গৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম প্রত্নতত্ত্ব সঞ্চালকালয়ে যুটীয়াভারে ১৯৬৯-৭০ চনত প্ৰথমবাৰৰ বাবে এই স্থানত খনন কাৰ্য্য আৰম্ভ কৰিছিল। আমবাৰীত চলোৱা প্ৰথম বৰ্ষৰ খননত প্ৰচুৰ পৰিমাণে শিলত কটা ভাস্কর্য যেনে সূ সূর্য, বিষ্ণু, দুর্গা, গঙ্গা, যমুনা, মুনি, যোনিপীঠ, শিৱ লিঙ্গ আৰু যোনিপীঠত গণেশৰ পোৰামাটিৰ ভাস্কৰ্য, নৃত্যৰত অৱস্থাত থকা মূর্তি, এটি মহিলা মূৰ্তিৰ আবক্ষ মূর্তি ইত্যাদি পোৱা গৈছিল। ইয়াৰ উপৰিও পোৰামাটিৰ ভাস্কৰ্য, মণি, খাৰু, বৰটোপৰ গুলী, তামৰ মোহৰ আদিও বহু পৰিমানত উদ্ধাৰ হৈছিল।

*গুৱাহাটীত এতিয়া য'ত ৰে'ল ষ্টেচনটো অৱস্থিত, সেই অঞ্চলটো আগতে কেতেকীবাৰী নামেৰে জনাজাত আছিল। কিয়নো, ঠাইখিনিত কেতেকী ফুলৰ গছেৰে ভৰি আছিল।এই ভূমিৰ গৰাকী আছিল এজন মজুমদাৰ।১৮৯৬-৯৭ চনত ৰে'ল ষ্টেচন স্থাপন কৰাৰ পাছত এই নামটো ক্রমান্বয়ে লোপ পালে আৰু প্রচলন বন্ধ হৈ পৰিল।

*দীঘলীপুখুৰীৰ দক্ষিণ-পূর্ব অংশত অবস্থিত আমবাৰী অঞ্চলটোক এখন ব্রিটিছ মালিকানাধীন বাগিচাৰ বাবে কোম্পানী-বাগান নামেৰে জনা গৈছিল। এই ঠাইখনক পূর্বতে থিন্দাংপাৰা বুলিও কোৱা হৈছিল।এই স্থানত বহুতো আম গছ আছিল, সেইবাবেই ইয়াক আমবাৰী নামেৰে জনা যায়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.