
অসম চৰকাৰৰ উচ্ছেদ অভিযান
22July- নেঘেৰিবিলৰ খিলঞ্জীয়া মিচিং জনগোষ্ঠীৰ মাজত এতিয়া গভীৰ উদ্বেগ আৰু ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে। গাঁওখনৰ একাংশ মিচিং লোকে ৰাজ্য চৰকাৰলৈ ভূমি উচ্ছেদৰ দাবীত পত্ৰ প্ৰেৰণ কৰাৰ পাছৰে পৰা, সন্দেহজনক ব্যক্তিসকলৰ পৰা তেওঁলোকে ভয় আৰু ভাবুকি পোৱাৰ কথা সদৰি কৰিছে। এই ভয়-আশংকাৰ পৰিপ্ৰেক্ষিতত মিচিং লোকসকলে নিজাববীয়াকৈ পহৰা দি আছে।স্থানীয় TMPK আৰু মিচিং সমাজৰ বিভিন্ন নেতাসকলে গোলাঘাট জিলা প্ৰশাসনৰ ওচৰত গাঁওবাসীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে তৎপৰতাৰে ব্যৱস্থা ল’বলৈ দাবী জনাইছে।
21 July- অসম চৰকাৰে শিলসাঁকো বিলত চলি থকা উচ্ছেদ অভিযানৰ অংশ হিচাপে ২১ জুলাই সোমবাৰে গুৱাহাটীৰ চচলত অৱস্থিত ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট (আই এইচ এম) জিলা প্ৰশাসনে ভাঙিবলৈ আৰম্ভ কৰে।
শিলসাঁকোৰ জলাহভূমিত নিৰ্মাণ কৰা হৈছিল এই প্ৰতিষ্ঠান। যাৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান।
সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, "এই প্ৰতিষ্ঠানটো অধিসূচিত জলাশয়ৰ ভূমিত নিৰ্মাণ কৰা হৈছিল। ব্যক্তিগত ব্যক্তি হওক বা প্ৰতিষ্ঠান হওক, সকলো বেদখল আঁতৰোৱা হ'ব।"
অসম চৰকাৰৰ সাম্প্রতিক উচ্ছেদ অভিযান অব্যাহত। চৰকাৰৰ অনুসৰি, এই পদক্ষেপৰ উদ্দেশ্য হৈছে অবৈধভাৱে অধিকৃত চৰকাৰী আৰু বনাঞ্চল মুক্ত কৰি পৰিবেশ সংৰক্ষণ, বন্যপ্ৰাণীৰ স্বাধীন চলাচল নিশ্চিত কৰা আৰু অসমীয়া জাতি-পৰিচয় ৰক্ষা কৰা। যদিও, এই অভিযানে বহু পৰিয়াল গৃহহীন কৰি তোলাৰ ফলত, একাংশই একে সময়তে মানৱাধিকাৰৰ লংঘন, ধৰ্মীয় বৈষম্য আৰু অমানৱিকতা অভিযোগ উত্থাপন কৰিছে।
১৫ জুলাইত, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই জনালে যে ২০২১ চনত আৰম্ভ হোৱা অভিযানৰ পৰা এতিয়ালৈকে প্ৰায় ১২,০০০ হেক্টৰৰ অধিক ভূমি উদ্ধাৰ কৰা হৈছে, যিটো গুৱাহাটী মহানগৰৰ ৭৫% পৰিসৰৰ সমান। তেওঁৰ ভাষ্য, "আমাৰ লক্ষ্য হ'ল প্ৰতিটো দখল হোৱা ভূমি পুনৰ অধিকাৰ কৰা।"
১২ জুলাইত গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰায় ১৪০ হেক্টৰ ভূমি উচ্ছেদ কৰা হয়, য'ত চৰকাৰে ৩৬খন বুলড'জাৰ আৰু ১,০৮০ পৰিয়ালক উচ্ছেদ কৰে। এই অভিযানত ২,৫০০ৰো অধিক ঘৰ, মছজিদ আৰু বিভিন্ন গৃহ-নির্মাণ সম্পূৰ্ণৰূপে ধ্বংস কৰা হয়। চৰকাৰৰ মতে, উচ্ছেদ কৰা এই সকলো অঞ্চল বনাঞ্চলৰ অন্তৰ্গত আৰু হাতীৰ প্ৰাকৃতিক পথৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।
সৰুপথাৰৰ উৰিয়ামঘাটতো চলিছে বনাঞ্চল ধ্বংস কৰি অবৈধ দখলকাৰী ভূমি জৰীপ। ইতিমধ্যে ৪ দিন সম্পূৰ্ণ হল জৰীপ চলোৱাৰ। মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছিল যে নগাওঁ, লাহৰীঘাটত, ধিং আদি অঞ্চলৰ পৰা বাছেৰে আহি উজনিৰ গোলাঘাটৰ জনগাঁথনি সলনি কৰিব বিচাৰিছে একাংশই।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments