
তেজপুৰৰ ভৈৰৱী মন্দিৰ!
তেজপুৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এক পবিত্ৰ দেৱীপীঠ হৈছে ভৈৰৱী মন্দিৰ, যাক "মাইথান" নামেও জনা যায়।এই মন্দিৰত বলিবিধান প্ৰথা আজিও আছে। মন্দিৰৰ চাৰিওফালে অসংখ্য পুৰণিকালৰ ভগ্ন শিলাখণ্ড সিচঁৰিত হৈ পৰি আছে। ভৈৰৱীৰপৰা বামুণী পাহাৰলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এলানি টিলা আছে।
প্ৰবাদ আছে যে বহু বছৰ আগেয়ে ল'ৰাবোৰে গৰু চৰায় থাকোতে খেলা-ধূলা কৰিছিল । এদিন তেওঁলোকে বিৰিণা পাতকে তৰোৱাল ভাৱি খেলি আছিল । ইফালে বিৰিণা পাতৰ দুয়োকাষ বৰ চোকা, অসাৱধান হৈ চুলে কটাৰ ভয় থাকে। খেলৰ মাজতে এজনে ক'লে, "তই এতিয়া মূৰটো পাত মই তোক বলি দিম !" এইবুলি ধেমালিতে এজনে লগৰজনক বলি দিবলৈ বুলি ডিঙিত বিৰিণা পাতৰ ৰেপ দিওঁতেই সঁচাকৈয়ে ল'ৰাটো ডিঙি কটা গ'ল ।
ইফালে আকৌ নিশা দেৱীয়ে গাঁৱৰ মানুহক সপোনত দেখা দি ক'লে, "মই কাষতে আছোঁ। মোক বলি লাগে ।" ফলত গাঁৱৰ মানুহে উপায় নোপোৱা হৈ পাল পাতি প্ৰতিঘৰৰ পৰা এজনকৈ বলি যাবলৈ প্ৰস্তুত হ'ল । দেৱীয়ে এই কথা জানিব পাৰি পুনৰ ক'লে, "মোক নোম থকা জীৱ বলি দিলেও হ'ব ।" সেইদিন ধৰি আজিলৈকে দেৱীৰ ওচৰত মানুহৰ সলনি হাঁহ, পাৰ, ছাগলী, ম'হ আদি বলি-বিধানৰূপে চলি আছে ।
ইয়াৰে আৰু বহুতো অলৌকিক কাহিনী আছে। জনশ্ৰুতি মতে, বাণ ৰজাৰ জীয়ৰী ঊষাই এই মন্দিৰত নিয়মিত ভাৱে পূজা-অৰ্চনা কৰিছিল আৰু সেই পূজাৰ ফলস্বৰূপে, সপোনত ভৈৰৱী দেৱীৰ আশীৰ্বাদত অনিৰুদ্ধক স্বামী ৰূপে লাভ কৰিছিল।
এক কিম্বদন্তি অনুসৰি, তেজপুৰৰ ভোমোৰাগুৰি পাহাৰত চ্যৱন মুনিৰ আশ্ৰম আছিল। মুনিয়ে আশ্ৰমত নিঠৰুৱা কন্যা শিশুক পাই লালন-পালন কৰে আৰু তাৰ নাম ৰাখে কন্যকা। কন্যকাই ডাঙৰ হোৱাৰ পিছত মহাদেৱ শিৱক স্বামী ৰূপে পাবলৈ মনস্থ কৰে। শিৱই পাৰ্বতীৰ অনুমতি নোলোৱাকৈ বিবাহ কৰিবলৈ অমান্তি জনায়। তাৰ পিছত, পাৰ্বতীয়ে কন্যাক চকুৰ লোতকেৰে শৰীৰ গলাই শিৱৰ চৰণ স্পৰ্শ কৰিবলৈ নির্দেশ দিয়ে, ফলস্বৰূপে কন্যকাই মুক্তকেশী ৰূপে ভৈৰৱীৰ আকাৰ ধাৰণ কৰি চকুৰ লোতকেৰে এখন নদীৰ ৰূপ লয়। এই নদীয়ে বৰ্তমানৰ ভৰলী নৈ, যাক "ভট্টৰিকা" নামেৰে জনা যায়।আন এক জনবিশ্বাস অনুসৰি, সতীৰ পদযুগল এই স্থানত পৰাৰ ফলত ভৈৰৱী মন্দিৰৰ অৱতাৰণা হৈছিল।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments