22 December, Mon 2025
support@thecriticalscript.com
Blog image

শুক্ৰেশ্বৰৰ শিৱলিংগত কোনে প্ৰথমে পূজা অৰ্চনা কৰিছিল জানেনে?

01 Dec,2025 06:06 PM, by: Ankita Gogoi
1 minute read Total views: 91
0 Like 0.0

শুক্ৰেশ্বৰ দেৱালয়ৰ ইতিহাস অতি প্ৰাচীন আৰু বিস্তৃত। যোগিনী তন্ত্ৰৰ বৰ্ণনা অনুসৰি, দেৱালয়ত স্থাপন কৰা শিৱলিংগত প্ৰথমে পূজা কৰিছিল শুক্ৰাচাৰ্যই। শুক্ৰাচাৰ্যই জাগ্ৰত শিৱলিংগৰ পূজা আৰম্ভ কৰা বাবে এই স্থান ‘শুক্ৰেশ্বৰ’ নামেৰে পৰিচিত হয়। বহু লোক এই স্থানক শুক্ৰেশ্বৰ শিৱ বুলিও উল্লেখ কৰে। শিৱলিংগটো জাগ্ৰত বুলি মান্যতা আছে। যোগিনী তন্ত্ৰ আৰু আগৰ পুৰাণসমূহত উল্লেখ আছে যে এই স্থানক পূৰ্বৰ দিনত হস্তাচল পৰ্বত বুলি কোৱা হৈছিল। অসম বুৰঞ্জীত একে অঞ্চলক হস্তী পৰ্বত বুলিও বৰ্ণনা কৰা দেখা যায়। ১৪০০-১৫০০ খ্ৰীষ্টাব্দৰ সময়ত ভয়ংকৰ ভূমিকম্পৰ ফলত বহু শিলমন্দিৰ ধ্বংস হৈছিল আৰু বহু মন্দিৰ ভাগি পৰিছিল, লক্ষ্যণীয় যে শুক্ৰেশ্বৰ দেৱালয়ৰ এই শিৱলিংগটো নিজৰ মুল স্থানতে অক্ষত অৱস্থাতেই থাকে। এই বিষয়টো আহোম ৰজাৰ যুগতে গৱেষণাৰ কৰা হৈছিল। সেই অনুসাৰে ৰজা প্রমত্ত সিংহৰ কালত শুক্ৰেশ্বৰ আৰু জনাৰ্দ্দন দেৱালয়ৰ পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয়। ১৭৪৪ চনত আৰম্ভ হোৱা এই নির্মাণ প্ৰায় ১৭৪৪-১৭৪৫ চনত সম্পন্ন হৈছিল। দেৱালয়ত থকা মণিকূটটোও প্রমত্ত সিংহৰ যুগৰেই বুলি ধাৰণা কৰা হয়। নামঘৰটো এসময়ত টিনৰ সৰু ঘৰ আছিল, কিন্তু ১৯৭০ চনৰ পিছত সেই ঘৰটো ভাঙি পৰাত পকী নামঘৰ নিৰ্মাণ কৰা হয়।

শুক্ৰেশ্বৰ দেৱালয়ত পালন কৰা উৎসৱসমূহ দৈনিক পূজা-অৰ্চনাৰ উপৰিও দেৱালয়ৰ মুখ্য উৎসৱ হ’ল শিৱৰাত্ৰি। আধ্যাত্মিক পৰিৱেশত এই উৎসৱ অত্যন্ত ভক্তিভাৱৰে উদযাপন কৰা হয়। লগতে—

চ'ত মাহত মদন পূজা

শাওণ মাহত বলব’ম

কাতি মাহত নাম-প্ৰসংগও কৰা হয়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.