07 June, Sat 2025
support@thecriticalscript.com
Blog image

মাজুলীৰ সত্ৰ সমূহৰ কিছু তথ্য

23 May,2025 06:25 PM, by: Ankita Gogoi
1 minute read Total views: 493
0 Like 0.0

মাজুলীত বৈষ্ণৱ ধৰ্মৰ সত্ৰ সমূহ বহু উল্লেখযোগ্য। মাজুলীৰ সত্ৰ সমূহৰ ভিতৰত আউনীআটী সত্ৰ, গড়মুৰ সত্ৰ, কমলাবাৰী সত্ৰ আদি উল্লেখযোগ্য। এই সত্ৰ সমূহ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা স্থাপন কৰা হৈছিল। এই সত্ৰ সমূহৰ প্ৰত্যেকতে নিজৰ নিজৰ বৈশিষ্ট্য আছে।

গড়মূৰ সত্ৰ 


গড়মূৰ সত্ৰ অসমৰ চাৰি ৰাজসত্ৰৰ ভিতৰত তৃতীয় স্থানত অৱস্থিত। স্থাপন কালৰ দিশত এই সত্ৰটো দ্বিতীয়। এই সত্ৰৰ প্ৰতিষ্ঠাতা আছিল শ্ৰী শ্ৰী জয়হৰিদেৱ। আৰম্ভণিতে গড়মূৰ সত্ৰ দুটা ভাগত বিভক্ত আছিল—এটা আছিল ডাঙৰ গড়মূৰ আৰু আনটো সৰু গড়মূৰ। এই দুয়োখন সত্ৰ মাজুলীৰ সাৰজান অঞ্চলৰ ওচৰত ওচৰ-চুবুৰীয়া হৈ অৱস্থিত আছিল। পৰৱৰ্তী সময়ত এই দুয়োখন একত্ৰিত হৈ এটা সত্ৰত পৰিণত হয়। আহোম বংশৰ ৰজা প্ৰতাপ সিংহে নিৰ্মাণ কৰা 'ছেৱাতল গড়'-ৰ মূৰত প্ৰতিষ্ঠা হোৱা বাবে, এই সত্ৰটোক 'গড়মূৰ সত্ৰ' বুলি নামকৰণ কৰা হয়।

দক্ষিণপাট সত্ৰ


আহোম ৰজা জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত ১৫৭৬ শক (১৬৫৪ চন)ত দক্ষিণপাট সত্ৰ স্থাপন কৰা হয়। ৰজাই শ্ৰীশ্ৰী যাদৱৰায়ৰ সেৱা আৰু পূজাৰ বাবে বনমালী দেৱক ১০০ জন ভকত, ২০ জন পাইক আৰু ৩০০ পুৰা মাটিসহ অৰ্পণ কৰে। বনমালী দেৱ দক্ষিণপাট সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হোৱাৰ লগতে কোচবিহাৰৰ বৈকুণ্ঠপুৰ সত্ৰৰ চতুৰ্থজনা অধিকাৰ আছিল। যাদৱৰায় এই সত্ৰৰ মূল বিগ্ৰহ, আৰু সত্ৰখনত মুঠ ১৬ জনা বিগ্ৰহ আছে।এই সত্ৰত ওজাপালি, নটুৱা, ৰজাঘৰীয়া নৃত্য,ইন্দ্ৰাভিষেক নৃত্য প্ৰচলিত আছে। সত্ৰখনত সংৰক্ষিত সম্পদৰ ভিতৰত দামোদৰ শালগ্রাম, মহাপুৰুষ, শংকৰদেৱে সোণৰ শলখাত ভৰাই দামোদৰদেৱক দিয়া সংস্কৃত শ্ৰীধৰ স্বামী টীকাসহ ১৪৯৩ খ্ৰীষ্টাব্দত লিখা ১০০ খিলা পাত থকা অর্ধদগ্ধ অৱস্থাৰ ভাগৱত, প্ৰাক্-আহোম যুগৰ বিগ্ৰহ, শিলাখণ্ড, আহোম যুগৰ তামৰ ফলি, বৃটিছৰ দিনৰ ফয়চলা, ৰজাদিনীয়া বৰটোপ, হেংদান, লাখুটি, নাৱৰ বিভিন্ন অংশ, কাঠৰ মূৰ্তি, কুশল কোঁৱৰে দিয়া উৰাল আদি অনেক সম্পদ ঠাহ খাই আছে। এই সত্ৰতে সর্বাধিক প্রাচীন সাঁচিপাতৰ পুথি সংৰক্ষিত আছে।

কমলাবাৰী সত্ৰ


মাজুলীৰে এখন বিখ্যাত সত্ৰ হ’ল কমলাবাৰী সত্ৰ। ১৬৭৩ চনত বদলা পদ্ম আতাই এই‌‌ সত্ৰ প্ৰতিষ্ঠা কৰে। এওঁৰ প্ৰকৃত নাম কমলাকান্ত আতা। মহাপুৰুষ শংকৰদেৱৰ আজ্ঞামৰ্মে মাধৱদেৱৰ গাৰ বদ্বল দি ধৰ্মপ্ৰচাৰৰ অনুমতি দিয়াত বদলা নাম পায়। সেয়ে বদলা পদ্ম আতাৰুপে পৰিচিত হয়। শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰ অন্যতম ধৰ্মীয় আৰু সাংস্কৃতিক মঠ আৰু ই মাজুলী দ্বীপৰ মধ্য অংশত অৱস্থিত। মাজুলীৰ কমলাবাৰী চহৰৰ পৰা ১.৫ কিলোমিটাৰ দূৰত্বত।অংকীয়া ভাওনা, গায়ন বায়ন, সত্ৰীয়া নৃত্য, সূত্ৰধৰ নৃত্য, মাটি আখৰা আদি বহুতো পৰিবেশন কলা আৰু সাংস্কৃতিক অনুশীলনৰ বাবে এই সত্ৰ বিখ্যাত। 

আউনীআটী সত্ৰ 


অসমৰ এক ঐতিহাসিক আৰু প্ৰসিদ্ধ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই ১৫৭৫ শক (ই. স. ১৬৫৩) চনত মাজুলীত এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ আছিল শ্ৰীমন্ত নিৰঞ্জনদেৱ। এতিয়ালৈকে মুঠ ১৬ জন সত্ৰাধিকাৰে এই পদ দখল কৰিছে। বৰ্তমান সত্ৰাধিকাৰ হিচাপে দায়িত্ব পালন কৰি আছে শ্ৰী পীতাম্বৰ দেৱ গোস্বামী।

চামগুৰি সত্ৰ 


এটি প্ৰসিদ্ধ বৈষ্ণৱ সত্ৰ। ১৫৮৫ শক, অৰ্থাৎ ১৬৬৩ চনৰ ফাগুন মাহৰ শুক্লা চতুৰ্দশীত, আহোম ৰজা চক্ৰধ্বজ সিংহৰ আশীৰ্বাদ আৰু সহায়ত শ্ৰীমন্ত শঙ্কৰদেৱৰ নাতি শ্ৰী শ্ৰী চক্ৰপাণি দেৱই এই সত্ৰটো প্ৰতিষ্ঠা কৰিছিল। এটি চাম গছৰ গুৰিত স্থাপন কৰা বাবে এই সত্ৰৰ নাম "চামগুৰি সত্ৰ" হোৱা বুলি কোৱা হয়। এই সত্ৰ মুখা শিল্পৰ বাবে বিশেষ পৰিচিত, আৰু ই দেশ-বিদেশৰ বহু পৰ্যটকক আকৰ্ষিত কৰে। মুখা কলাৰ অনন্যতা আৰু ঐতিহ্য দৰ্শন কৰিবলৈ বহু মানুহ এই সত্ৰলৈ আহে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.