22 December, Mon 2025
support@thecriticalscript.com
Blog image

পৰশুৰাম কুণ্ডৰ আঁৰৰ কাহিনী জানেনে?

27 Nov,2025 06:09 PM, by: Ankita Gogoi
1 minute read Total views: 118
0 Like 0.0

উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যময় সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাস আছে। অৰুণাচল প্ৰদেশৰ তেজুত পৰশুৰাম কুণ্ড নামৰ এক ঠাই আছে। এই কুণ্ডটো লোহিত নদীৰ মালভূমিত অৱস্থিত। লোহিত নদীৰ ওপৰত ব্ৰহ্মপুত্ৰৰ মালভূমিত অৱস্থিত এই কুণ্ডটো অৱস্থিত। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ হিন্দু ধৰ্মাৱালম্বী ভক্ত,শ শ সাধু-সন্তৰ উপৰি চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ পৰা প্ৰতিবছৰে পৰশুৰাম কুণ্ডলৈ আগমন ঘটে লাখ লাখ ভক্তৰ । ‍১৪ আৰু ১৫ জানুৱাৰীৰ মকৰ সংক্ৰান্তিৰ সেই দিন কেইটাত বেছিকৈ সাধু-সন্তৰ আগমন‌ ঘটে। 

জনবিশ্বাস অনুসৰি মকৰ সংক্ৰান্তি উপলক্ষ্যে তথা এই সংক্ৰান্তিৰ সময়চোৱাতে পবিত্ৰ পৰশুৰাম কুণ্ডত স্নান কৰিলে পাপৰ তথা সংকতৰ পৰা উদ্ধাৰ হ'ব পাৰি বুলি কোৱা হয়। উল্লেখনীয় এই যে, ভক্তগণে ব্ৰহ্মকুণ্ডত ডুব মাৰিবলৈ হ'লে তথা স্নান কৰিবলৈ ২০০ টা খটখটি উঠা-নমা কৰিব লাগে। অৱশ্যে ভাগৰুৱা পথিকসকল কিছুক্ষণ জিৰাবলৈ ঠায়ে ঠায়ে বিৰাম স্থান আছে ।

আনহাতে, সেই সময়ছোৱাতে পৰশুৰাম কুণ্ডৰ সমীপৰ তাইলুং এলেকাত যোৱা ১৯৭২ চনৰ পৰা পৰশুৰাম কুণ্ড মেলা অনুষ্ঠিত হৈ আহিছে । ১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী পৰ্যন্ত অব্যাহত থাকে এই মেলা।কালিকা পুৰাণৰ মতে, ঋষি জামাদাংগীয়ে খঙত অগ্নিশৰ্মা হৈ পুত্ৰ পৰশুৰামক পত্নী ৰেণুকাক হত্যা কৰিবলৈ নিৰ্দেশ দিছিল । পিতৃৰ নিৰ্দেশ অনুসৰি পৰশুৰামে মাতৃ ৰেণুকাক এখন কুঠাৰেৰে হত্যা কৰে যদিও কুঠাৰখন পৰশুৰামৰ হাতত লাগি ধৰে। মাতৃ হত্যাৰ এই পাপমুক্ত হ'বলৈ পিতৃ জামাদাংগীৰ লগতে সতীৰ্থ ঋষি-মুনিসকলে পৰশুৰামক পবিত্ৰ জলাধাৰ বিচাৰি হিমালয় পৰ্বত ভ্ৰমণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তাৰ পিছত পৰশুৰামে নিজকে শুধৰণিৰ বাবে গভীৰ ধ্যানত বহাৰ বাবে সাজু হৈছিল। ইয়াৰ স্থানীয় বাসিন্দাসকলে কয়, পৰশুৰাম এই অঞ্চললৈ আহিছিল আৰু দীঘলীয়া ধ্যানৰ অন্তত লোহিত নদীৰ এই কুণ্ডত হাত ধুইছিল। লগে লগে তেওঁৰ হাতৰ পৰা কুঠাৰখন মুক্ত হৈছিল। লগতে কয় যে সেই সময়ৰ পৰা মকৰ সংক্ৰান্তিৰ সময়ত বহু সাধু-সন্যাসী আৰু স্থানীয় লোকে ইয়ালৈ গা ধুবলৈ আহিবলৈ লয়। কুণ্ডৰ প্ৰৱেশ পথত এটি পৌৰাণিক মন্দিৰো আছে । পৰশুৰাম মন্দিৰ হিচাপে জনাজাত এই মন্দিৰ দৰ্শন কৰিও ভক্তবৃন্ধই মনৰ সন্তোষ্টি লাভ কৰি আহিছে ।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.