
পানীমূৰ - উত্তৰ-পূবৰ নায়েগ্ৰা জলপ্ৰপাত!
নায়েগ্ৰা জলপ্ৰপাতৰ বিষয়ে আমি সকলোৱে পৰিচিত। পৃথিৱীৰ অন্যতম বৃহৎ আৰু প্ৰসিদ্ধ এই জলপ্ৰপাতটি প্ৰকৃতিপ্ৰেমী পৰ্যটকৰ বাবে এক অপূৰ্ব গন্তব্য। নায়েগ্ৰা ভ্ৰমণ বহু লোকৰ বাবে সপোনৰ দৰে হলেও, দূৰত্ব আৰু ব্যয়জনিত কাৰণৰ বাবে সেয়া সকলোৰে বাবে সম্ভব নোহোৱাটো স্বাভাৱিক।
কিন্তু আপোনাৰ সমীপতে, অসমতেই এক সৌন্দর্যমণ্ডিত জলপ্ৰপাত আছে যাক "অসমৰ নায়েগ্ৰা" হিচাপে জনা যায়।
অসমৰ নৈসৰ্গিক সৌন্দৰ্যই সদায় পৰ্যটকসকলক আকৰ্ষিত কৰি আহিছে। ৰাজ্যখনত এনেকুৱা বহু স্থান আছে, যিবোৰৰ সৌন্দৰ্য বিদেশৰ প্রসিদ্ধ পৰ্যটনস্থানসমূহৰ সৈতে তুলনা কৰা হয়। উদাহৰণস্বৰূপে,হাফলঙক "অসমৰ ছুইজাৰলেণ্ড",শুৱালকুছিক "অসমৰ মানচেষ্টাৰ" আৰু শ্বিলঙক "উত্তৰ-পূবৰ স্কটলেণ্ড" বুলি জনা যায়। এই স্থানসমূহৰ প্ৰাকৃতিক পৰিবেশ বিদেশৰ জনপ্ৰিয় পৰ্যটনস্থানসমূহৰ লগত তুলনা কৰিব পৰা যায়।
ঠিক একেদৰেই, অসমৰ এক জলপ্ৰপাতক বিশ্বৰ অন্যতম বিস্ময় নায়েগ্ৰা জলপ্ৰপাতৰ সৈতে তুলনা কৰা হয়।
বতৰমান ইণ্টাৰনেটৰ যুগত, আমি হাজাৰ মাইল দূৰৰ তথ্য জানিবলৈ ব্যস্ত থাকো, অথচ নিজৰ অঞ্চলৰ অনন্য সম্পদসমূহক প্ৰায়েই উপেক্ষা কৰোঁ। তাৰ ফলত, বহুত মানুহে অসমৰ "নায়েগ্ৰা জলপ্ৰপাত" হিচাপে পৰিচিত জলপ্ৰপাতটোৰ বিষয়ে হয়তো নাজানে।
অসমৰ নায়েগ্ৰা জলপ্ৰপাত নামেৰে খ্যাত পানীমূৰ জলপ্ৰপাত ডিমা হাচাও জিলাৰ উমৰাংছুত অৱস্থিত। এই জলপ্ৰপাত অসমৰ অন্যতম উল্লেখযোগ্য পৰ্যটনস্থান। এক সময়ত, আন্তৰ্জাতিক পৰ্যায়ত অসমৰ পাঁচটা শ্ৰেষ্ঠ পৰ্যটনস্থানৰ ভিতৰত কাজিৰঙাৰ পাছত দ্বিতীয় স্থান অধিকাৰ কৰিছিল পানীমূৰে।
"মূৰ" শব্দৰ অৰ্থ "প্ৰচণ্ড শব্দ"। পাহাৰৰ ওপৰৰ পৰা প্ৰচণ্ড গৰ্জনসহ বৈ অহা পানী আৰু চৌপাশৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যই পৰ্যটকৰ বাবে এক আকৰ্ষণীয় গন্তব্য ৰূপে গঢ় লৈছে। বৰ্তমান ডিমা হাচাও জিলাৰ উমৰাংছু অঞ্চলৰ এই সুন্দৰ জলপ্ৰপাতলৈ বছৰি হাজাৰ হাজাৰ পৰ্যটকে আহে।
পানীমূৰ কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ। ইয়াৰ নীলবৰ্ণ আৰু স্বচ্ছ জলধাৰাই এই জলপ্ৰপাতৰ অন্যতম আকর্ষণ। ডিচেম্বৰ মাহত বহু লোক এই স্থানত বনভোজ উপভোগ কৰিবলৈ আহে। লগতে, দেশী-বিদেশী পৰ্যটকৰো কিছুসংখ্যক আগমণ হয়। যদিও এই জলপ্ৰপাত পৰ্যটনৰ এক অপূৰ্ব গন্তব্য, তৎসত্ত্বেও চৰকাৰ আৰু পৰ্যটন বিভাগৰ পৰ্যাপ্ত প্ৰচাৰৰ অভাৱৰ বাবে অতি কমসংখ্যক লোকেহে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহে।
এক সময়ত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্রস্থল হিচাপে পৰিচিত পানীমূৰ উগ্ৰপন্থীৰ নিৰাপদ আশ্ৰয়স্থল হৈ পৰিছিল। এই পৰিস্থিতিৰ ফলত পৰ্যটকসহ কাষৰীয়া লোকৰ আগমণ কঠিন হৈ পৰে, আৰু লাহে লাহে ইয়ালৈ পৰ্যটনৰ প্ৰবাহ হ্ৰাস পায়। যদিও বৰ্তমান পানীমূৰত শান্ত পৰিৱেশ বিদ্যমান, তথাপি পৰ্যটকৰ আগমণ এতিয়াও সীমিত হৈ আছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments