19 January, Sun 2025
support@thecriticalscript.com
Blog image

মামণি ৰয়ছম গোস্বামীৰ "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা"ৰ কিছু কথা

06 Sep,2024 06:24 PM, by: Ankita Gogoi
1 minute read Total views: 756
0 Like 0.0

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা হৈছে মামণি ৰয়ছম গোস্বামীৰ এখন উল্লেখযোগ্য উপন্যাস।  এই উপন্যাসখনৰ মূল বিষয়বস্তু হ'ল দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ আৰু সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমাজখন। মামণি ৰয়ছম গোস্বামীয়ে উপন্যাসখন কামৰূপীয়া ঠাচৰ অসমীয়া ভাষাৰে ৰচনা কৰিছে। তেওঁ সত্ৰৰ অধিকাৰ গোসাঁইৰ ঘৰখনক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰিছিল। ইয়াত দ্বিতীয় মহাযুদ্ধৰ শেষৰ ফালৰ সময়ৰ পৰিবেশত আধুনিকতাৰ প্ৰৱেশত ভাগি পৰিবলৈ আৰম্ভ কৰা সামাজিক গোড়ামীৰ এখন চিত্ৰ চিত্ৰায়িত কৰা হৈছে। এই উপন্যাসখনৰ বাবে তেওঁ ১৯৮৮ চনত অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল।দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখন The Moth Eaten Howdah of the Tusker নামেৰে ইংৰাজীলৈও অনুবাদ কৰা হৈছিল। মামণি ৰয়ছম গোস্বামীয়ে নিজে ইংৰাজীলৈ এই উপন্যাসখনৰ অনুবাদ কৰিছিল। কিতাপখনৰ পাতনিত তেখেতে লিখিছে, “…লিখকে নিজে অনুবাদ নকৰি অন্য ব্যক্তিয়ে কৰিবলৈ কঠিন হ'লহেতেন। অসমীয়া ভাষাৰ কামৰূপী ঠাচ বুজি পোৱা মানুহ খুব কমেইহে ওলাব। তদুপৰি ভাষাটোৰ কিছুমান শব্দৰ প্ৰচলনো আজি কালি নাইকিয়া হ'ল।”

ভাৰত স্বাধীন হোৱাৰ সময়তে লিখা উপন্যাসখনত সৰুতে কামৰূপৰ এখন বৈষ্ণবী সত্ৰত থাকি ডাঙৰ-দীঘল হোৱা উচ্চ বংশজাত লেখিকাই নিজৰ সৰুকালৰ অভিজ্ঞতাৰ স্মৃতিৰ পৰা নতুন যুগৰ আৰম্ভণিত পুৰণি গোড়ামীৰ খহিবলৈ আৰম্ভ কৰা ভেটিটোৰ পৰিবেশত এগৰাকী উচ্চবংশৰ এগৰাকী "গোসাঁনী" বাল্য বিধৱাৰ আৱেগ আৰু অৱদমনিত বাসনা, ধীৰে ধীৰে সোমাই অহা সাম্যবাদৰ প্ৰভাবে আৰু ভূমিনীতিৰ সংষোধনে ভাঙিবলৈ আৰম্ভ কৰা জমিদাৰী প্ৰথাৰ ক্ষমতাৰ পুৰণি তন্ত্ৰ আদিৰ চিত্ৰ এখন অংকন কৰিছে। সমাজ উৰ্ধ্বলৈ চেষ্টা কৰা গিৰিবালা নামৰ বিধৱাগৰাকীৰ পদে পদে সন্মুখীন হোৱা পৰিস্থিতিৰ কথা ঔপন্যাসিকে প্ৰকাশ কৰিছে। সমাজক প্ৰত্যাহ্বান জনাই গিৰিবালাই অৱশেষত আত্মহত্যা কৰে।

উপন্যাসখনত বৈজ্ঞানিক ভিত্তিহীন বিশ্বাস আৰু পৰম্পৰাৰ বিৰুদ্ধে এক সবল অন্তঃসলিলা ফল্গুৰ দৰে নিহিত হৈ আছে। উপন্যাসখনৰ বাবে লাভ কৰা জ্ঞানপীঠ বঁটা স্বীকাৰ কৰা সময়ত লেখিকাৰ ভাষণত উপন্যাসখনৰ মূল চৰিত্ৰ "দুৰ্গা" নামৰ বাল্য বিধবা গৰাকীয়ে ভোগ কৰা যাতনাৰ প্ৰসংগত তেখেতে সেই সময়ৰ উচ্চবংশীয় বিধবাৰ হতাশাৰ কথা বৰ্ণনা কৰি কৈছিল যে, লিখাৰ শক্তি নথকা হ'লে হয়তো তেওঁ আত্মহত্যাই কৰিলেহেঁতেন।


তথ্য সংগৃহীত



Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.