
লখিমী বৰুৱা: অসমৰ এগৰাকী প্ৰতিভাশালী মহিলা উদ্যোগী
লখিমী বৰুৱা হৈছে অসমৰ এগৰাকী স্বনামধন্য মহিলা সমাজকৰ্মী আৰু উদ্যোগী যিয়ে অসমৰ প্ৰথম তথা একমাত্ৰ মহিলা সমবায় বেংক – কনকলতা মহিলা নগৰীয়া সমবায় বেংক স্থাপন কৰি অসমৰ মহিলা সৱলীকৰণ ক্ষেত্ৰত অন্যতম ভূমিকা গ্ৰহণ কৰিছে।
লখিমী বৰুৱাই ১৯৯৮ চনৰ ২২ মে তাৰিখে সমবায় সমিতি আইন-১৯৪৯ৰ অধীনত স্বাধীনতা সংগ্ৰামী শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে এই মহিলা নগৰীয়া সমবায় বেংক স্থাপন কৰে। পাছলৈ ২০০০ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ ৰিজাৰ্ভ বেংকে এই বেংকক অনুমতি প্ৰদান কৰে। মহিলা উদ্যোগ আৰু সমবায় ক্ষেত্ৰত তেওঁৰ বিশেষ অৱদানৰ বাবে ২০২১ চনত ভাৰত চৰকাৰে লখিমী বৰুৱাক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
লখিমী বৰুৱাৰ জন্ম যোৰহাট জিলাৰ এখন সৰু গাঁৱত হৈছিল। আৰ্থিক সমস্যাৰ বাবে ১৯৬৯ চনত তেওঁ কলেজীয়া শিক্ষা আধাতে সামৰিব লগা হৈছিল। ১৯৭৩ চনত তেওঁৰ বিয়া সম্পন্ন হয়। বিবাহৰ পাছত তেওঁ নিজ শিক্ষাজীৱন সম্পূৰ্ণ কৰিবলৈ আকৌ অধ্যয়ন আৰম্ভ কৰে আৰু ১৯৮০ চনত গ্ৰেজুৱেচন সম্পূৰ্ণ কৰে। ইয়াৰ পাছতে তেওঁ বেংকত চাকৰি কৰিবলৈ আৰম্ভ কৰে।
বেংকত কাম কৰি থাকোতে লখিমী বৰুৱাই লক্ষ্য কৰিছিল যে শিক্ষাৰ অভাৱৰ বাবে মহিলা সকলৰ মাজত বিত্তীয় সঞ্চয়ৰ জ্ঞানৰ অভাৱ আছে। এই সমস্যাৰ সমাধানৰ লক্ষ্যৰে ১৯৮৩ চনত তেওঁ যোৰহাটৰ দক্ষিণ সৰ্বাইবন্ধা অঞ্চলত এখন মহিলা সমিতি গঠন কৰিছিল। এই সমিতিৰ জৰিয়তে তেওঁ পিছপৰা মহিলা সকলক আৰ্থিকভাৱে সৱল কৰাৰ চেষ্টা চলাই গৈছিল।
দীৰ্ঘদিন বেংকত কাম কৰাৰ অভিজ্ঞতাৰে লখিমী বৰুৱাই ১৯৯০ চনত মহিলা সমবায় বেংক স্থাপনৰ চিন্তা কৰে। অৱশেষত ১৯৯৮ চনৰ ২২ মে তাৰিখে ৮.৪৬ লাখ টকা মূলধনৰে কনকলতা মহিলা নগৰীয়া সমবায় বেংক লিমিটেড স্থাপন কৰিবলৈ সক্ষম হয়। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা সমবায় বেংক হিচাপে এই বেংকে মহিলা সকলৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
কনকলতা মহিলা নগৰীয়া সমবায় বেংকৰ প্ৰত্যেক গৰাকী বিষয়া-কর্মচাৰীয়েই মহিলা। এই বেংকৰ মূল লক্ষ্য হৈছে মহিলা সকলক আৰ্থিকভাৱে সৱল কৰি তেওঁলোকক আত্মনির্ভৰশীল কৰিবলৈ উৎসাহিত কৰা। লগতে মহিলা সদস্যাসকলক বিত্তীয় শিক্ষাদান কৰিও বেংকটোৱে বিশেষ সফলতা লাভ কৰিছে।লখিমী বৰুৱাৰ এই সাহসিক আৰু দূৰদৰ্শী পদক্ষেপে অসমতো মহিলা সকলৰ বাবে এক নতুন দিশ মেলি দিয়ে। তেওঁৰ এই অনন্য কৰ্মই অসমীয়া সমাজত মহিলা সকলৰ সশক্তিকৰণত এক দৃষ্টান্ত স্থাপন কৰিছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments