
যোৰহাটৰ ১০০ বছৰীয়া পুৰণি চামেলি মেমচাব বাংলোৰ বিষয়ে জানেনে!
চামেলি মেমছাব বাংলো হৈছে ব্ৰিটিছ যুগৰ এক সুন্দৰ বাংলো, যিটো বৰ্তমান অতিথিশালালৈ ৰূপান্তৰিত কৰা হৈছে। বহু পুৰণি উচ্চ চিলিং, বেত আৰু কাঠৰ আচবাব থকা বিশাল কোঠাবোৰে এক সুন্দৰ পৰিৱেশ গঢ়ি তুলে।
এই ১০০ বছৰীয়া পুৰণি বাংলোটোত বহু ইতিহাস আছে।এসময়ত এজন ব্ৰিটিছ চাহাব আছিল। নাম তেওঁৰ বাৰ্কলি চাহাব। সেই চাহ বাগিছাখনতে তেওঁ মেনেজাৰ আছিল। তেতিয়া তেওঁৰ প্ৰেম হৈছিল চামেলি নামৰ এগৰাকী যুৱতীৰ সৈতে। চামেলি সেই বাগানখনৰে চৰ্দাৰৰ জীয়েক আছিল। ব্ৰিটিছ চাহাবৰ পত্নী চামেলিয়ে আত্মহত্যা কৰিছিল আৰু ইয়াৰ বাবে স্থানীয় লোকে আৰু চামেলিৰ মাকে দোষী সাব্যস্ত কৰিছিল বাগানখনৰ মেনেজাৰ বাৰ্কলিক।
তেওঁলোকৰ প্ৰেমক চাহ বাগানৰ কোনো লোকে স্বীকৃতি দিব বিচৰা নাছিল। কিন্তু চাহাব বাৰ্কলিয়ে চামেলিক পত্নীৰ স্বীকৃতি দিছিল। গৰ্ভৱতী অৱস্থাতে চামেলি দুৰাৰোগ্যত আক্ৰান্ত হয়। তেওঁ পিছত এটি কন্যা সন্তান জন্ম দিয়ে।
ইংৰাজ চাহাবে চামেলিৰ পৰা নাজৰ ছোৱালীজনীক আঁতৰাই ৰাখিছিল। তেওঁ ভাবিছিল যে ছোৱালীজনীক মাকৰ সংস্পৰ্শলৈ আহিলে তাইৰ গালৈও সেই কুষ্ঠৰোগ বিয়পিব পাৰে। নিজৰ কন্যাক চাবলৈ নাপাই চামেলিৰ বহু বেয়া অৱস্থা হৈছিল। এই কথা বাৰ্কলি চাহাবে বুজা নাছিল। নিজ কন্যাক চাব নোৱাৰা ক্ষোভ আৰু দুখত চামেলিয়ে আত্মহত্যা কৰিছিল। পত্নীৰ মৃত্যুৰ পিছত বাগানৰ চাকৰি এৰি দিলেও সেই বাগানখনতে তেওঁ থাকি গৈছিল। ডাক্তৰে কৈছিল বিশেষভাৱে সক্ষম বাৰ্কলিৰ কন্যা কেতিয়াও সুস্থ নহয়। ১০০ বছৰৰ পূৰ্বেই ব্ৰিটিছে যোৰহাটৰ চিনামৰা বাগানত নিৰ্মাণ কৰিছিল সেই বাংলোটো।
অসমৰ চাহ বাগিচাৰ পটভূমিত ৰচনা কৰা চুটিগল্পৰ আধাৰত কেমেৰাত বন্দী কৰা হৈছিল এই কাহিনীক । নিৰোদ চৌধুৰীয়ে লিখা এই কাহিনীক জীৱন্ত ৰূপ দিছিল আব্দুল মজিদে। আব্দুল মজিদৰ পৰিচালনা আৰু চিত্ৰনাট্যত ১৯৭৫ চনৰ ১০ অক্টোবৰত অসমৰ ছবিগৃহত মুক্তি দিয়া হৈছিল 'চামেলি মেমচাব’ । ছবিখনৰ সৈতে চৰ্চালৈ আহিছিল যোৰহাটৰ চিনামৰা চাহ বাগিচাৰ এই বাংলো ।
এই বাংলোৰ আন এক পৰিচয় আছিল বাংলো-৩ । ১৮৫৯ চনতে স্থাপন কৰা হৈছিল বিশ্বৰে তৃতীয়টো পুৰণি ‘যোৰেহাট টী কোম্পানী’। সেই কোম্পানীটোৱে নিৰ্মাণ কৰিছিল চামলি মেমচা’ব ছবিখনৰ দৃশ্যগ্ৰহণ কৰা এই বাংলোটো।
‘গুডৰিক’ নামৰ আন এটা চাহ কোম্পানীক ‘যোৰহাট টী কোম্পানী’য়ে এই বাংলোটো বিক্ৰী কৰিছিল আৰু সেই কোম্পানীয়ে এই পুৰণি আৰু বহু স্মৃতি কঢ়িয়াই থকা এই বাংলোটোক বোকাহোলা চাহ কোম্পানীক বিক্ৰী কৰি দিছিল।
এই বাংলোটো পিছলৈ বোকাহোলা চাহ কোম্পানীয়ে ৰিৰ্জটৰূপে গঢ়ি তুলিলে। "বর্তমান এই বাংলাটো টুৰিজিমৰ ছেক্টৰৰ বাবে মুকলি কৰি দিয়া হৈছে । দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণ। বাংলো নম্বৰ তিনিতেই 'চামেলি মেমচাব' ছবিখনৰ শ্বুটিং হৈছিল।
চাৰিটা শুৱনি কোঠাযুক্ত এই বাংলোটো বিদেশী লোকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এফালে চিনামৰা চাহ বাগান, আনফালে কিছু নিলগত টোকলাই চাহ গৱেষণা কেন্দ্ৰ। বাংলো নং-১ উজনি অসমৰ আয়ুক্তৰ কাৰ্যালয়। চামেলি মেমচা'বৰ বাংলোটোৰ কাষতে এই বাংলোটো। বৃটিছে সাজি যোৱা এই বাংলোটো চামেলি মেমচা'বৰ দৃশ্যগ্ৰহণ কৰাৰ বাবে স্থানীয় লোক সেই বাংলোটো চামেলি মেমচা'বৰ বাংলো বুলিও কয়।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments