10 October, Fri 2025
support@thecriticalscript.com
Blog image

জীৱন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গ!

15 Oct,2025 03:00 PM, by: Ankita Gogoi
1 minute read Total views: 75
0 Like 0.0

বহুতৰে বাবে তেওঁ আছিল কেৱল "জুবিন দা" । সকলোৰে প্ৰাণ, সকলোৰে আৱেগ। কিন্তু সংগীত আৰু খ্যাতিৰ আঁৰত নিহিত হৈ আছে আন এটা কাহিনী, তেওঁৰ নামৰ কাহিনী।

যেতিয়া তেওঁ ছিংগাপুৰত দুৰ্ঘটনাত মৃত্যু হোৱা বুলি খবৰ আহিছিল, তেতিয়া কেৱল অসমৰ মাজেৰেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এই জোকাৰণিৰ উত্থান ঘটিছিল। সমগ্ৰ বিশ্ব কপায় তুলিছিল। দশক দশক ধৰি তেওঁৰ গীতবোৰ মানুহৰ দৈনন্দিন জীৱনৰ এক অংগ হৈ পৰিছিল। চাহ বাগিচা আৰু গাঁৱৰ মেলাৰ পৰা আৰম্ভ কৰি চহৰৰ কনচাৰ্ট আনকি বিয়ালৈকে প্ৰতিধ্বনিত হৈছিল।

মেঘালয়ৰ এখন সৰু চহৰত জীৱন বৰঠাকুৰ নামেৰে জন্মগ্ৰহণ কৰা ল’ৰাটো কিয় ডাঙৰ হৈ বিশ্ববাসীৰ আগত জুবিন গাৰ্গ নামেৰে পৰিচিত হ’ল? উত্তৰটো হ'ল পাৰিবাৰিক ঐতিহ্য,  পছন্দৰ মিশ্ৰণ, আৰু লগতে ১৯৭২ চনত মেঘালয়ৰ ঘৰত জন্মগ্ৰহণ কৰিছিল আমাৰ প্ৰাণ জুবিন গাৰ্গে। তুৰাৰ এখন অসমীয়া ব্ৰাহ্মণ পৰিয়ালত য'ত শিল্প চখতকৈও বেছি আছিল, ই একপ্ৰকাৰ জীৱন-ধাৰণৰ পদ্ধতি আছিল। তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰে দণ্ডাধীশ হিচাপে কাম কৰাৰ লগতে কবিতা আৰু গীতৰ আকৰ্ষণৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছিল, প্ৰায়ে কপিল ঠাকুৰ নামেৰে পদ্য লিখিছিল। তেওঁৰ মাতৃ প্ৰয়াত ইলী বৰঠাকুৰ আছিল এগৰাকী কণ্ঠশিল্পী, যাৰ কণ্ঠই জুবিন গাৰ্গে সৰুৰে পৰা শুনি আহিছিল। তেওঁৰ মাতৃয়ে তেখেতৰ প্ৰথম গুৰু।

তেওঁৰ কনিষ্ঠ ভগ্নী জংকি বৰঠাকুৰে গায়িকা আৰু অভিনেত্ৰী হিচাপে নিজৰ সুনাম গঢ়ি তুলিছিল। কিন্তু ২০০২ চনত জামুগুৰিলৈ যোৱাৰ পথত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। এই ক্ষতিৰ ফলতে জুবিন দাৰ জীৱন সলনি হৈ পৰিছিল আৰু তেওঁ দুখত ভাঙি পৰিছিল।সেই বছৰতে তেওঁৰ স্মৃতিত উৎসৰ্গা কৰি তেওঁৰ শিশু এলবাম মুকলি কৰে।

কিয় "জুবিন"?

কমসংখ্যকেহে জানে যে জুবিন দাৰ নামটো ভাৰতীয় প্ৰতিভাক বিশ্ব মঞ্চলৈ কঢ়িয়াই অনা কিংবদন্তি পৰিচালক জুবিন মেহতাৰ নামেৰে তেওঁৰ পিতৃ-মাতৃয়ে ৰাখিছিল।মেহতাই মণ্ট্ৰিয়েল, লছ এঞ্জেলছ আৰু নিউয়ৰ্কত অৰ্কেষ্ট্ৰাৰ নেতৃত্ব দিছিল আৰু ইজৰাইল ফিলহাৰ্মনিকৰ সৈতে আজীৱন সম্পৰ্ক গঢ়ি তুলিছিল। বৰঠাকুৰ পৰিয়ালৰ বাবে তেওঁ আছিল শিল্পকলা আৰু উৎকৃষ্টতাৰ প্ৰতীক।

সেই নামৰ বাছনিটোৱে কেৱল এজন জুবিন মেহতাৰ প্ৰশংসাই নহয়, সংগীতক কিমান এই পৰিয়ালে উৰ্দ্ধত ৰাখিছিল তাৰো এটা প্ৰমাণ।

কিয় "গাৰ্গ"?

তেওঁৰ পৰিচয়ৰ দ্বিতীয় অংশ গাৰ্গ যথেষ্ট পিছত আহিছিল। যদিও তেওঁৰ জন্ম জীৱন বৰঠাকুৰ, তেওঁ উপাধি হিচাপে "গাৰ্গ" ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়, যিটো উপাধি তেওঁৰ ব্ৰাহ্মণ গোত্ৰ (পূৰ্বপুৰুষৰ বংশ)ৰ পৰা আহিছে। ব্যক্তিগত সিদ্ধান্তই তেওঁক এক সুকীয়া পৰিচয় দিছিল।

"গাৰ্গ" উপাধি বাছি লৈ জুবিন দাই এনে এটা নাম সৃষ্টি কৰিলে যিটোৱে অন্তৰংগ আৰু অনন্য দুয়োটা অনুভৱ কৰিছিল। সংগীত জগতত নিজকে সুকীয়া পৰিচয় দি সকলোৰে অন্তৰত এক গভীৰ স্থান পাবলৈ সক্ষম হৈ উঠিল।

মুঠতে তেওঁৰ নাম জুবিন গাৰ্গ আছিল তেওঁৰ জীৱনৰ প্ৰতিফলন। বহু দিশৰ পৰা তেওঁৰ নামে তেওঁ কোন আছিল, বিশ্বজনীন কিংবদন্তিৰ পৰা অনুপ্ৰাণিত, পাৰিবাৰিক বন্ধনৰ দ্বাৰা গঢ় লৈ উঠা, অসমীয়া পৰম্পৰাত শিপাই থকা এজন শিল্পীৰ কাহিনী। সুদূৰ ভিয়েনাৰ এজন কিংবদন্তিৰ নামেৰে নামাকৰণ কৰা ল’ৰাটোৰ পৰা আৰম্ভ কৰি অসমীয়া, হিন্দী, বাংলা ভাষাত গান গাই সকলো প্ৰজন্মৰ লোকৰ মনৰ আৱেগ হৈ পৰাজনেই আমাৰ মৰমৰ, আমাৰ প্ৰাণৰ জুবিন দা।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.