28 June, Sat 2025
support@thecriticalscript.com
Blog image

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ সবিশেষ!

18 Jun,2025 05:50 PM, by: Ankita Gogoi
1 minute read Total views: 216
0 Like 0.0

27 June- যুদ্ধবিৰতিৰ পিছত ইৰাণৰ ৰাইজে বিজয়োল্লাস পালন কৰে। ইৰাণবাসীয়ে ৰাস্তাত ওলাই আহি আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে বিজয় উৎসৱ উদযাপন কৰে। ইয়াৰ পিছত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনীয়ে আমেৰিকাক কঠোৰ সতৰ্কবাণী দিয়ে।

এক্সৰ পোষ্টটোত উল্লেখ কৰি খামেনীয়ে কয় যে, ইৰাণে আমেৰিকাৰ শাসন ব্যৱস্থাৰ ওপৰত জয়লাভ কৰিছে। তেওঁৰ মন্তব্য অনুসৰি, জিয়নিষ্ট শাসন আৰু ইৰাণৰ মাজত থকা সংঘাতত আমেৰিকাই মধ্যস্থতা কৰাৰ প্ৰয়াস চলাইছিল, যাৰ ফলত তেওঁলোকে ইৰাণক আক্ৰমণ কৰে।

কিন্তু আমেৰিকাই হয়তো কল্পনাও কৰা নাছিল যে ইৰাণে মধ্যপ্ৰাচ্যত থকা আমেৰিকাক আক্ৰমণ কৰিব। ইজৰাইলৰ সহায়ৰ বাবে যুদ্ধত জড়িত হ’লেও, শেষত আমেৰিকাই লাভৰ সলনি নিজৰ ক্ষতি কৰিলে।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনীয়ে পাৰস্য উপসাগৰীয় অঞ্চলত অৱস্থিত আমেৰিকাৰ সামৰিক ঘাঁইত চলোৱা প্ৰতিশোধমূলক আক্ৰমণৰ কথা উল্লেখ কৰি আমেৰিকাক এক প্ৰকাৰৰ সতর্কবাণী দিয়ে।

26.June - এই মুহূৰ্তত মধ্যপ্ৰাচ্যত শান্তিৰ পৰিস্থিতি আছে। ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চুক্তি হোৱা বুলি ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইৰাণে প্ৰথমে যুদ্ধবিৰতিৰ ধাৰণা নাকচ কৰাৰ পিছত এতিয়া মানি লৈছে। একে সময়তে ইজৰাইলৰ পৰাও আনুষ্ঠানিক সঁহাৰি বাকী আছে। এই যুদ্ধবিৰতিত কাটাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি বাতৰি প্ৰকাশ পাইছে। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা ৰক্তাক্ত সংঘাত প্ৰায় দুসপ্তাহ ধৰি চলি আছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন আব্দুল ৰহমান আল থানীয়ে আমেৰিকাই প্ৰস্তাৱ কৰা যুদ্ধবিৰতিৰ বাবে তেহৰাণক পতিয়ন নিয়াইছিল। অৱশ্যে কাটাৰে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। শেহতীয়াকৈ ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কাটাৰৰ আমিৰৰ সৈতে যোগাযোগ কৰি উত্তেজনা হ্ৰাস কৰাৰ বাবে সহায় বিচাৰিছিল।

ৰয়টাৰৰ সৈতে হোৱা কথা-বতৰাত এজন বিষয়াই কয় যে, ‘ট্ৰাম্পে আমিৰক জনাইছে যে ইজৰাইলে যুদ্ধবিৰতিৰ বাবে সন্মতি দিছে আৰু ইৰাণকো এই ক্ষেত্ৰত সন্মতি দিবলৈ কাটাৰৰ সহায় বিচাৰিছে।’ ইয়াৰ কিছু সময়ৰ পাছতে কাটাৰৰ প্ৰধানমন্ত্ৰীয়ে ইৰাণৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰি চুক্তিখনৰ বাবে তেহৰাণৰ সন্মতি লাভ কৰে। ৰয়টাৰৰ সৈতে হোৱা কথা-বতৰাত ইৰাণৰ এজন বিষয়াই স্বীকাৰ কৰে যে কাটাৰৰ মধ্যস্থতাত যুদ্ধবিৰতি তেহৰানে মানি লৈছে।

ইৰাণৰ বৈদেশিক মন্ত্ৰী ছেইদ আব্বাছ আৰাঘচিয়ে কয়, ‘ইজৰাইলক শাস্তি দিবলৈ আমাৰ শক্তিশালী সশস্ত্ৰ বাহিনীৰ সামৰিক কাৰ্যকলাপে শেষ মুহূৰ্তলৈকে পুৱা ৪ বজালৈকে চলি থাকিল। সকলো ইৰাণীৰ সৈতে মিলি মই আমাৰ সাহসী সশস্ত্ৰ বাহিনীক ধন্যবাদ জনাইছো, যিয়ে দেশৰ হৈ থিয় দিছিল আৰু যিয়ে শত্ৰুৰ প্ৰতিটো আক্ৰমণৰ প্ৰতি শেষ মুহূৰ্তলৈকে সঁহাৰি জনাইছিল।'

খবৰ অনুসৰি সোমবাৰে বিয়লি ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত লয়। হোয়াইট হাউছৰ এজন বিষয়াই এই তথ্য দিছে। এই উন্নয়ন এনে এটা সময়ত ঘটিছে যেতিয়া আমেৰিকাও ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত জপিয়াই পৰিছিল। ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ কৰা বুলি দাবী কৰিছিল আমেৰিকাই।

খবৰ অনুসৰি সোমবাৰে বিয়লি ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে ফোনযোগে কথা পাতি যুদ্ধবিৰতি চুক্তি চূড়ান্ত কৰে। হোয়াইট হাউছৰ এজন বিষয়াই এই তথ্য দিছে। 

সোমবাৰে ইজৰাইলে তেহৰাণত ইৰাণ চৰকাৰৰ লক্ষ্যত কেইবাবাৰো আক্ৰমণ চলাইছিল, আনহাতে ইজৰাইলৰ সেনাই নিশ্চিত কৰিছে যে ইৰাণৰ চাৰিওফালে থকা পথসমূহত আক্ৰমণ কৰি ফৰ্ড’ সমৃদ্ধি কেন্দ্ৰত প্ৰৱেশত বাধাৰ সৃষ্টি কৰিছে। দেওবাৰে আমেৰিকাই লক্ষ্য কৰি লোৱা তিনিটা পাৰমাণৱিক কেন্দ্ৰৰ ভিতৰত অন্যতম আছিল ফৰ্ড’ এনৰিচমেণ্ট ফেচিলিটি।

ইৰাণেও ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে ইজৰাইলক আক্ৰমণ কৰে। ইয়াৰ এদিন পূৰ্বে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আমেৰিকাই আক্ৰমণ চলোৱাৰ পিছত ইৰানে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছিল। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে তেহৰাণত আক্ৰমণৰ লক্ষ্য কৰি কুখ্যাত ইভিন কাৰাগাৰ আৰু অৰ্ধসামৰিক ৰিভল্যুচনেৰী গাৰ্ডৰ নিৰাপত্তা মুখ্য কাৰ্যালয়।

22 June-ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানক লক্ষ্য কৰি সামৰিক অভিযান সন্দৰ্ভত নিশা ১০ বজাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশবাসীক সম্বোধন কৰে। তেওঁ কয় যে আমেৰিকাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ চলাইছে। আন কোনো সেনাই এই কাম কৰিব নোৱাৰে। এনে পদক্ষেপ নল’বলৈ মই বহুত চেষ্টা কৰিলোঁ, কিন্তু আমাৰ হাতত কোনো বিকল্প নাথাকিল। এতিয়া ইৰাণে শান্তিৰ পথলৈ ঘূৰি আহিব লাগে।

ইৰাণ-ইজৰাইল সংঘাতৰ মাজতে ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই আক্ৰমণ চলোৱাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় যে ইৰাণক এতিয়াও শান্তিৰ পথলৈ ঘূৰি আহিবলৈ সময় আছে। তেওঁ এই যুদ্ধৰ অন্ত পেলাব লাগিব। যদি এতিয়া ইৰাণে আক্ৰমণ কৰে তেন্তে আমিও আক্ৰমণ কৰিম। যদি শান্তি নাথাকে তেন্তে ধ্বংস হ’ব। এতিয়ালৈকে সকলো টাৰ্গেটত আক্ৰমণ কৰা হোৱা নাই। ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহ আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিম।

ট্ৰাম্পে কয় যে পশ্চিম এছিয়া (মধ্যপ্ৰাচ্য)ত যুদ্ধশক্তি প্ৰদৰ্শন কৰা ইৰাণে এতিয়া শান্তি প্ৰতিষ্ঠা কৰিব লাগে। যদি তেওঁলোকে এই কাম নকৰে তেন্তে ভৱিষ্যতৰ আক্ৰমণ বহুত ডাঙৰ হ’ব আৰু আক্ৰমণ কৰাটো সহজ হ’ব। ইৰাণে ৪০ বছৰ ধৰি ইজৰাইল আৰু আমেৰিকাক লক্ষ্য কৰি আহিছে।

18. June- মধ্যপ্ৰাচ্য অঞ্চল সদায়ে ৰাজনৈতিক অস্থিৰতা আৰু সংঘাতৰ কেন্দ্রবিন্দু হৈ আহিছে। ২০২৫ চনত ইজৰাইল আৰু ইৰানৰ মাজত দেখা দিয়া নতুন সংঘৰ্ষই এই অঞ্চলখনৰ সংকট আৰু গভীৰ কৰিছে। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত চৌদিশে বোমাৰ শব্দ। ইৰাণে লৈছে এক ভয়ংকৰ ৰূপ। ইৰাণে আমেৰিকাকো সকীয়াই দিছে। যদিহে আমেৰিকাই ইজৰাইলৰ পক্ষ লয় তেন্তে পৰিণাম ভয়ংকৰ হ’ব।

দশক দশক ধৰি চলি অহা এই শত্ৰুতা আৰু গোপন অভিযানৰ জৰিয়তে চলি থকা দীঘলীয়া যুদ্ধৰ পিছত যোৱা সপ্তাহত ইৰাণৰ ওপৰত ইজৰাইলৰ আকস্মিক আক্ৰমণে এতিয়ালৈকে হোৱা আটাইতকৈ ভয়াৱহ যুদ্ধৰ সূচনা কৰিছে ৷

শুকুৰবাৰে পুৱা ইৰাণৰ ৰাজধানী তেহৰাণ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত প্ৰায় ২০০খন ইজৰাইলৰ যুদ্ধ বিমানে পাৰমাণৱিক ঘাটি আৰু সামৰিক নেতৃত্বক আক্ৰমণ কৰাৰ পৰাই দুয়োখন দেশৰ মাজত উত্তেজনা আৰম্ভ হয়। ইয়াৰ পূৰ্বে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদে ইৰাণৰ ভিতৰত কিছু গোপন অভিযান চলাইছিল। ড্ৰোন আৰু বিস্ফোৰক অস্ত্ৰ ব্যৱহাৰ কৰি ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু মিছাইল উৎক্ষেপণ স্থান ধ্বংস কৰা হয়।মোছাদে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে ইজৰাইলৰ বায়ুসেনাৰ বাবে ইৰাণক আক্ৰমণ কৰাটো সহজ হৈ পৰিছিল। তেওঁলোকৰ যুদ্ধ বিমানে ইৰাণক তীব্ৰ আঘাত কৰে। ইমান বৃহৎ পৰিসৰত আক্ৰমণৰ পিছতো ইজৰাইলৰ এখনো জেট বিমান বা পাইলটৰ কোনো ক্ষতি হোৱা নাছিল। প্ৰথম আক্ৰমণতে আইডিএফে ইৰাণক আচৰিত কৰি ইয়াৰ আই আৰ জি চিৰ মুৰব্বী, সেনা প্ৰধান আৰু দুজন জ্যেষ্ঠ পাৰমাণৱিক বিজ্ঞানীক হত্যা কৰে। ইজৰাইলে ডামাস্কাছত থকা ইৰাণৰ কনছুলেটত বোমা বিস্ফোৰণ ঘটাই ফলত ইৰাণৰ কেইবাজনো উচ্চপদস্থ বিষয়াৰ মৃত্যু হৈছিল। এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ইৰাণ আৰু ইয়াৰ প্ৰক্সিসমূহে ১৩ এপ্ৰিলত ইজৰাইলৰ ভিতৰত আক্ৰমণ চলায়। ইয়াৰ পিছত ইৰাণে ইজৰাইলৰ ওপৰত অধিক সমালোচনাত্মক স্থিতি গ্ৰহণ কৰে, তাৰ পিছতে যুদ্ধৰ এক ভয়াবহ পৰিস্থিতি গঢ় লৈ উঠিছে।

ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আটাইতকৈ ডাঙৰ বিষয়। ইজৰাইলে আশংকা কৰিছে যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব পাৰে, যিয়ে ইয়াৰ বাবে অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। ১৩ জুনত তীব্ৰ সামৰিক সংঘৰ্ষ আৰম্ভ হয়।প্ৰথমে ইজৰাইলে আক্ৰমণ কৰে, তাৰ পিছত ইৰাণে প্ৰত্যুত্তৰত ইজৰাইলক ১০০খন ড্ৰোনেৰে আক্ৰমণ কৰে।

ইৰাণৰ বেলিষ্টিক মিছাইল টেল আভিভ, হাইফা, বিয়েৰ শ্বেভা আদি বহু চহৰত নিক্ষেপ কৰা হৈছিল। ইয়াৰ ফলত ছাইৰেন বাজিল, বাংকাৰত আশ্ৰয় লৈছিল আৰু বহু সংখ্যক সাধাৰণ নাগৰিক আহত হৈছিল। ইজৰাইলত এতিয়ালৈকে কমেও ১০–১৪ জন লোক নিহত হোৱাৰ লগতে শ শ লোক আহত হৈছে। ইজৰাইলে তেহৰাণ আৰু মধ্য ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি ইৰাণৰ ওপৰত বিমান আক্ৰমণ চলায়, য’ত বহু শীৰ্ষ সামৰিক আৰু পাৰমাণৱিক বিজ্ঞানী নিহত হয়।ইৰাণে দাবী কৰিছে যে ইজৰাইলৰ আক্ৰমণত ২২৪ৰ পৰা ৪০৬জন লোক নিহত হৈছে, বেছিভাগেই সাধাৰণ নাগৰিক।


ইৰাণৰ ওপৰত ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ কাৰণ কি?

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে এই অভিযান আৰম্ভ কৰাৰ উদ্দেশ্য হৈছে ইৰাণৰ পাৰমাণৱিক আৰু বেলিষ্টিক মিছাইল কাৰ্যসূচীয়ে সৃষ্টি কৰা ভাবুকি দূৰ কৰা। শুকুৰবাৰৰ পৰা ইৰাণৰ বিৰুদ্ধে আৰম্ভ হোৱা এই অভিযানক অপাৰেচন ৰাইজিং লায়ন বুলি অভিহিত কৰা হৈছে। নেতানিয়াহুৱে কয় যে এই অভিযানৰ উদ্দেশ্য হৈছে ইজৰাইলৰ অস্তিত্বৰ প্ৰতি ইৰাণৰ ভাবুকি হ্ৰাস কৰা। এই ভাবুকি সম্পূৰ্ণৰূপে নাইকিয়া নোহোৱালৈকে এই অভিযান অব্যাহত থাকিব।

নেতানিয়াহুৱে ইৰাণে বিশ্বজনীন সতৰ্কবাণীক আওকাণ কৰি নিজৰ পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে। একাধিক তেখেতে একাধিক‌ পাৰমাণৱিক বোমা উৎপাদন কৰিব পৰা ইৰাণৰ ইউৰেনিয়াম মজুতৰ কথা আঙুলিয়াই দিয়ে। তেওঁ কয়, ‘ইৰাণত ৯টা পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পৰাকৈ অতি সমৃদ্ধ ইউৰেনিয়ামৰ মজুত আছে।’ নেতানিয়াহুৱে সকীয়াই দিছিল যে ইৰাণে কেইমাহমানৰ ভিতৰতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব পাৰে।

ইজৰাইলৰ আক্ৰমণে ইৰাণৰ ওপৰত কিমান প্ৰভাৱ পেলায়?

ইজৰাইলৰ আক্ৰমণত নিহত হৈছে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ অধিনায়ক হুছেইন চালামী। আই আৰ জি চিৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলাই নিহত হয় ছালামী। ইৰাণৰ অন্যতম প্ৰভাৱশালী সামৰিক বিষয়া হিচাপে ২০১৯ চনৰ পৰা আই আৰ জি চিৰ মুৰব্বী পদত অধিষ্ঠিত হৈ থকা তেখেতৰ ধৰ্মান্ধ আৰু আক্ৰমণাত্মক কৌশলৰ বাবে পৰিচিত আছিল। ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড দেশৰ ভিতৰতে অন্যতম প্ৰধান শক্তি কেন্দ্ৰ। ইয়াৰ উপৰিও ইৰাণৰ বেলিষ্টিক মিছাইলৰ অস্ত্ৰভাণ্ডাৰ নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও এই আক্ৰমণত ছয়জন ইৰাণী বিজ্ঞানীও নিহত হোৱাৰ খবৰ পোৱা গৈছে। ইৰাণৰ সামৰিক মুৰব্বী মহম্মদ বাঘেৰীকো হত্যা কৰা বুলি দাবী কৰিছে ইজৰাইলে।


কোৱা হৈছে যে ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ আহৰণৰ কাৰ্যসূচীয়ে নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে।‌ ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক সমৃদ্ধি নিৰীক্ষণ সংস্থাই শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ কৰিছে যে ইৰাণৰ ৪০৮ কিলোগ্ৰাম ইউৰেনিয়ামৰ মজুত আছে, যিটো ৬০ শতাংশ সমৃদ্ধ। একে সময়তে ১৩৩ কিলোগ্ৰাম ইউৰেনিয়াম ৫০ শতাংশ পৰ্যন্ত সমৃদ্ধ হয়। উল্লেখযোগ্য যে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ হ’লে ইউৰেনিয়ামৰ ৯০ শতাংশ সমৃদ্ধিৰ প্ৰয়োজন। একে সময়তে নেতানিয়াহুৱে দাবী কৰে যে বৰ্তমান ইৰাণৰ হাতত থকা সমৃদ্ধ ইউৰেনিয়ামৰ পৰিমাণ ৯টা পাৰমাণৱিক ৰিয়েক্টৰ নিৰ্মাণৰ বাবে যথেষ্ট। কোৱা হৈছে যে ইয়াৰ এক তৃতীয়াংশই যোৱা তিনিমাহতহে উৎপাদন হৈছিল। ইৰাণৰ পাৰমাণৱিক শক্তি হ’বলৈ কৰা দ্ৰুত প্ৰস্তুতিৰ ওপৰত ব্ৰেক লগোৱাৰ বাবেহে এই আক্ৰমণ সংঘটিত কৰা হৈছিল।

যদি আমি ইতিহাসৰ ওপৰত চকু ফুৰাওঁ তেন্তে দুয়োখন দেশৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা মতানৈক্যৰ আৰম্ভণি হৈছিল ১৯৮২ চনৰ পৰা যেতিয়া ইৰাণে লেবানন যুদ্ধৰ সময়ত লেবাননৰ ছিয়া আৰু পেলেষ্টাইনী সন্ত্ৰাসবাদীক সমৰ্থন কৰিছিল। ইৰাণে আন দেশ আৰু গোটৰ সৈতে ক্ষমতা আৰু প্ৰভাৱ লাভ কৰিবলৈ আৰম্ভ কৰে। ছিৰিয়াৰ গৃহযুদ্ধৰ সময়ত ইৰাণৰ পাৰমাণৱিক প্ৰকল্প আৰু সংঘাত বন্ধ কৰিবলৈ ইজৰাইলে কৰা প্ৰচেষ্টাৰ বাবেই এই সংঘাত তীব্ৰতৰ হৈ পৰে।

২০২৩ চনৰ ৭ অক্টোবৰত ইৰাণৰ দ্বাৰা আংশিকভাৱে বিত্তীয় সাহায্য প্ৰদান কৰা হয়।

২০২৩ চনৰ ৭ অক্টোবৰত ইৰাণৰ দ্বাৰা আংশিকভাৱে বিত্তীয় সাহায্য লাভ কৰা পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট হামাছে ইজৰাইলক আক্ৰমণ কৰে, যাৰ ফলত প্ৰায় ১২০০ ইজৰাইলীৰ মৃত্যু হয় আৰু ইজৰাইল-হামাছ যুদ্ধৰ সূচনা হয়।

লেবাননত ইৰাণৰ প্ৰক্সি হিজবুল্লাহৰ সৈতেও ইজৰাইলৰ সংঘৰ্ষ। এই আক্ৰমণৰ পিছত ইজৰাইলে প্ৰতিশোধৰ বাবে ছিৰিয়াত থকা ইৰাণী আৰু প্ৰক্সি সৈন্যক লক্ষ্য কৰি ল’বলৈ আৰম্ভ কৰে। ইয়াৰ পিছত যুদ্ধৰ আশংকা বাঢ়ি গ’ল।

ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা শিখৰত উপনীত হৈছে। দুয়োখন দেশৰ মাজত বাকযুদ্ধ চলি আছে। ১৩ জুনৰ পুৱা ইজৰাইলে ইৰাণক আক্ৰমণ কৰে। ইজৰাইলৰ সেনাই কয় যে আমি ইৰাণৰ পাৰমাণৱিক স্থানসমূহক লক্ষ্য কৰি লৈছো কাৰণ ই আমাৰ নিৰাপত্তাৰ বাবে ডাঙৰ ভাবুকি আছিল। ১৫ জুনত ওমানত ইৰাণ আৰু আমেৰিকাৰ মাজত পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত আলোচনাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও তাৰ আগতে ইজৰাইলে আক্ৰমণ কৰিছিল আৰু এই আলোচনা পিছুৱাই দিয়া হৈছিল। দুয়োখন দেশ যুদ্ধত ডুব গৈছে।

ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে ভাৰত চৰকাৰে এতিয়া ইৰাণত থকা ভাৰতীয় নাগৰিকসকলক ওভতাই অনাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে ইৰাণৰ পৰা আৰ্মেনিয়া সীমান্তইদি ১০০জন ভাৰতীয় নাগৰিকৰ প্ৰথমটো দলক ওভতাই অনা হৈছে। আৰ্মেনিয়াৰ পৰা ভাৰতলৈ অনাৰ বাবে ব্যৱস্থা কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে।

লগতে, চীনেও ঘুৰাই আনিছে নিজ দেশৰ নাগৰিকসকলক কিয়নো ইতিমধ্যে ইজৰাইল-ইৰাণৰ যুদ্ধৰ বাবে বন্ধ হৈ পৰিছে ইজৰাইলৰ আকাশ মাৰ্গ। চীনে ইজৰাইলত থকা চীনা নাগৰিকক শীঘ্ৰেই দেশ এৰি আহিবলৈ আহ্বান জনাইছে। আকাশমাৰ্গ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত সীমান্তইদি স্থলপথেৰে চীনলৈ ঘুৰি যোৱাৰ আহ্বান জনাইছে।ইজৰাইল-ইৰাণৰ যুদ্ধ দীঘলীয়া হোৱাৰ আশংকাত চীনৰ দূতাবাসে ইজৰাইলত থকা নাগৰিকসকলক এই আহ্বান জনাইছে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.