19 January, Sun 2025
support@thecriticalscript.com
Blog image

নিজক কেনেকৈ ভাল পাব পাৰি

22 Oct,2022 04:03 PM, by: Ankita Gogoi
1 minute read Total views: 4475
5 Likes 0.0

নিজক ভাল নাপালে আনক ভাল পাব নোৱাৰি,কথাষাৰ সচাঁ। কিন্তু বাস্তৱ জীৱনত ইমান সহজ নহয়। বহু সময়ত এনেকুৱা হয়, যেতিয়া মানুহে নিজতকৈ বেছি সফল, সুন্দৰ বুলি আনক ভাৱিবলৈ আৰম্ভ কৰে তেতিয়াই কিছু লোকৰ আত্মবিশ্বাস নোহোৱা হৈ পৰে। নিজকে ভালপোৱাটো নিজৰ বিকাশত বিনিয়োগ কৰাৰ দৰেই। আপুনিয়েই নিজৰ জীৱনৰ দিশ নিৰ্ণয় কৰিব পাৰে, অৰ্থাৎ আপুনি নিজেই সিদ্ধান্ত ল’ব পাৰে যে আপুনি কি কৰিব পাৰে। আপোনাৰ অনুভৱ, ব্য়ক্তিত্ব আনৰ লগত তুলনা কৰিব গলে আপোনাৰ হীনমন্যতা বৃদ্ধি হ’ব পাৰে। আপুনি নিজে কি হয় সেইজন হওক আৰু নিজকে ভালপাবলৈ শিকক। নিজক ভালপোৱা মানুহ স্বাৰ্থপৰ নহয়। এই লেখাৰ জৰিয়তে আমি আপোনালোকক ক'ম কেনেকৈ নিজকে ভাল পাব পাৰি।

 

আত্মপ্ৰেম

নিজৰ লগত সুখী নহোৱাটো এটা অভ্যাসৰ দৰেই। যিসকল মানুহ নিজৰ ওপৰত সন্তুষ্ট নহয়, তেওঁলোকে সুখী হোৱাৰ কাৰণ বিচাৰে। আনহাতে যদি আপুনি সুখী হয় তেন্তে সুখ আপোনাৰ ওচৰলৈ স্বয়ংক্ৰিয়ভাৱে আহিব আৰু আপুনি সেইবোৰ মুক্তভাৱে উপভোগ কৰিব পাৰিব। যেতিয়া এজনে নিজকে ভাল পাবলৈ শিকে, তেতিয়া তেওঁ আনকো ভাল পাবলৈ আৰম্ভ কৰে আৰু তেওঁলোকক যিদৰে আছে তেনেদৰেই গ্ৰহণ কৰে। একেদৰে নিজৰ শক্তি আৰু দুৰ্বলতাৰে নিজকে গ্ৰহণ কৰি সুখী হওক।

 

নিজকে মূল্য দিয়ক

নিজকে ভাল পাবলৈ হ’লে প্ৰথমে নিজৰ ভিতৰৰ প্ৰতিভাসমূহ চিনিব লাগিব আৰু গ্ৰহণ কৰিব লাগিব। সেইবোৰক সন্মান কৰিব লাগিব, কাৰণ সকলোৰে ভিতৰত এনে বহুতো গুণ আছে, যিয়ে সকলোকে আনৰ পৰা পৃথক কৰি তোলে। আপুনি কোন হয় আৰু কি কৰিব পাৰে তাৰ শলাগ লওক। নিজৰ অতীতক গ্ৰহণ কৰি নিজৰ আত্মবিশ্বাসৰ ওপৰত কাম কৰক, যিয়ে আপোনাক আগুৱাই যাবলৈ প্ৰেৰণা দিব।

 

নিজৰ যত্ন লওক

আপুনি তেতিয়াহে নিজকে ভাল পাবলৈ সক্ষম হ’ব যেতিয়া আপুনি নিজৰ যত্ন সঠিকভাৱে ল’ব পাৰিব, যেনে পৰ্যাপ্ত পৰিমাণে টোপনি অহা, স্বাস্থ্যসন্মত খাদ্য খোৱা, ওচৰ-চুবুৰীয়া মানুহক লগ পোৱা আৰু লগৰ সমনীয়া লগত হাহিঁ ধেমালি কৰা, এনে কৰিলে আপোনাৰ মনত কি চলি আছে তাৰ প্ৰতি মনোযোগ দিব পাৰিব। নিজকে ভালপোৱাটো কোনো মানসিক ৰোগ নহয়, ইয়াৰ অৰ্থ হ’ল প্ৰতিদিনে সৰু সৰু অভ্যাসবোৰ জগাই তোলা, যিয়ে আপোনাৰ জীৱনটো সুন্দৰ কৰি তুলিব পাৰে। জীৱনত বহু কথা আহিব আৰু যাব, কিন্তু এবাৰ নিজকে ভাল পালে সেইয়া চিৰদিন আপোনাৰ লগত থাকিব।

 

 নিজৰ বাবে সময় উলিয়াওক

তদুপৰি নিজকে ভাল পাবলৈ অলপমান সময় অকলে কটাব লাগে। গতিকে নিজৰ বাবে সময় উলিয়াওক। সেই সময়ছোৱাত আপুনি নিজৰ পছন্দৰ চিনেমা চাব পাৰে। যিবোৰ ঠাই আপুনি বহুত ভাল পায় সেইবোৰলৈও যাব পাৰে। আপুনি যদি কিতাপ পঢ়ি ভাল পাই কিতাপ পঢ়িব পাৰে, গান শুনিব পাৰে। যদি আপুনি বজাৰ কৰি ভাল পায় তেন্তে আপুনি আপোনাৰ পছন্দৰ বস্তু কিনিব পাৰে। এই সকলোবোৰ কথাই আপোনাক নিজকে ভালপোৱাত সহায় কৰিব, আৰু লগতে আপোনাক ভাল অনুভৱ কৰাব।

 

  নিজকে কাৰো লগত তুলনা নকৰিব

 যিসকলৰ টকা আছে, ক্ষমতা আছে, সৌন্দৰ্য আছে, মানুহে তেওঁলোকক সন্মান কৰে। এই মিছা কথাষাৰ আপোনালোকে বিশ্বাস কৰেনে? যিজনে এইবোৰ কথাত বিশ্বাস কৰে তেওঁ কেতিয়াও নিজকে ভাল পাব নোৱাৰে। নিজকে মানুহৰ লগত তুলনা কৰিলে আপোনাৰ মন সদায় অশান্ত হৈ থাকিব আৰু মনটোৱে সদায় ক’ব, মোৰ একো নাই, মই একো কৰিব পৰা নাই, মই একো কৰিবলৈ সক্ষম নহয়। এনে চিন্তাৰে মনত সদায় এটা শূন্যতা থাকিব, সেয়ে কাৰ কি আছে, কোনে কি কৰিলে, কোনে কি পালে তাক লৈ কোনো ধৰণৰ গুৰুত্ব নিদিব। কিন্তু আপুনি কি পাইছে, আপুনি কি কৰিব পাৰে সেইবোৰ কথাত মনোযোগ দিয়ক আৰু সুখী হওক। আপোনাৰ সামৰ্থ্যক বিশ্বাস কৰক।

 

 নিজৰ শলাগ লওক

সমালোচনাই আমাৰ অন্তৰ্নিহিত অনুভৱবোৰক শ্বাসৰুদ্ধ কৰি পেলায়। একে সময়তে নিজৰ শলাগ ল’লে মনত আত্মবিশ্বাস বৃদ্ধি পায়। গতিকে যেতিয়াই সুযোগ পায় তেতিয়াই নিজৰ প্ৰশংসা কৰক। আপুনি ইয়াক সৰু সৰু কথাৰে আৰম্ভ কৰিব পাৰে, যেনে - নিজকে কৈ থাকিব যে আপুনি অনন্য, কিন্তু যদি আপুনি এবাৰ এই কাম কৰা বন্ধ কৰে তেন্তে ই একেবাৰেই কাম নকৰিব। সদায় নিজকে নতুন নতুন বস্তু চেষ্টা কৰিবলৈ উৎসাহিত কৰক। যদি কামটো এবাৰতে নহয়, তেন্তে হতাশাত নিজকে গালি নিদি, চেষ্টা কৰাৰ বাবে নিজকে উসাহ প্ৰদান কৰক। মনত ৰাখিব, নিজৰ শলাগ লোৱাৰ অৰ্থ এইটো নহয় যে আপুনি নিজৰ ভুলটো সঠিক বুলি মানি লৈছে।

 

নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকক

নিজকে ভাল পাবলৈ প্ৰথমে নেতিবাচক চিন্তাধাৰা আৰু তেনেধৰণৰ মানুহক জীৱনৰ পৰা আঁতৰাই পেলাওক। সকলো সময়তে আপোনাক নিৰাশ কৰা, আপোনাক মিছা কথা,কোৱা অনবৰতে আনৰ কথা কোৱা মানুহৰ পৰা আঁতৰি থাকক। এনে চিন্তা আৰু মানুহৰ কাৰণে কিছু সময়ৰ পাছত আপুনিও আত্মসন্মান আৰু আত্মপ্ৰেম দুয়োটা হেৰুৱাব। গতিকে কেৱল সেইসকলৰহে বন্ধুত্ব কৰক যিয়ে আপোনাক প্ৰেৰণা দিয়ে, আপোনাৰ ভুলৰ সঠিক পথ দেখুৱায় আৰু সঁচাকৈয়ে আপোনাৰ শ্ৰেষ্ঠতা বিচাৰে।

 

নিখুঁত হবলৈ চেষ্টা নকৰিব

বহু সময়ত মানুহে নিজকে নিখুঁত নহয় বা আন মানুহৰ তুলনাত নিজৰ কাম নিখুঁত নহয় এনে চিন্তাধাৰা থকাটো ভুল। সদায় মনত ৰাখিব যে একোৱেই নিখুঁত নহয়। সকলোৰে মাজত ভাল বেয়া দুয়োটা আছে। সকলোৱে ভুল কৰে, কিন্তু সেই ভুলবোৰৰ পৰা শিকি লোৱাটোৱেই হৈছে নিজকে উন্নত কৰাৰ দিশত আগবাঢ়ি যোৱাৰ একমাত্ৰ উপায়। গতিকে নিখুঁততাৰ দৌৰত অংশ লোৱাৰ পৰা বিৰত থাকক, ই কেৱল হতাশা আৰু নিজৰ প্ৰতি নেতিবাচক চিন্তাৰ সৃষ্টি কৰিব। সদায় নিজকে উন্নত কৰিবলৈ চেষ্টা কৰক, নিখুঁত হ’বলৈ নহয়।

 

সুখী হবলৈ চেষ্টা কৰক

জীৱনত সুখী হোৱাটোও নিজৰ প্ৰতি মৰম দেখুওৱাৰ এক গুৰুত্বপূৰ্ণ অংশ। নিজকে সুখী কৰি ৰাখিবলৈ এনে কাম কৰক, যাৰ ফলত মন আৰু আৱেগ ভাল লাগে। কিন্তু বহু সুখ নিৰ্ভৰ কৰে জীৱনক ইতিবাচক কৰি তুলিবলৈ কৰা প্ৰচেষ্টাৰ ওপৰত। এনে অৱস্থাত আপুনি কাৰোবাৰ লগত আপোনাৰ যিকোনো ভাল লগা কাম কৰিব পাৰে, সেই সকলোবোৰ কামেই আপোনাৰ মুখত হাঁহি আনিব পাৰে। যিমান পাৰে সদায় হাঁহি থাকক, হাহিঁয়ে মানুহৰ মন মগজু সুন্দৰ কৰি তোলে। কিন্তু মনত ৰাখিব, নিজকে সুখী কৰাৰ অৰ্থ এইটো নহয় যে আপুনি আন কাৰোবাক আঘাত দিছে। নিজৰ সুখৰ সন্ধানত আন কাকো অসুখী নকৰিব।

 

স্বাস্থ্যৰ যত্ন লওক

স্বাস্থ্য আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। কোৱা হয় যে সুস্বাস্থ্যই আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ। নিজকে ভাল পাবলৈ প্ৰয়োজনীয় মূলধন এয়াই। স্বাস্থ্য ভাল হ’লে ভিতৰৰ পৰা শৰীৰত এটা জিলিকনি থাকে, তদুপৰি নিজকে আত্মবিশ্বাসী অনুভৱ কৰে। আপুনি বহু ধৰণৰ ৰোগৰ পৰা আঁতৰত থাকক। ইয়াৰ বাবে আপুনি সুষম খাদ্য আৰু সঠিক ৰুটিন গ্ৰহণ কৰিব লাগে। সেয়ে নিজকে ভাল পাবলৈ হ’লে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ প্ৰতিশ্ৰুতি দিব লাগিব।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.