19 January, Sun 2025
support@thecriticalscript.com
Blog image

হাজোৰ ঐতিহাসিক মণিকুট উৎসৱ

04 Jun,2024 06:52 PM, by: Ankita Gogoi
1 minute read Total views: 406
1 Likes 0.0

হাজো হৈছে অসমৰ অতি উল্লেখযোগ্য ইতিহাসপ্ৰসিদ্ধ ঠাই লগতে পৰ্যটনৰো এক সম্ভাৱনাময় ক্ষেত্ৰ।হিন্দু- মুছলমানৰ অপূৰ্ব সম্প্ৰীতি- সমন্বয়ৰ স্মৃতিক চিৰ যুগমীয়া কৰি ৰখাৰ প্ৰয়াসৰে তীৰ্থনগৰী হাজোত মণিকূট উৎসৱৰ অনুস্থিত হৈ আহিছে।১৯৯২ চনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে প্ৰত্যেক বছৰে পহিলা মাঘৰ দিনা এই ঐতিহাসিক উৎসৱ পালন কৰা হয় । ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ মহান আদৰ্শ মানৱ সমাজত বিলাই দিবলৈ  মাঘ মাহৰ প্ৰথম দিনটোৰ পৰা তীৰ্থনগৰী হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰত আৰম্ভ হয় এমাহ জোৰা মহামিলনৰ পৰম্পৰাগত উৎসৱ ক্ৰমে “উৰুচ মেলা” আৰু “মাঘী মেলা” তথা “মণিকূট” উৎসৱ।

এই মহামিলনৰ উৎসৱক যেন হাজোৰ ৰাইজে বহু উছাহ-উদ্দীপনাৰ পাৰ‌ কৰে। প্রবাদ অনুসৰি, সুদূৰ অতীজত পোৱামক্কা দর্গাহৰ ‘খাদিম’গৰাকীয়ে সতীর্থসহ পহিলা মাঘৰ দিনা মাধৱ মন্দিৰলৈ গৈ মন্দিৰব ‘দলৈ’ক লগ ধৰি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সদৌটি ৰাইজৰ কুশল-মংগল কামনাৰে দোৱা প্রার্থনা কৰিছিল।

মন্দিৰৰ ‘দলৈ’জনেও, বিহুৰ পিঠা-পনাৰে ‘খাদিম’ আৰু তেওঁৰ সতীর্থসকলক আপ্যায়ন কৰাৰ পাছত মন্দিৰ দর্শন কৰাইছিল।উল্লেখযোগ্য যে, প্ৰতিবছৰে অনুষ্ঠিত বর্ণিল শোভাযাত্রাত অংশগ্রহণ কৰা উত্তৰ-পূর্বাঞ্চলৰ কেইবাটাও বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠীৰ উপৰি হাজো অঞ্চলৰ সাংস্কৃতিক গোষ্ঠীয়ে জিকিৰ-জাৰি পৰিৱেশন কৰি, গায়নে বায়নে খোল-তাল লৈ আয়তীসকলে নাম কীর্তন কৰি, বিহুৱা দলে নাচিবাগি, চাহ জনগোষ্ঠীয় ঝুমুৰ নৃত্য, বড়ো জনগোষ্ঠীয় বাগৰুম্বা-খেৰাই নৃত্য, জয়ৰাম দাসৰ ‘সতী জয়মতী আৰু জেৰেঙা পথাৰ’ নামৰ বাহনত উপবিষ্ট জীৱন্ত প্রতিকৃতি, একাংশ যুৱতীয়ে পাত-মুগাৰ সাজ পৰিধান কৰি পিতলৰ কলহ লৈ যোৱা মনোৰম দৃশ্যই সকলো ৰাইজৰ মন মুহিত কৰে

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.