19 January, Sun 2025
support@thecriticalscript.com
Blog image

শীতকালত আপোনাৰ খাদ্য তালিকাত থাকিব‌ লাগে এই ৪ টা বস্তু!

25 Nov,2024 04:03 PM, by: Ankita Gogoi
1 minute read Total views: 130
0 Like 0.0

নৱেম্বৰ মাহ পৰাৰ লগে লগে বতৰৰ সাল-সলনি হ'বলৈ ধৰে আৰু লাহে লাহে শীতকাল আহে আৰু ঠাণ্ডাৰ অনুভৱ হয়। নৱেম্বৰৰ শেষ ভাগৰ পৰা ঠাণ্ডা ক্ৰমে বৃদ্ধি পাবলৈ আৰম্ভ কৰে আৰু সময়ছোৱাত বিভিন্ন ৰোগৰ সৈতেও আমি মোকাবিলা কৰিবলগীয়া হয়।এনে পৰিস্থিতিত, আমি সকলোৱে নিজৰ স্বাস্থ্যৰ অধিক যত্ন ল'ব লাগিব। শীতকাল হৈছে এনে এক ঋতু য'ত ৰোগ প্ৰতিৰোধ ক্ষমতা প্রাকৃতিকভাৱে বৃদ্ধি হয় এনে পৰিস্থিতত ঠাণ্ডা বতৰত, শৰীৰৰ তাপমাত্রা হ্রাস হয় আৰু শৰীৰে নতুন বতৰৰ সৈতে খাপ খুৱাবলৈ শৰীৰত সঠিক তাপমাত্রা বজাই ৰখাটো খুবেই প্রয়োজনীয়। কিন্তু তলত দিয়া চাৰিটা উপাদানৰ জৰিয়তে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব পাৰে আৰু কিছু ৰোগৰ পৰা হাত সাৰি শীতকাল উপভোগ কৰিব পাৰে।


ঘিঁউ:

শীতকালত দেশী ঘিঁউ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই বতৰত দেশী ঘিঁউ খালে শৰীৰটো গৰম কৰি ৰখাত সহায় কৰে। বিশুদ্ধ দেশী ঘিঁউত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষমতাও আছে। শীতকালত ছালৰ বিভিন্ন সমস্যা দেখা যায় । শীতকালীন বতাহে ছালখন শুকান কৰি তোলে । এই সময়ছোৱাত শুকান ছালত খজুৱতি আৰু ফোঁহা ওলোৱাৰ সমস্যাও বৃদ্ধি পায়। ঘিঁউ ব্যৱহাৰ কৰিলে ছালৰ ভিতৰত আৰু বাহিৰত আৰ্দ্ৰতা অতুত থাকে।

আমলখি:

ভিটামিন চিৰে ভৰপূৰ অন্যতম উৎকৃষ্ট ফল।যিটোত কমলাৰ তুলনাত ২গুণ ভিটামিন চি থাকে।শীতকালত স্বাস্থ্যৰ বিশেষ যত্ন ল’ব লাগে ৷ সেয়েহে আজিৰে পৰা খাদ্যৰ তালিকাত যোগ কৰক আমলখি ৷ ইমিউন বুষ্টাৰৰ অন্যতম ফলপ্ৰসূ। শীতকালত কাহ আৰু চৰ্দি প্ৰতিৰোধ কৰাত সহায় কৰে।আমলখিত থকা এন্টিঅক্সিডেন্টে অক্সিডেটিভ চাপ আৰু প্ৰদাহ হ্ৰাস কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যত অৰিহণা যোগায় । ইয়াৰ উপৰিও আমলখিয়ে তেজত কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে, যিটো হৃদৰোগ স্বাস্থ্যৰ বাবে উপকাৰী।কিছুমান গৱেষণাৰ পৰা জানিব পৰা গৈছে যে আমলখিত ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা থাকে ।

মছলা:

প্ৰতিটো ভাৰতীয় ঘৰতে সহজে মছলা পোৱা যায়। মছলাবোৰে বিভিন্ন উদ্দেশ্য সাধন কৰে শুৱাৰ আগত গাখীৰত হালধি অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক অথবা আপুনি খাব লোৱা ফলৰ ওপৰত কিছু ডালচেনিৰ গুড়ি ছটিয়াই দিয়ক। ই হজম শক্তিত সহায় কৰে, প্ৰদাহ কমায় আৰু প্ৰচুৰ এন্টিঅক্সিডেন্ট থাকে। 

বাদাম আৰু বীজ:

বাদাম আৰু বীজত অধিক পৰিমাণে স্বাস্থ্যকৰ চৰ্বি, প্ৰটিন, আৰু আঁহ থাকে। ৰাতিপুৱা সোনকালে তিয়াই লওক বা সন্ধিয়া বিস্কুট, কুকিজ বা চিপছৰ সলনি ইয়াক লাড়ু ৰূপত জলপান হিচাপে খাওক। বাদামত শীতকালত শৰীৰৰ প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে আৰু আমাৰ শৰীৰক গৰম কৰি ৰাখে। লগতে, ই আপোনাৰ ছালখন শুকান হোৱাৰ পৰা ৰক্ষা কৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.