08 June, Sun 2025
support@thecriticalscript.com
Blog image

ঐতিহাসিক দীঘলীপুখুৰীৰ ইতিহাস!

07 Jun,2025 05:52 PM, by: Ankita Gogoi
1 minute read Total views: 64
0 Like 0.0

দীঘলীপুখুৰী — কেৱল এটা পুখুৰী নহয়, ই হৈছে মহানগৰবাসীৰ বাবে এক গভীৰ আৱেগ, ঐতিহ্য আৰু ইতিহাসৰ জীৱন্ত প্ৰতীক। গুৱাহাটী মহানগৰীৰ মাজত অৱস্থিত এই পুখুৰীৰ চাৰিওফালে থকা নৈসৰ্গিক পৰিৱেশে কংক্ৰিটৰ মহানগৰবাসীক মুহূৰ্ততে মন-প্ৰাণ শীতল কৰি তোলে। দীঘলীপুখুৰী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটীত অৱস্থিত এটা আয়তাকাৰ কৃত্ৰিম পুখুৰী। এই পুখুৰীৰ প্ৰায় আধা মাইল দৈৰ্ঘ্যৰ বাবেই ইয়াৰ নাম দীঘলীপুখুৰী হয় বুলি জনা যায়। 

দীঘলীপুখুৰীক লৈ বহু জনশ্ৰুতি আছে। দীঘলীপুখুৰীৰ পাৰত আছে বহু ইতিহাসৰ সাক্ষী। জনশ্ৰুতি আৰু লোকপ্ৰবাদ অনুসৰি প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই ব্ৰহ্মপুত্ৰৰ পৰা এটা সুতি এই দীঘলীপুখুৰীৰ সৃষ্টি কৰিছিল। কোৱা হয় যে দীঘলীপুখুৰীটো ৰজা ভগদত্তই জীয়ৰী দীঘলীৰ নামত খন্দাইছিল। পৰৱৰ্ত্তী কালত কামৰূপৰ আৰু কমতাৰ মহাৰজাসকলে যুদ্ধৰ বাবে ব্যৱহাৰ কৰিছিল। তথ্য অনুসৰি দীঘলীপুখুৰী ব্ৰহ্মপুত্ৰৰ মূল নদীৰ সৈতে এটা সুঁতিৰে সংযুক্ত হৈ আছিল।পৰৱৰ্তীকালত আহোম সকলে এই পুখুৰী নাৱৰ চলাচল আৰু নৌকা বন্দৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা যায়।

ৰাইবাহাদুৰ কনকলাল বৰুৱাই তেওঁৰ বিখ্যাতগ্ৰন্থ আৰ্লি হিষ্ট্ৰী অফ কামৰূপত লিখিছিল যে- ''দীঘলীপুখুৰী প্ৰবাদমতে মহাভাৰতৰ দিনৰে। এই পুখুৰীতে পানীৰ মাজত চাং পাতি ৰজা ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰত ধনু খেলৰ প্ৰতিযোগিতা পাতিছিল। 

প্ৰবাদ অনুসৰি চাংখনৰ দাঁতিত পানীৰ মাজত বাঁহ এডাল পুতি ইয়াৰ মূৰত মাছ এটা উলমাই থৈছিল। প্ৰতিযোগীসকলক পুখুৰীৰ পানীত মাছৰ প্ৰতিবিম্ব চাই মাছটো শৰবিদ্ধ কৰিব দিছিল। কৰ্ণই এই প্ৰতিযোগিতাত জয়ী হৈছিল যদিও তেওঁ মিত্ৰ দুৰ্যোধনকহে ভানুমতীক অৰ্পণ কৰিছিল।

সময়ৰ লগে লগে এই পুখুৰীৰ ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ বিছিন্ন হৈ পৰে। ব্ৰিটিছৰ শাসনকালত এই পুখুৰীৰ উত্তৰভাগৰ কিছু অংশ পুতি পেলোৱা হয়। বৰ্তমান এই অংশত আছে গুৱাহাটী উচ্চ ন্যায়ালয়। এই পুখুৰী কেন্দ্ৰ কৰি পিছলৈ এখনি উদ্যান গঢ়ি তোলা হয়। বৰ্তমান ই এতিয়া এক পৰ্যটন কেন্দ্ৰ।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.