কিদৰে হৈছিল ডিগবৈ নামৰ নামাকৰণ!
ডিগবৈ অসমৰ তিনিচুকীয়া জিলাৰ এক অন্যতম ঔদ্যোগিক ঠাই। এছিয়াত প্ৰথম খাৰুৱা তেলৰ খনন কৰা স্থান ডিগবৈক অসমৰ তৈল নগৰ বুলিও অভিহিত কৰা হয়। ১৯শ শতিকাৰ শেষৰফালে ইয়াত খাৰুৱা তেলৰ খনি আৱিষ্কাৰ হৈছিল।১৮৮৯ চনত ডিগবৈতে এছিয়া আৰু ভাৰতৰ সৰ্বপ্ৰথম ব্যৱসায়িক ভিত্তিত তেল উৎপাদন আৰম্ভ হয়। ১৮৯৯ চনত এই কাম-কাজ চালবলৈ আছাম অইল কোম্পানী গঠন কৰা হয়। ১৯০১ চনত ইয়াতে এছিয়া আৰু ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হয়।
ডিগবৈ নামটোৰ উৎপত্তিক লৈ এটি আমোদজনক কাহিনী আছে। বহুলোকে কোৱা অনুসৰি ১৮৫৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত এডৱিন ড্ৰেকে বিশ্বৰ প্ৰথমটো তেলৰ কুপ খন্দাৰ আঠ বছৰ পাছতে অসমত তেলৰ খনি আৱিষ্কাৰ হয়।আছাম ৰেইলৱে' এণ্ড ট্ৰেডিং কোম্পানীয়ে কেইজনমান ইটালীয়ান অভিযন্তাক ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে ৰেল লাইন বহুৱাবলৈ দায়িত্ব দিছিল। তেওঁকে মাৰ্ঘেৰিটাৰ পৰা দহ মাইল দূৰৰ ডিগবৈত তেলৰ সন্ধান পায়। ঘন হাবিৰ পৰা ভৰিত তেলৰ দাগ লৈ হাতীবোৰ ওলাই অহাৰ পাছত ইংৰাজ অভিযন্তা মি: ডব্লিউ এল লে'কে হেনো শ্ৰমিকক ‘Dig boy, dig’, বুলি চিঞৰিছিল। অৱশ্যে এই মুখৰোচক কাহিনীটোৰ বিষয়ে কোনো বিশ্বাসযোগ্য তথ্য পোৱা নায়ায। নানা ৱেবছাইটত হাতীৰ ভৰিৰ কাহিনীটো সামান্য পৰিৱৰ্তিত ৰূপত পোৱা যায়, কিন্তু সকলোৱে এই কথাত সহমত পোষণ কৰে যে আছাম ৰেইলৱে' এণ্ড ট্ৰেডিং কোম্পানীয়ে (AR&TC) ১৮৮২ চনত ডিব্ৰু-শদিয়া ৰেল পথচোৱা লিডুলৈকে সম্প্ৰসাৰিত কৰা কামত নিয়োজিত অভিযন্তাসকলে কামত হাতী লগাইছিল। আৰু এই হাতীৰে ভৰিত তেলৰ দাগ দেখি উক্ত স্থানত ইংৰাজ ৱিলি লিঅ'ভা লে'কে কোম্পানীক খনন কৰিবলৈ সন্মত কৰায়। অইল ইণ্ডিয়া লিমিটেডৰ ইতিহাসত এই হাতীৰ কাহিনীটোৰ কথা নাই, কিন্তু পূৰ্বৰ ৱেবছাইটত উল্লেখ আছিল যে লে'কে "বৰভিল অঞ্চলত তেল বিৰিঙি ওলোৱা দেখিছিল"। খনন প্ৰকল্প অনুমোদন হোৱাৰ পাছত লে'কে যন্ত্ৰ-পাতি, মানুহ গোটাই কম ১৮৮৯ চনৰ ছেপ্টেম্বৰত কাম আৰম্ভ কৰে। ১৭৮ ফুট (৫৪ মিটাৰ) গভীৰতাত কিছু তেল পোৱা গ'ল। ১৮৯০ চনৰ নৱেম্বৰলৈকে খনন কাৰ্য চলি ৬৬২ ফুট (২০২ মিটাৰ) গভীৰতালৈকে যায়। এই সময়ছোৱাতে লে'কে শ্ৰমিকক "Dig, boy!" বুলি চিঞৰা বুলি কাহিনীটোৰ সৃষ্টি হয়।এই অঞ্চলতে থকা জান এটাকো ডিগবৈ বুলি কোৱা হয়। তাৰ পৰাও অঞ্চলটোৰ নাম ডিগবৈ হ'ব পাৰি বুলি কোৱা হয়।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments