12 March, Wed 2025
support@thecriticalscript.com
Blog image

প্ৰথম অসমীয়া উপন্যাস কি জানে নে?

05 Mar,2025 06:29 PM, by: Ankita Gogoi
1 minute read Total views: 80
0 Like 0.0

পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ ভানুমতী প্ৰথম অসমীয়া উপন্যাস।অসমীয়া সাহিত্যৰ ইতিহাসত ভানুমতী এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আছে। তেওঁৰ ভানুমতী আৰু লাহৰী, লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰীৰ ৰচনাৰ পিছত আধুনিক অসমীয়া উপন্যাসৰ নতুন যুগৰ সূচনা হোৱা বুলি কোৱা যায়।

উপন্যাসখন প্ৰথমে বিজুলী আলোচনীত খণ্ড-খণ্ড ৰূপত ধাৰাবাহিকভাৱে প্ৰকাশিত হৈ থকা সময়ত সম্পূৰ্ণ ৰূপত লাহৰী গ্ৰন্থ আকাৰত প্ৰকাশ পায়।১৮৯১ চনত বিজুলী আলোচনীত ভানুমতী প্ৰকাশ পায়, কিন্তু গ্ৰন্থৰূপে ইয়াৰ প্ৰকাশনা হয় ১৯০৮ চনত। উপন্যাসখন মূলত নায়িকা-প্ৰধান, য'ত ভানুমতী আৰু চাৰু গোহাঞি নামৰ দুই যুৱ-প্ৰেমিকৰ কাহিনী কেন্দ্ৰবিন্দু। কাহিনীত, ভানুমতী আৰু চাৰু গোহাঞিৰ মিলনৰ পথত বাধাৰূপে আহে যুৱৰাজ (পিছলৈ ৰজা)। ঘটনাক্ৰমে, চাৰু গোহাঞিক প্ৰাণদণ্ডৰ আদেশ দিয়া হয় আৰু তাক চাওদাঙৰ হাতত অৰ্পণ কৰা হয়। এই আকস্মিক বিপৰ্যয়ত ভানুমতীয়ে মানসিকভাবে বিপৰ্যস্ত হৈ পৰে আৰু শেষত পুখুৰীত জাঁপ দি আত্মহত্যা কৰে।

উপন্যাসখন যদিও ঐতিহাসিক পটভূমিত ৰচিত, তথাপি ইয়াত সঠিক ঐতিহাসিক আখ্যান অনুপস্থিত। সেয়ে এই উপন্যাসক সামাজিক উপন্যাসৰ শ্ৰেণীত অর্ন্তভুক্ত কৰিব পাৰি। অসমীয়া উপন্যাস সাহিত্যৰ প্ৰাৰম্ভিক পৰ্যায়ত ভানুমতী এক গুৰুত্বপূর্ণ স্থান দখল কৰি ৰাখে, যি সাহিত্যৰ শৈলী, ভাবধাৰা, আৰু সমাজবোধক দৃঢ়ভাৱে প্ৰতিফলিত কৰে।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.