সাতশাকীঃ বহাগ বিহুৰ এক পৰম্পৰা
0 Like
0.0
ব’হাগ মাহৰ বিভিন্ন পৰম্পৰাৰ ভিতৰত অন্যতম হল সাতশাকী অৰ্থাৎ ১০১ বিধ শাক খোৱা। অতীজৰে পৰা চলি অহা পৰম্পৰা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সাত বিহুত ১০১ বিধ শাক খোৱা হয়। সাতশাকী ব'হাগ বিহুৰ সাত বিহুৰ ভিতৰত শাক খোৱাৰ এটা প্ৰথা।সাতবিহুৰ যিকোনো এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে। কিন্তু কোনো কোনোৱে এই নিয়ম গৰু বিহুৰ দিনা কৰে। এশ এবিধ শাকৰ আঞ্জা ৰোগৰ মহৌষধ। এশ এবিধ নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয়। ইয়াকে ‘সাতশাকী’ বোলে। অৱশ্যে অঞ্চলভেদে এশ এবিধৰ সলনি এশ আঠবিধ শাক খোৱাৰো পৰম্পৰা আছে।
লোকবিশ্বাস অনুসৰি বিহুৰ সময়ত সাতশাকী খালে বছৰটোলৈ বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি। এনে শাক-পাচলিয়ে মানুহৰ দেহক সতেজতা প্ৰদান কৰে, বল-শক্তি বৃদ্ধি কৰে আৰু কৰ্ম প্ৰেৰণা যোগায়। অসমৰ এই যি কৌটি কলিয়া পৰম্পৰা এনে পৰম্পৰা দেশৰ বেলেগ ৰাজ্যত দেখিবলৈ পোৱা নাযায়।
সাধাৰণতে সকলোবোৰ শাক-পাতেই সাতশাকীত ব্যৱহাৰ কৰা হয়। সাতশাকীত কেৱল শাকেই নহয় আন বহুতো বস্তু ইয়াত অন্তৰ্ভুক্ত কৰা হয়।
ঢেঁকীয়া, জাতিলাউৰ আগ, ৰঙালাওৰ আগ, মাটিকাদুৰী, ভাত মেটেকা, বৰপূৰৈ, মৰান আদা, কণা শিমলু, চাঙেৰি টেঙা, মধুসোলেং , হেলচি শাক, মৰিচা, কলমৌ, চিৰতা পাত, চালকুঁৱৰী, চুকা শাক, চেংমৰা, সৰিয়হ লতি, কেৰেলাৰ পাত, চজিনা পাত , লেহেতী শাক, জলকীয়াৰ পাত, মেচাকি, নলচুপহি, কচলু, বাবৰি লফা, পালেং, লাই, তৰা গজালি, কলমৌ, তিতাফুল, পুৰৈ শাক, কণা শিমলু, বৰথেকেৰা পাত, হাঁচিয়তি বন, তুলসী পাত,বন জলকীয়াই, বন জালুক,মেমেধু, ঢলা পালেং, খুতুৰা, দূবৰি, বৰ মানিমুনি, সৰুমানিমুনি, তেঁতেলী, ভেদাই লতা, থেৰেজু, বৰহমথুৰি,চুকা শাক, চেংমৰা, কেহৰাজ ,বৰথেকেৰা, মহানিম, নহৰু, বনজালুক, বেতগাজ, হাতীভেকুৰি, কঠনা, ওলকচু, তিতাফুল, লাইজাবৰি, পুৰৈ, মচন্দৰি, দোৰোণ,ভেদাইলতা, তিতামৰা,টেঙেচি, মৰিচা , বাবৰি শাক, তিতাবাহক শাক, বিলাহী পাত, ধতুৰা শাক, ভেদাইলতা, পিঁয়াজৰ পাত, বিহলঙনি,আদি সাতশাকী যোগাৰ কৰি বছৰ টোৰ বাবে পৰিয়ালৰ ৰোগ নিৰাময়ৰ বাবে খোৱা হয় বুলি কোৱা হয়।
সাধাৰণতে গৰুবিহুৰ দিনা গধূলি শাকসমূহ একেলগে ভাজি খোৱাৰ নিয়ম আছে। ঠাইভেদে চেৰাবিহুৰ দিনাও সাতশাকী খোৱা হয়। অৱশ্যে সাতবিহুৰ যিকোনো এদিন সাতশাকী খাব পৰা যায়। লোকবিশ্বাস অনুসৰি সেইদিনা সাধাৰণতে বিহ বা অখাদ্য বুলি গণ্য কৰা শাক-পাত সাতশাকীৰ সৈতে খালেও ই কোনো অপকাৰ নকৰে। ঠাইবিশেষে গৰু বিহুৰ দিনা গৰুৰ গালৈ ছটিওৱা চাটৰ পাচলিৰ একাংশও সাতশাকীৰ সৈতে মিহলাই খোৱা হয়।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments