07 June, Sat 2025
support@thecriticalscript.com
Blog image

'বগামাটি' অসমৰ প্ৰকৃতিৰ সৌন্দৰ্যৰাণী

17 May,2025 06:13 PM, by: Ankita Gogoi
1 minute read Total views: 462
0 Like 0.0

বগামাটি, অসমৰ বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী বৰনদী বনাঞ্চলৰ কোলাত অবস্থিত এখন অপূৰ্ব স্থান। সৌন্দৰ্যৰ ৰাণী বুলি অভিহিত এই পৰ্যটনস্থলীৰ প্ৰাকৃতিক শোভা যেন কল্পনাৰ উৰ্দ্ধত। বৰনদীৰ নিৰ্মল, শান্ত জলধাৰা, সেউজীয়া বনাঞ্চল, পৰ্বতৰ বুকুত বাজি থকা বতাহ, সকলোবোৰ মিলি বগামাটিক এটি অনন্য পৰ্যটন গন্তব্যলৈ ৰূপান্তৰ কৰিছে।

দুঃসাহসিক ক্ৰীড়াৰ আধাৰ

বগামাটিত কেৱল প্ৰাকৃতিক সৌন্দৰ্যই নহয়, ৰাফটিং, ট্ৰেকিং, জিপ লাইন, জংঘল ট্ৰেকিং, আৰু নৈশ কেম্পিঙ যেন এক সমগ্ৰ দুঃসাহসিক পৰ্যটনৰ আধাৰভূমি। Green Trek Adventure নামৰ স্থানীয় সংস্থাটোৱে ২০১৫ চনৰ পৰা এই সকলো সুবিধা আগবঢ়াই আহিছে। পৰ্বতৰ বুকুত কেম্প স্থাপন কৰি তৰাবাৰিৰ তলত নিশা কটাবৰ এক অনন্য অভিজ্ঞতা লাভ কৰিব পাৰে।

পৰ্যটন আৰু ধৰ্মীয় আকৰ্ষণ

বগামাটিৰ মাজতে অৱস্থিত বৌদ্ধ মূৰ্তি পৰ্যটকৰ বাবে এক বিশেষ আকর্ষণ। ই এক মানসিক শান্তিৰ প্ৰতীক হিচাপে পৰিগণিত। ইয়াৰ সমীপৰ বৰনদীৰ পাৰত বহি প্ৰাকৃতিক দৃশ্য উপভোগ কৰাটোও এক অনন্য অভিজ্ঞতা।

প্ৰাকৃতিক জীৱ বৈচিত্ৰ্য

বগামাটি হৈছে বিভিন্ন বিলুপ্তিৰ পথত থকা চৰাইপ্ৰজাতিৰ আবাসস্থল। Bird watchers বা চৰাই অনুৰাগীসকলৰ বাবে বগামাটি স্বৰ্গৰ দৰে। চিৰিকতি, ধনেশ, নীলকণ্ঠ আদি বহু ধৰণৰ চৰাই দেখা পোৱা যায় ইয়াত।

আঞ্চলিক খাদ্যৰ স্বাদ

বগামাটিৰ বগৰীৰ প্ৰসিদ্ধতা আন এক স্তৰত আছে। স্থানীয় জনজাতি খাদ্য যেনে গাহৰি মাংস পোৰা, টেঙা-জোল, লাল চাই, ভোজপাটত ৰন্ধা মাছ আদিৰো স্বাদ লব পৰা যায় ইয়াত। এই স্থানটো কেৱল ভ্ৰমণ নহয়, খাদ্যচাৰো এক উৎসৱ।

সৰ্বোত্তম সময়

নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহ বগামাটি ভ্ৰমণৰ বাবে আটাইতকৈ উত্তম সময়। এই সময়ছোৱাত বতৰ সুস্থিৰ থাকে আৰু বৰনদীৰ পানী স্বচ্ছ ও নিৰ্মল হৈ থাকে।

উল্লেখযোগ্য যে এসময় বগামাটি এলাকা বিভিন্ন উগ্ৰপন্থী সংগঠনৰ আশ্ৰয়স্থল হিচাপে কুখ্যাত আছিল। সেই সময়ত ইয়াত আলফাৰ গুলী-বোমাৰ শব্দই পৰিৱেশ কঁপাই তুলিছিল। ভূটানত আলফাৰ বিৰুদ্ধে চলা 'অপাৰেচন অল ক্লিয়াৰ' সময়ছোৱাত বগামাটিৰ পৰিস্থিতি অতি আতংকময় হৈছিল।

কিন্তু বৰ্তমান, বগামাটি এক শান্ত পৰিবেশলৈ ৰূপান্তৰিত হৈছে। স্থানীয় কেইবাগৰাকীও উদ্যমী যুৱকে একত্ৰ হৈ গঠন কৰা "দাওৰাঝাৰ ইকো ট্যুৰিজম ছ’চাইটি" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এই অঞ্চলটোক নতুন ৰূপত গঢ়ি তুলিবলৈ বদ্ধ পৰিপক্ক হৈছে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.