
বেলিমাৰ লক্ষীনাথ বেজবৰুৱা ৰচিত নাট
বেলিমাৰ নাটকখন সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা এখন ঐতিহাসিক নাটক। এই নাটকখনত অসমৰ জাতীয় জীৱনৰ এক দুখৰ ইতিহাসৰ আধাৰত উপস্থাপন কৰা হৈছে। ইয়াত কোনো ব্যক্তিগত দুখৰ কাহিনী প্ৰকাশ কৰা হোৱা নাই। বেজবৰুৱাদেৱে ভাস্কৰ বৰ্মা, চক্ৰধ্বজ সিংহ আৰু ৰুদ্ৰ সিংহৰ সময়ৰ অসম কেনেকৈ ধ্বংসৰ পথত গ'ল, সেইটোৱে নাটকৰ মূল উদ্দেশ্য।
"বেলিমাৰ" নাটকৰ বিষয়বস্তু মূলত মিষ্টাৰ গেইট চাহাবৰ বুৰঞ্জী আৰু গুণাভিৰাম বৰুৱাৰ অসম বুৰঞ্জীৰ পৰা সংগ্ৰহ কৰা হৈছে। অসমৰ স্বাধীনতাৰ বেলি কি কি কাৰণত বা কেনেকৈ মাৰ যাব লগা হ’ল তাৰ বহুল ইতিহাসে নাটখনত ঠাই পাইছে।নাটকখনত মানৰ তিনিবাৰ আক্ৰমণৰ ঘটনাৰ পৰা আৰম্ভ কৰি, অসমৰ স্বাধীনতাৰ শেষ অৱস্থা পৰ্যন্ত এক বিস্তৃত বুৰঞ্জীমূলক কাহিনী নাট্যৰূপত উপস্থাপন কৰা হৈছে। বিশেষকৈ, নাটকৰ প্ৰথম তিনিখন অংকত মানৰ প্ৰথম আক্ৰমণৰ বৰ্ণনা দিয়া হৈছে, যিয়ে অসমৰ ভাগ্যৰ দিশ নিৰ্ধাৰণ কৰা এটা গুৰুত্বপূৰ্ণ পৰ্ব ৰূপে উপস্থিত হৈছে। তাৰ পাছত, নাটকৰ চতুৰ্থ আৰু পঞ্চম অংকত মানৰ দ্বিতীয় আৰু তৃতীয় আক্ৰমণৰ ঘটনাসমূহ নাট্যসৃষ্টিৰ মাধ্যমে প্ৰকাশ পায়। ফলস্বৰূপে, 'বেলিমাৰ' কেৱল এটি নাটক নহয়, ই হৈছে অসমৰ জাতীয় ইতিহাসৰ এক জীয়া কাহিনী।
নাটকখনৰ আৰম্ভণিৰ প্ৰথম তিনি অংকত চন্দ্ৰকান্ত, পূৰ্ণানন্দ, বদনচন্দ্ৰ আৰু সতৰামৰ অভিলাষ, আচৰণ, ব্যক্তিত্বগত ত্ৰুটি আৰু পৰস্পৰিক হিংসাৰ বর্ণনাৰ জৰিয়তে জাতীয় গৌৰৱৰ পতনৰ মূল কাৰণসমূহ উন্মোচিত কৰা হৈছে। চতুৰ্থ অংকত ৰুচিনাথৰ নেতৃত্বত পুৰন্দৰ সিংহৰ ৰাজগদী লাভ, চন্দ্ৰকান্তৰ ক্ষমতা হেৰুৱা আৰু তাৰ পাছত পুনৰ চৰমত অধিষ্ঠান লাভ কৰাৰ ঘটনাসমূহ মঞ্চত উজ্জ্বলভাৱে প্ৰতিফলিত হৈছে। পঞ্চম অংকত মানৰ তৃতীয়বাৰৰ আক্ৰমণৰ পেছৰ কাৰণসমূহ, চন্দ্ৰকান্তৰ কামৰূপলৈ পলায়ন, মানৰ অত্যাচাৰৰ নিদৰ্শন আৰু অন্তত ব্ৰিটিছৰ আহৰণৰ লগে লগে মানৰ পৰাভৱ দেখুওৱা হৈছে। নাটকখনত মূল ঐতিহাসিক বৰ্ণনাৰ সৈতে সংগতি ৰাখি সংযোজিত কৰা দুইটা উপ-ঘটনাই নাট্যকাহিনীত বিশেষ ৰস যোগাইছে। প্ৰিয়ৰাম আৰু গজপুৰীয়াক কেন্দ্ৰ কৰি গঢ়ি তোলা কৌতুকমূলক পৰিস্থিতিসমূহে নাটকখনত হাস্যৰস সৃষ্টি কৰিছে, আৰু শদিয়াখোৱা গোহাঁই আৰু চেনেহীৰ প্ৰেমকথাই ৰোমাণ্টিক সৌন্দৰ্যৰ মাধুৰী বিস্তাৰ কৰি নাটকখনক অধিক সুন্দৰ কৰি তুলিছিল।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments